ETV Bharat / politics

এনটিআৰক কৰা হাৰাশাস্তিৰ সময়ত কংগ্ৰেছৰ অগণতান্ত্ৰিক প্ৰচেষ্টাক প্ৰতিহত কৰিছিল ৰামোজী ৰাৱে: মোদী - Narendra Modi pays tribute to Ramoji Rao

author img

By ANI

Published : Jun 9, 2024, 7:59 PM IST

Narendra Modi on Ramoji Rao: মিডিয়া বেৰন ৰামোজী ৰাওৰ মৃত্যুত দুখ প্ৰকাশ কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৰেন্দ্ৰ মোদীয়ে ৷ ৰামোজী ৰাওৰ দেশৰ প্ৰতি থকা দৃষ্টিভংগীৰ সম্পৰ্কে আলোকপাত কৰি এটি প্ৰবন্ধও লিখিছে মোদীয়ে ৷

Narendra Modi on Ramoji Rao
Narendra Modi pays tribute to Ramoji Rao (ETV Bharat)

নিউজ ডেস্ক, 9 জুন: তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলোৱা নৰেন্দ্ৰ মোদীয়ে কয় যে পূৰ্বে কেন্দ্ৰত থকা কংগ্ৰেছৰ চৰকাৰে তেলুগু দেশম পাৰ্টীৰ প্ৰতিষ্ঠাপক এন টি ৰামা ৰাওক হাৰাশাস্তি কৰাৰ লগতে 1980 চনত তেওঁৰ চৰকাৰক “আনুষ্ঠানিকভাৱে” বৰ্খাস্ত কৰাৰ ‘অগণতান্ত্ৰিক’ প্ৰচেষ্টাক প্ৰতিহত কৰিছিল মিডিয়া বেৰন ৰামোজী ৰাৱে ।

"ৰামোজী ৰাও গণতান্ত্ৰিক নীতিৰ প্ৰতি দৃঢ় বিশ্বাসী আছিল আৰু এই যুঁজাৰু মনোভাৱ বেছিকৈ দেখা গৈছিল যেতিয়া কংগ্ৰেছে এনটিআৰক হাৰাশাস্তি কৰিছিল আৰু তেওঁৰ চৰকাৰক আনুষ্ঠানিকভাৱে বৰ্খাস্ত কৰিছিল । সেই সময়ত কেন্দ্ৰ আৰু অন্ধ্ৰপ্ৰদেশত কংগ্ৰেছৰ ক্ষমতা আছিল, কিন্তু তেওঁ ভয় খোৱা ধৰণৰ মানুহ নাছিল । এই অগণতান্ত্ৰিক প্ৰচেষ্টাক তেওঁ শক্তিশালীভাৱে প্ৰতিহত কৰিছিল ।’’ দেওবাৰে হায়দৰাবাদত শেষকৃত্য সম্পন্ন হোৱা ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰি ঈনাডুত প্ৰকাশিত এটা প্ৰবন্ধত মোদীয়ে এইদৰে কয় । মোদীয়ে তেওঁৰ লেখাৰ ইংৰাজী সংস্কৰণ নিজৰ ৱেবছাইটত পোষ্ট কৰে ।

লগতে পঢ়ক: স্মৃতি বনমত পদচিহ্ন ৰৈ গ’ল ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ - Ramoji Rao passes away

মোদীয়ে কয় যে তেওঁৰ পেছাদাৰী কৃতিত্বৰ বাহিৰেও ৰামোজী ৰাও ভাৰতৰ উন্নয়নৰ প্ৰতি আবেগিক আছিল । তেওঁৰ এই প্ৰচেষ্টা সংবাদ ক্ষেত্ৰৰ উপৰিও শৈক্ষিক, ব্যৱসায়িক আৰু সামাজিক বিষয়ত ব্যাপকভাৱে প্ৰভাৱ পেলাইছিল । উল্লেখ্য যে, কেন্দ্ৰ আৰু অন্ধ্ৰপ্ৰদেশত শীঘ্ৰে গঠন হ’ব লগা এন ডি এ চৰকাৰে ৰামোজী ৰাওৰ দেশ আৰু সমাজৰ প্ৰতি থকা দৃষ্টিভংগী পূৰণৰ বাবে কাম কৰি যাব বুলি কয় ।

"মই নিশ্চিত যে মোৰ বন্ধু চন্দ্ৰবাবু নাইডু গাৰুৰ নেতৃত্বত আমাৰ চৰকাৰে শপত গ্ৰহণ কৰা দেখাহেঁতেন তেওঁ সুখী হ’লহেঁতেন ৷ সেয়া কেন্দ্ৰতেই হওক বা অন্ধ্ৰপ্ৰদেশতেই হওক । বন্ধু চন্দ্ৰবাবু নাইডু গাৰুৰ নেতৃত্বত আমাৰ দেশ আৰু সমাজৰ প্ৰতি থকা ৰামোজী ৰাওৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত আমি কাম কৰি যাম ।’’ মোদীয়ে কয় ।

মোদীয়ে আৰু কয়, ‘‘ৰাওৰ সৈতে থকা আমাৰ সম্পৰ্ক ঘনিষ্ঠ স্বৰূপ বিবেচনা কৰিলে তেওঁ মৃত্যুত হোৱা ক্ষতি “অতি ব্যক্তিগত” বুলি অনুভৱ হয় ।’’

লগতে পঢ়ক: ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় ৰামোজী ৰাওক; অতীত সুঁৱৰি নষ্টালজিক টিডিপি চন্দ্ৰবাবু নাইডু - Last journey of Ramoji Rao

‘‘বিগত দিনকেইটাত ৰাজনীতি আৰু সংবাদ মাধ্যমৰ জগতখনত থকা সকলৰ অতি ব্যস্ত হৈ পৰিছে । লোকসভা নিৰ্বাচন মাত্ৰ সমাপ্ত হৈছে আৰু এতিয়া আমি একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে আগবাঢ়িছোঁ । এনে এটা সময়ত ৰামোজী ৰাও গাৰুৰ বিয়োগৰ বেদনাদায়ক খবৰ পালো । আমাৰ পাৰস্পৰিক সম্পৰ্কৰ ঘনিষ্ঠতা বিবেচনা কৰিলে এই ক্ষতি অত্যন্ত ব্যক্তিগত ক্ষতি যেন অনুভৱ হয় ।’’ মোদীয়ে কয় ৷

"যেতিয়া মই ৰামোজী ৰাও গাৰুৰ কথা ভাবো, তেতিয়া মোৰ মনত পৰে এজন বহুমুখী ব্যক্তি, যাৰ উজ্জ্বলতাৰ সৈতে কোনো সমান্তৰাল নাছিল । তেওঁ কৃষক পৰিয়ালৰ পৰা আহিছিল আৰু আগবাঢ়ি গৈছিল ৷ বিভিন্ন জগতত- চিনেমা, মনোৰঞ্জন, সংবাদ মাধ্যম, কৃষি, শিক্ষা আৰু শাসন ব্যৱস্থাত তেওঁৰ ভূমিকা অপৰিসীম । কিন্তু তেওঁৰ সমগ্ৰ জীৱন যাত্ৰাত যিটো সাধাৰণ আছিল সেয়া হৈছে তেওঁৰ নম্ৰতা আৰু তৃণমূল পৰ্যায়ৰ সৈতে সংযোগ ৷ এই বৈশিষ্ট্যসমূহে তেওঁক মানুহৰ মাজত প্ৰিয় কৰি তুলিছিল ।’’ নৰেন্দ্ৰ মোদীয়ে কয় ৷

লগতে পঢ়ক: ৰামোজী ৰাও : ছপা, বৈদ্যুতিন আৰু ডিজিটেল মিডিয়াত বিপ্লৱ ঘটোৱা এগৰাকী সংবাদ সম্ৰাট - Ramoji Rao passes away

মোদীয়ে আৰু কয় যে ৰামোজী ৰাৱে সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন আনিলে । তেওঁ সততা, উদ্ভাৱন আৰু উৎকৃষ্টতাৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছিল । সময়ৰ লগে লগে তেওঁ আগবাঢ়িছিল । যি সময়ত বাতৰি কাকত সংবাদ মাধ্যমৰ ভিতৰত আটাইতকৈ প্ৰচলিত উৎস আছিল সেই সময়ত তেওঁ ঈনাডু আৰম্ভ কৰিছিল বুলি মোদীয়ে কয় ।

"1990 চনত যেতিয়া ভাৰতে টিভিৰ জগতখনক আঁকোৱালি লৈছিল, তেতিয়া তেওঁ ইটিভিৰ জৰিয়তে নিৰ্দিষ্ট স্থানৰ পৰা উত্থান ঘটাইছিল । অতেলুগু ভাষাতো চেনেল আৰম্ভৰ পথত খোজ দি তেওঁ 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ মনোভাৱ বৃদ্ধিৰ বাবে উল্লেখযোগ্য দায়বদ্ধতা দেখুৱাইছিল ।" মোদীয়ে কয় ।

মোদীয়ে তেওঁৰ লেখাৰ সামৰণি মাৰি কয়, "ৰামোজী ৰাও গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী, আৰু অগণন অনুৰাগীলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ । ৰামোজী ৰাও গাৰু চিৰদিনৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব ।"

লগতে পঢ়ক: ৰামোজী ৰাও : চিনেমেটিক দূৰদৰ্শিতা আৰু ঊষা কিৰণ মুভিজৰ সফলতা - Ramoji Rao Passes Away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.