ETV Bharat / politics

ভাৰতীয় জনতা যুৱ মৰ্চাৰ নতুন ৰাজ্যিক সভাপতি ৰাকেশ দাস - BJYM Assam

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 5:41 PM IST

Bharatiya Janata Yuva Morcha Assam : সিদ্ধাংকু অংকুৰ বৰুৱাৰ ঠাইত দায়িত্ব দিয়া হ’ল ৰাকেশ দাসক ৷ দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ৰাকেস দাসক দায়িত্ব অৰ্পণ কৰে ৷

Bharatiya Janata Yuva Morcha Assam
ভাৰতীয় জনতা যুৱ মৰ্চাৰ নতুন ৰাজ্যিক সভাপতি ৰাকেশ দাস (ETV Bharat Assam)

গুৱাহাটী, ২১ জুলাই : অৱশেষত নিযুক্তি দিয়া হ’ল ভাৰতীয় জনতা যুৱ মৰ্চাৰ নতুন ৰাজ্যিক সভাপতি ৷ ৰাকেশ দাসক বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে আজি নিযুক্তি দিয়া হয় ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সম্পাদক আছিল ৰাকেশ দাস ৷ দেওবাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে । সিদ্ধাংকু অংকুৰ বৰুৱাৰ ঠাইত সভাপতিৰূপে ৰাকেশ দাসক দায়িত্ব দিয়া হৈছে । উল্লেখ্য যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব কাক দিব তাক লৈ ব্যাপক চৰ্চা চলি আছিল আৰু কেবাজনৰো নাম চৰ্চাত আছিল । ইয়াৰ ভিতৰত ৰাকেশ দাসৰ নামটোও চৰ্চাত আছিল ।

ছাত্ৰনেতা হিচাপে বিশেষভাৱে পৰিচিত ৰাকেশ দাসক অৱশেষত এই গুৰু দায়িত্ব দিয়া হয় । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব বহন কৰা ৰাকেশ দাসে ৰাজ্যিক সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল । ছাত্ৰনেতা হিচাপে সবল নেতৃত্ব দিয়া ৰাকেশ দাসে শাসকীয় দলটোৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে একেই দৃঢ়তাৰে কাম কৰি সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিব বুলি দলীয় নেতৃত্বই আশা প্ৰকাশ কৰিছে ।

অসম বিধানসবাৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাকেশ দাসক দলে যথেষ্ট গুৰুত্বপূৰ্ণ দায়িত্ব দিছে । ইফালে যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভৰ পিচতে সামাজিক মাধ্যমযোগে বিভিন্নজনে ৰাকেশ দাসক শুভেচ্ছা জ্ঞাপন কৰিছে । উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ৰাকেশ দাসক যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়াৰ কথা সদৰী কৰিছে ।

লগতে পঢ়ক : বিজেপিত একো পদবীয়েই স্থায়ী নহয় : সিদ্ধাংকু অংকুৰ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.