গুৱাহাটী, ১8 মাৰ্চ : আজি অসমলৈ আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । নিৰ্বাচনকেন্দ্ৰিক দলীয় অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী ৷ বিজেপিৰ প্ৰাৰ্থীৰ হৈ নহয়, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে । নিৰ্বাচনমুখৰ পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণৰ পিচতে শীঘ্ৰেই অসমলৈ আহিব বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷
বৃহস্পতিবাৰে দুটাকৈ দলীয় কাৰ্যসূচী লৈ অসমলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকী । বৰপেটা আৰু কোকৰাঝাৰত তেওঁ দুখনকৈ সভাত অংশগ্ৰহণ কৰিব । ৰাজনাথ সিঙৰ ভ্ৰমণক লৈ বৰপেটা আৰু কোকৰাঝাৰত পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপি আৰু মিত্ৰজোঁটৰ কৰ্মীসকলে । ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শাসকীয় মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকলে ৷
স্পষ্ট যে অসম বিজেপিয়ে এতিয়া ৰাজ্যৰ ১৪ খন লোকসভাৰ আসন আটাইকেইখন আসন দখল কৰিবলৈ চেষ্টা চলাইছে । উল্লেখযোগ্য যে ৰাজনাথ সিঙে যি দুটা সমষ্টিত নিৰ্বাচনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সেই দুয়োখন আসনতেই বিজেপিয়ে নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই ।
তেওঁ জনসভাত অংশগ্ৰহণ কৰিবলগীয়া কোকৰাঝাৰ সমষ্টিটো এৰি দিছে ইউপিপিএলক আৰু বৰপেটা সমষ্টিটো এৰি দিছে মিত্ৰদল অসম গণ পৰিষদক ৷ কোকৰাঝাৰত ইউপিপিএল দলে জয়ন্ত বসুমতাৰীক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে বৰপেটা সমষ্টিত প্ৰাৰ্থী অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী ।
কেৱল ৰাজনাথ সিঙেই নহয় ৷ অসমৰ মুঠ ১৪ টা লোকসভা সমষ্টিতেই নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব ৰাজনাথ সিঙৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে ধৰি বিজেপিৰ বহুকেইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ নেতা ।
লগতে পঢ়ক:১৪ মাৰ্চত বৰপেটালৈ আহিব ৰাজনাথ সিং