ETV Bharat / politics

২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ অখিল গগৈৰ ৰণচালি; লক্ষ্য ২০ খন আসন দখল - RAIJOR DAL PRESIDENT AKHIL GOGOI

এঘড়ী যুঁজাৰ পণ লৈছে অখিল গগৈয়ে ৷ একালৰ বিপিএফৰ দৰে ২০২৬ ত কিংমেকাৰ হোৱাৰ সপোন দেখিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷

Raijor Dal president Akhil Gogoi
অখিল গগৈৰ ৰণচালি (@AkhilGogoiAG)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 11:29 AM IST

গুৱাহাটী: “আমাক ২০ জন বিধায়ক দিয়ক, আমি আপোনালোকক নতুন অসম দিম ৷’’ বুধবাৰে অসমবাসীৰ প্ৰতি ৰাইজৰ দলৰ বিধায়ক তথা সভাপতি অখিল গগৈৰ আহ্বান এয়া । ২০২৬ ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ৰণচালি ধৰিছে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলে ৷ ২০২৬ ত অখিল গগৈৰ লক্ষ্য ২০ খন বিধানসভা আসন ৰাইজৰ দলৰ দখললৈ অনা ।

অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ ধাৰাবাহিকভাৱে জনসভাত অংশগ্ৰহণ কৰাৰ লগতে দলৰ আন্তঃগাঁথনি শক্তিশালী কৰাত ব্যস্ত অখিল গগৈ ৷ প্ৰায় প্ৰতিখন সভাতেই বিজেপি-হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক অখিল গগৈয়ে কঠোৰ সমালোচনা কৰা দেখা গৈছে । তাৰ মাজে মাজে কংগ্ৰেছ দল আৰু গৌৰৱ গগৈকো সমালোচনা ।

ইতিমধ্যেই অখিল গগৈৰ ঘোষণা- “২০২৬ত ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ হ’লে কোনেও ৰাইজৰ দলৰ সহযোগিতা অবিহনে চৰকাৰ গঠন কৰিব নোৱাৰিব ৷”

লগতে পঢ়ক: অখিল গগৈয়ে জাতীয় পৰিষদক গ্ৰাস কৰিব ! ৰাইজৰ দল-অজাপ একত্ৰিত হোৱাত বাধা ক'ত ?

বুধবাৰে অখিল গগৈয়ে মুকলিকৈ ঘোষণা কৰে যে ৰাইজৰ দলে ২০২৬ ত মুঠ ২০ খন আসনত জয়লাভৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । ৰাজহুৱা সভাত অখিল গগৈৰ জনতালৈ আহ্বান- ‘‘সাম্প্ৰদায়িকতা মুক্ত অসম এখন লাগে, ২০২৬ৰ আমাৰ সপোন ৷’’ আমাক ২০জন বিধায়ক দিয়ক, আমি আপোনালোকক নতুন অসম দিম ৷ ৰঙা নদীসমষ্টিৰ পৰা ৰাইজৰ দলক এজন বিধায়ক আমাক উপহাৰ দিয়ক ৷ আমি এখন নতুন ৰঙানদী উপহাৰ দিম ৷’’

বুধবাৰে লখিমপুৰৰ ৰঙানদী বিধানসভা সমষ্টিৰ চিলনীবাৰী বজাৰ খেলপথাৰত ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত উপস্থিত হৈ অখিল গগৈয়ে কৰে এই গুৰুত্বপূৰ্ণ মন্তব্য ।

লগতে পঢ়ক: দিবাং ভেলীৰ নদীবান্ধে ধ্বংসলীলা চলাব শদিয়াৰ পৰা কাজিৰঙালৈকে: অখিল গগৈ

উল্লেখযোগ্য যে বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে লখিমপুৰ জিলাৰ ৰঙানদী আৰু নাওবৈচা সমষ্টিত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰাৰ উপৰিও লখিমপুৰ সমষ্টিতো এখন জনসভাত অংশগ্ৰহণ কৰে । নাওবৈচা সমষ্টিতো ৰাইজৰ দলৰ প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰে অখিল গগৈয়ে ।

এক কথাত বুধবাৰৰ দিনটোত অখিল গগৈৰ জনসভাৰ পৰা এটা কথা স্পষ্ট হ’ল ২০২৬ ত বাৰুকৈয়ে এঘড়ী যুঁজিবলৈ সাজু হৈছে অখিল গগৈ আৰু ৰাইজৰ দল ।

লগতে পঢ়ক: খং-অভিমান সামৰি পুনৰ কংগ্ৰেছৰে মিত্ৰতা কৰিব নেকি অসম জাতীয় পৰিষদে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.