ETV Bharat / politics

ৱায়ানাড এৰাৰ সিদ্ধান্ত ৰাহুলৰ : উপ-নিৰ্বাচনত থিয় দিব প্ৰিয়ংকা - Rahul Gandhi to vacate Wayanad - RAHUL GANDHI TO VACATE WAYANAD

Rahul Gandhi: ৰায়বৰেলীক নিজৰ লগত ৰাখি ৱায়ানাডক বিদায় দিয়াৰ সিদ্ধান্ত ল’লে ৰাহুলে ৷ এই সমষ্টিৰ পৰা 2019 ৰ পিচত 2024 ত দ্বিতীয়বাৰলৈ নিৰ্বাচিত হৈছিল ৰাহুল ৷

Rahul Gandhi
RAHUL GANDHI TO VACATE WAYANAD (IANS)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 7:56 PM IST

নিউজ ডেস্ক, 17 জুন: অৱশেষত সিদ্ধান্ত ল’লে ৰাহুল গান্ধীয়ে ৷ ৱায়ানাডক বিদায় দি সদনত ৰায়বৰেলীক প্ৰতিনিধিত্ব কৰিব ৰাহুলে ৷ চলিত নিৰ্বাচনত দুয়োটা সমষ্টিৰ পৰাই নিৰ্বাচিত হৈ আহিছিল ৰাহুল গান্ধী ৷ কিন্তু এতিয়া তেওঁ বিধি অনুসৰি এখন আসন বাদ দিব লাগিব আৰু সেই আসনখন হ’ব কেৰালাৰ ৱায়ানাড ৷ য’ৰ পৰা তেওঁ 2019 চনৰ নিৰ্বাচনতো জয়ী হৈছিল ৷ ৰাহুল গান্ধীয়ে ৱায়ানাড সমষ্টি এৰি দিয়াৰ পিচতে তাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু প্ৰিয়ংকা গান্ধীয়ে এইবাৰ নিৰ্বাচন খেলিবলৈ ওলাইছে ৱায়নাডৰ পৰা ৷

সোমবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলটোৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত আলোচনাত মিলিত হোৱাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: ৱায়নাড নে ৰায়বৰেলী ? দোধোৰ-মোধোৰত ৰাহুল গান্ধী - Rahul Gandhi Visit Wayanad

এই বৈঠকত ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলপতিৰ পদ গ্ৰহণ কৰিব নে নকৰে সেই বিষয়েও আলোচনা কৰা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে । আলোচনাৰ সময়ত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, দলৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা উপস্থিত থাকে ।

সূত্ৰসমূহে জনোৱা মতে, ৰাহুল গান্ধীয়ে কোনখন আসন খালী কৰিব, কোনখন আসন লগত ৰাখিব আৰু বিৰোধী দলৰ নেতাৰ পদ ল’বনে নাই সেই সন্দৰ্ভত নেতাসকলে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ।

লগতে পঢ়ক: ৰাহুল গান্ধীক বিৰোধী দলৰ নেতাৰ ভূমিকা ল'বলৈ আহ্বান চি ডব্লিউ চিৰ : বেণুগোপাল - Congress Working Committee

ৰাহুল গান্ধীয়ে ৱায়নাড আৰু ৰায়বৰেলী দুয়োটা লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল আৰু 4 জুনত ওলোৱা লোকসভাৰ ফলাফলৰ 14 দিনৰ ভিতৰত এখন আসন খালী কৰিব লাগিব ।

দলটোৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কংগ্ৰেছ ৱৰ্কিং কমিটীয়েও ৰাহুল গান্ধীক লোকসভাত বিৰোধী দলপতিৰ পদ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ এই সন্দৰ্ভত 8 জুনত কংগ্ৰেছ কাৰ্যকৰী কমিটীৰ অন্তিমখন বৈঠকত এই সন্দৰ্ভত প্ৰস্তাৱ গৃহীত হৈছিল ।

বেণুগোপালে কৈছিল যে কংগ্ৰেছ কাৰ্যকৰী কমিটীয়ে ৰাহুল গান্ধীক এই পদৰ বাবে “তেওঁ শ্ৰেষ্ঠ ব্যক্তি” বুলি এই পদ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক: ৰায়বৰেলী নে ৱায়ানাড ? ৰাহুল গান্ধীয়ে কাৰ সৈতে থাকি কাক এৰিব ... - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.