ETV Bharat / politics

কোনে গ্ৰেপ্তাৰ কৰিছিল হিমন্ত বিশ্ব শৰ্মাক ?

কংগ্ৰেছ-বিজেপিৰ মাজত তীব্ৰ সংঘাত । আৰক্ষীক সকীয়ালে কংগ্ৰেছে ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Samaguri By Election
আৰক্ষীক সকীয়ালে কংগ্ৰেছে (ETV Bharat Assam)

নগাঁও: চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনে এইবাৰ উত্তাল কৰি তুলিলে ৰূপহীহাট । ৰূপহীহাট আৰক্ষী থানাৰ এলেকাধীন শিঙিমাৰীত যোৱা ১৫ অক্টোবৰত কংগ্ৰেছ নেতা-কৰ্মীৰ বাহনত সংঘটিত আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে শনিবাৰে ৰূপহীহাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ।

নগাঁও আৰক্ষীক সকীয়নি

ৰূপহীহাট ৰাজীৱ ভৱনৰ সন্মুখত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও আৰক্ষীকো একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও বহুকেইটা বিস্ফোৰক মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাৰ ইতিহাস বৰ্ণনা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বশিষ্ঠ আৰক্ষী থানাৰ এগৰাকী উপ-পৰিদৰ্শকে গ্ৰেপ্তাৰ কৰাৰ পাছৰ পৰাহে হিমন্ত বিশ্ব শৰ্মাক ৰাইজে চিনি পোৱা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । তেওঁ হিমন্ত বিশ্ব শৰ্মা সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী বুলিও আন এক মন্তব্য কৰি আলফাৰ পৰা মুখ্যমন্ত্ৰী হোৱা বুলিও কটাক্ষ কৰে ।

হিমন্ত বিশ্ব শৰ্মা আলফা আছিল

এসময়ত হিমন্ত বিশ্ব শৰ্মা আলফা আছিল বুলিও ৰাজহুৱা ভাষণত উল্লেখ কৰি ভূপেন বৰাই কয়, " হিমন্ত বিশ্ব শৰ্মাই হাতত মাৰণাস্ত্ৰ লৈ আলফা কৰিবলৈ গৈছিল,তাৰ পৰা আহি ভৃগু ফুকনৰ ঘনিষ্ঠ হ'ল,পৰৱৰ্তী সময়ত প্ৰফুল্ল কুমাৰ মহন্ত আৰু হিতেশ্বৰ শইকীয়া আৰু সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হৈ তাৰ পৰৱৰ্তী সময়ত সোণোৱালকে লেং মাৰি আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হৈছে ।"

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰা নাই বুলিও কয় ভূপেন বৰাই । সৰ্বানন্দ সোণোৱালৰ ফটো চাই অসমৰ ৰাইজে বিজেপিক ভোটদান কৰিছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাই পিছদুৱাৰেদি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছে বুলিও কটাক্ষ কৰে ভূপেন বৰাই ।

২০২৬ চনৰ মে'ত ৰাজভৱনত অসমত কংগ্ৰেছ চৰকাৰে শপত গ্ৰহণ কৰিব বুলিও উল্লেখ কৰি আৰক্ষীক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে । ইপিনে,চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি বিচাৰি ভূপেন বৰাই হুংকাৰ দিয়ে । আৰক্ষীয়ে নিৰাপত্তা দিব নোৱাৰিলে কংগ্ৰেছ কৰ্মীৰ নিৰাপত্তা কংগ্ৰেছ কৰ্মীয়ে নিজেই কৰিব । বিজেপি কৰ্মীৰ প্ৰথমটো শিলগুটি নিজে মূৰ পাতি ল'বলৈ সাজু বুলিও মন্তব্য় কৰে ভূপেন বৰাই।

উল্লেখ্য় যে কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাত জড়িত ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জামিন দিয়াৰ কথাও উল্লেখ কৰি পৰৱৰ্তী সময়ত অধিক তদন্তৰ প্ৰতিশ্ৰুতি আৰক্ষীয়ে প্ৰদান কৰাত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে কংগ্ৰেছ নেতৃত্বই । ইপিনে, বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী বিৰোধী ঐক্যৰ আলোচনা মৰ্মেই চূড়ান্ত কৰাৰ কথাও ভূপেন বৰাই উল্লেখ কৰে ।

শনিবাৰে ৰূপহীহাটত কংগ্ৰেছে ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ, শিবামণি বৰা, আছিফ নাজাৰ, নুৰুল হুদাসহ কেইবাগৰাকী কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

প্ৰতিটো নিৰ্বাচনতে চামগুৰিত নিৰ্বাচনী হিংসা কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.