লখিমপুৰ, ২ মাৰ্চ: সাংসদ প্ৰদান বৰুৱাক প্ৰাৰ্থিত্ব প্ৰদানত লখিমপুৰত আবতৰীয়া দেৱালী । আতচবাজী কৰি উল্লাস প্ৰদৰ্শন কৰিলে দলীয় কৰ্মীয়ে । শনিবাৰে সন্ধিয়া বিজেপিৰ প্ৰাৰ্থী তালিকা প্রকাশ হোৱাৰ পিচতেই লখিমপুৰত দলীয় কৰ্মীৰ মাজত আনন্দৰ জোৱাৰ উঠে । এই তালিকাত ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰদান বৰুৱাক দলে প্ৰক্ষেপ কৰে ।
একাংশ দলীয় কৰ্মীয়ে আতচবাজী জ্বলাই আনন্দ উল্লাস প্ৰকাশ কৰে । এজনে আনজনক মিঠাই খুৱাই আনন্দত আত্মহাৰা হয় । এনে আনন্দ উল্লাসত ভাগ লয় লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই । তেওঁ দলীয় কৰ্মীৰ আনন্দ উল্লাসত ভাগ লৈ সকলোকে নিৰ্বাচনী যুঁজত জঁপিয়াই পৰি অসমৰ ভিতৰতে সৰ্বাধিক ভোটত প্ৰদান বৰুৱাক বিজয়ী কৰাবলৈ আহ্বান জনায় ।
- " class="align-text-top noRightClick twitterSection" data="">
উল্লেখ্য যে সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্রীৰ পদবী যাত্রাই প্ৰদান বৰুৱাৰ সংসদীয় যাত্রাৰ পথ প্ৰশস্ত কৰিছিল । ধেমাজি নগৰ নিবাসী প্ৰদান বৰুৱাই আঞ্চলিকতাবাদৰ বেকোচাত উঠি ৰাজনৈতিক পথাৰত নামিছিল । তেওঁ অগপৰ পৰা ১৯৯৬ চনত জোনাই সমষ্টিত প্ৰতিদ্বন্দিতা কৰি বিজয় সাব্যস্ত কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ কংগ্রেছত যোগদান কৰে আৰু সেই একেটা সমষ্টিতে ২০০১ আৰু ২০০৬ চনৰ নিৰ্বাচনত বিজয়ী হৈ দুটাকৈ কাৰ্যকালো সমষ্টিটোত দখল অব্যাহত ৰাখে । পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰে । বিজেপিৰ পৰা তেওঁ ২০১১ চনত ধেমাজি সমষ্টিত জয়লাভ কৰে ।
তেওঁ সংসদীয় ৰাজনীতিত খোজ দিয়ে ২০১৬ চনত । ২০১৪ চনত লখিমপুৰ লোকসভা সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱাল বিপুল ভোটত জয়ী হয় । উল্লেখযোগ্য যে ২০১৬ চনত হোৱা বিধানসভাৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে মাজুলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয় । ফলত ২০১৬ চনত লখিমপুৰ লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হয় । এই উপ-নিৰ্বাচনত প্ৰদান বৰুৱাই বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয় । পৰৱৰ্তী ২০১৯ চনত লোকসভা নিৰ্বাচনত পুনৰ প্ৰদান বৰুৱাই বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:চৌধুৰী-শুক্লবৈদ্যই এৰি যাব খোজা নাই আপোন মানুহখিনিক