ETV Bharat / politics

জনতাৰ সমস্যাক লৈ কাৰো কোনো কথা নাই; প্ৰচাৰৰ নামত কেৱল বোকা ছটিওৱাৰ ৰাজনীতি - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

Politics of fooling: নিৰ্বাচনী প্ৰচাৰৰ নামত শাসক-বিৰোধী উভয়ে অৱতীৰ্ণ হৈছে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰাৰ প্ৰতিযোগিতাত। ৰাইজৰ সমস্যা তথা অভাৱ-অভিযোগক লৈ কোনো গুৰুত্ব নাই নেতাসকলৰ । প্ৰায় সংখ্যক নেতাৰে মুখতে কেৱল তৰল মন্তব্য । প্ৰতিপক্ষক সমালোচনা কৰাই যেন বৰ্তমান সময়ৰ নিৰ্বাচনী প্ৰচাৰ । নিৰ্বাচনৰ নামত সকলো ব্যস্ত মুখ-চুপতিত। বহুজনে ৰস লৈছে নেতাৰ মুখৰোচক কথাৰ ।

Lok Sabha election 2024
Politics of fooling
author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 10:32 PM IST

গুৱাহাটী,৩ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে বৃদ্ধি পাইছে বোকা ছটিওৱাৰ ৰাজনীতি । নিৰ্বাচনী প্ৰচাৰৰ নামত শাসক-বিৰোধী উভয়ে যেন পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ।

উল্লেখ্য যে তিনিটা পৰ্যায়ত অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ১৯ এপ্ৰিলত পাঁচটা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । যাৰ বাবে এতিয়া সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নির্বাচনী প্ৰচাৰ । এই প্ৰচাৰসমূহত নেতাৰ মুখত নানা কথা শুনিবলৈ পোৱা হৈছে । কিন্তু এই কথাবোৰৰ মাজত জনতাৰ সমস্যাৰ কোনো স্থান নাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

অৱশ্যে বিৰোধীয়ে জনতাৰ সমস্যাৰ কথা চৰ্চালৈ আনে যদিও শাসকীয় পক্ষক সমালোচনা কৰাৰ বাবেহে প্ৰয়োগ কৰে । ভোটৰ স্বাৰ্থত নেতা তথা প্ৰাৰ্থী সকল ৰাইজৰ কাষলৈ গৈছে যদিও ৰাইজৰ সমস্যা তথা অভাৱ-অভিযোগক লৈ তেওঁলোকৰ বিশেষ কোনো গুৰুত্ব নাই । ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহৰ কথা কোনো নেতাৰে মুখত সবলভাৱে ওলোৱা নাই ।

ইয়াৰ বিপৰীতে প্ৰায় সংখ্যক নেতাৰে মুখতে কেৱল তৰল মন্তব্য । পৰস্পৰে পৰস্পৰক সমালোচনা কৰাই যেন বৰ্তমান সময়ৰ নিৰ্বাচনী প্ৰচাৰ । কোনোৱে যদি প্রতিপক্ষ জিকিলে হাত কাটি দিম বুলি উচ্চ-বাচ্য কৰিছে আন কোনোৱে আকৌ বিৰোধী প্রার্থী জয়ী হ'লে ইচ্ছা মৃত্যুবৰণ কৰিব বুলি ঘোষণা কৰিছে । মুঠৰ ওপৰত প্ৰকৃত বিষয়সমূহৰ পৰা বহু দূৰৈত অৱস্থান কৰিছে ৰাজনৈতিক নেতা তথা প্ৰাৰ্থীসকলে ।

এশ-এবুৰি সমস্যাৰে জৰ্জৰিত ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহ যেন এতিয়া পাহৰণিৰ গৰ্ভত । বাক-চাতুৰ্যতাৰে কোনে কাক ধৰাশায়ী কৰিব পাৰে তাৰেই যেন এতিয়া চলিছে প্ৰতিযোগিতা । মুখ্যমন্ত্রীৰ পৰা আৰম্ভ কৰি শাসকীয় দলৰ নেতা-মন্ত্রীকে ধৰি সকলোৱে এতিয়া বিৰোধী শিবিৰক আক্ৰমণৰ লক্ষ্য কৰি মন্তব্য কৰা পৰিলক্ষিত হৈছে । একেদৰে বিৰোধী শিবিৰেও শাসকীয় দলকে টাৰ্গেট কৰি মন্তব্য কৰি আহিছে ।

সৌ সিদিনা বৰপেটাৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ জয়ী হ'লে তেওঁ হেনো ইচ্ছা মৃত্যু বৰণ কৰিব লাগিব বুলি মন্তব্য কৰিছিল । সেইদৰে মন্ত্রী ৰণজিৎ কুমাৰ দাসে আকৌ মনোৰঞ্জন তালুকদাৰ জয়ী হ'লে তেওঁ হেনো নিজৰ হাত এখনকে কাটি পেলাব বুলি মন্তব্য কৰিছিল । মুঠতে নিৰ্বাচনৰ নামত সকলো ব্যস্ত মুখ-চুপতিত ।

ইফালে ধুবুৰীৰ এ আই ইউ ডি এফৰ প্রার্থী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ মাজতো বাকযুদ্ধ চৰম পৰ্যায়ত উপনীত হৈছে । সাংসদ আজমলে ৰকিবুল হুছেইনক আক্ৰমণ কৰিবলৈ গৈ ৰকিবুল হুছেইনৰ শক্তি নাই বাবে এটা সন্তান জন্ম দিয়া বুলি অতি নিৰ্লজ্জ মন্তব্য কৰিছে । লগতে আমাৰ শক্তি আছে বাবে সাতটা সন্তান জন্ম দিছোঁ বুলিও মন্তব্য কৰিছে সাংসদ আজমলে ।

ইয়াৰ প্ৰত্যুত্তৰত ৰকিবুল হুছেইনে এতিয়া মানুহ ৰক্ষা কৰাৰ প্ৰতিযোগিতাত নামিব লাগে নে সন্তান জন্ম দিয়াৰ প্ৰতিযোগিতাত নামিব লাগে বুলি মন্তব্য কৰে । ৰকিবুল হুছেইনে আজমলক শক্তি সন্তান জন্ম দিয়াৰ পৰিৱৰ্তে আন কামত ব্যৱহাৰ কৰাৰ বাবে আহ্বান জনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে । দুয়োজন নেতাই আনকি ৰোজা ৰখা, নামাজ পঢ়াক লৈও মুখ চুপতি আৰম্ভ কৰিছে ।

ইফালে যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈ আৰু কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ মাজতো দিনক দিনে আক্ৰমণ-প্ৰত্যাক্ৰমণ বৃদ্ধি পাইছে । গৌৰৱ গগৈৰ মতে ৰাইজ ওলাই আহিছে যেতিয়া জয় নিশ্চিত । কিন্তু তপন গগৈৰ দাবী যে গৌৰৱ গগৈৰ মুখ চাই নহয় নৰেন্দ্ৰ মোদীৰ মুখ চাইহে ৰাইজে ভোট দিব ।

একেদৰে কাজিৰঙা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ ৰ'জলীনা তিৰ্কীৰ মাজতো কথাৰ কটা-কটি আৰম্ভ হৈছে । কামাখ্যা প্ৰসাদ তাছাই প্ৰকাশ কৰিছে যে চাহ জনগোষ্ঠীৰ বাবে ৰ'জলীনা তিৰ্কী বা কংগ্ৰেছে কি কৰিলে সেয়া দেখুৱাই দিয়ক । এনেয়ে ভোট বিচাৰিলে নহ'ব আৰু ৰাইজে মুখ চাই ভোট নিদিয়ে কাম চাইহে দিব । ইফালে কংগ্ৰেছৰ প্রার্থী তিৰ্কীৰ মতে কামাখ্যা প্রসাদ তাছাই ৰাজ্যসভাতে কাম কৰক । তেওঁ ৰাজ্যসভাৰহে মানুহ। কথাৰে নহয় চাহ বাগিচাৰ মানুহে কামহে বিচাৰে বুলি তেওঁ মন্তব্য কৰে ।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনতাক প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা এইসকল নেতাৰ পৰা ৰাইজে এনেধৰণৰ মন্তব্য কেতিয়াও কামনা নকৰে । অৱশ্যে নেতাৰ এনে ধৰণৰ মুখৰোচক মন্তব্যক বহুতে উপভোগ কৰে । লক্ষণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মায়ো নির্বাচনী প্ৰচাৰৰ সময়ত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰকিবুল হুছেইন আদি নেতাৰ লগতে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ব্যক্তিগতভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।

প্ৰায় প্ৰতিদিনেই মুখ্যমন্ত্ৰীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি আহিছে । ইফালে ৰকিবুল হুছেইনৰ বাবেই কাজিৰঙাত গড় হত্যা হৈছিল বুলিও প্ৰকাশ কৰি আহিছে । আনহাতে নিৰ্বাচনৰ পূৰ্বেই বদৰুদ্দিন আজমলকো বিয়া পতাৰ পৰামৰ্শ দিছে মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্ৰীৰ এনে আক্ৰমণৰ প্রত্যুত্তৰ নিদিয়াকৈ থকা নাই বিৰোধী নেতাসকলে ।

মুঠৰ ওপৰত এইবাৰৰ নিৰ্বাচনত ৰাজ্যৰ জ্বলন্ত সমস্যাবোৰতকৈ অধিক প্রাধান্য লাভ কৰিছে টুলুঙা কথা আৰু মুখ চুপতিয়েহে । অৱশ্যে ৰাজনৈতিক নেতাসকলৰ এনে কথাত বহুতে ৰস পায় । নিৰ্বাচনৰ সময়ত প্ৰতিপক্ষক জনমানসত হেয় প্ৰতিপন্ন কৰাটোৱেই যেন বৰ্তমান সময়ত ৰাজনৈতিক নেতাসকলৰ মূল লক্ষ্য হৈ পৰিছে ।

লগতে পঢ়ক: মই ৮০ লাখ টকা চান্দা লৈছো, মোৰ বিৰুদ্ধে ইডি-চিবিআই লগাই দিয়ক: ভূপেন বৰা - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.