যোৰহাট, 3 মাৰ্চ: ৮ আৰু ৯ মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দেওবাৰে যোৰহাটত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সম্পৰ্কত আভাস প্ৰদান কৰে ।
মন্ত্ৰী পীযুষ হাজৰীকাই জনোৱা অনুসৰি ৮ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত বিশেষ বিমানযোগে অৱতৰণ কৰিব ৷ বিমান বন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কাজিৰঙালৈ যাত্ৰা আৰম্ভ কৰিব আৰু ৮ মাৰ্চৰ নিশা কাজিৰঙাতে নৈশ যাপন কৰিব ।
৯ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰি আৰু হাতী চাফাৰী কৰিব ৷ উক্ত কাৰ্যসূচী শেষ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পোনে পোনে অৰুণাচললৈ যাত্ৰা আৰম্ভ কৰিব, তাৰ পৰা আহি যোৰহাটত প্ৰধানমন্ত্ৰী মোদীয়ে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দেশবাসী বাবে উৰ্চগা কৰিব ৷ তাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাট টীয়ক মেলেং মেটেলী যোৰহাটত এক জনসভা সম্বোধন কৰিব ৷
ইয়াৰ পিচতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো কাৰ্যসূচী শেষ কৰি যোৰহাট আৱৰ্ত ভৱনত নৈশ যাপন কৰিব । ১০ মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ সামৰি পোনে পোনে ৰৰৈয়া বিমান বন্দৰ পৰা দিল্লীলৈ ৰাওনা হ'ব । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৰহাটলৈ অহা পৰিপ্ৰেক্ষিতত ভগ্নপ্ৰায় সকলো পথ দিনে নিশাই সৰ্বাংগ সুন্দৰ ৰূপত সজাই তোলাৰ লগতে যুদ্ধদেহী ৰূপত সাজু হৈ পৰিছে জিলা প্ৰশাসন আৰু আৰক্ষী ।
প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে তিনিমাহৰ মূৰে-মূৰে অসমলৈ অহা এনে প্ৰধানমন্ত্ৰী আগতে নাছিল ৷ অসমৰ পৰা 24 বছৰ সাংসদ হৈ থকা পূৰ্বৰ প্ৰধানমন্ত্ৰীগৰাকী এনেদৰে অসমত থাকি পোৱা নাছিল বুলি কয় মন্ত্ৰী পীযুষ হাজৰীকাই ৷ তেওঁ লগতে কয় যে কাজিৰঙাত যিদিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে নৈশ যাপন কৰিব, সেইদিনা কাজিৰঙা এশ শতাংশ প্ৰাণপাই উঠিব ৷
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে বিজেপিলৈ পাৰ্টি ফাণ্ডলৈ 2,000 টকাৰ বৰঙনি প্ৰধানমন্ত্ৰীৰ