ETV Bharat / politics

একনায়কত্ববাদী শাসন সদায় চলি নাথাকে : অজিত কুমাৰ ভূঞা - Opposition unity forum Assam

author img

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 9:02 PM IST

MP Ajit Kumar Bhuyan: ভাৰত জোড়ো অভিযান অসম, অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ সম্বৰ্ধনা অনুষ্ঠান । বিৰোধী ঐক্য মঞ্চৰ নৱনিৰ্বাচিত সাংসদৰ লগতে ব্যাপক যুঁজ দিয়া তিনিগৰাকী প্ৰাৰ্থীক ৰাজহুৱা সম্বৰ্ধনা । প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, হাফিজ ৰচিদ আহমেদ চৌধুৰী, মীৰা বৰঠাকুৰ গোস্বামী আৰু লুৰীণজ্যোতি গগৈক সম্বৰ্ধনা পত্ৰ, এখন শ্বল আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন ।

Opposition unity forum Assam
অজিত কুমাৰ ভূঞা (ETV Bharat Assam)

গুৱাহাটী, ১৮ জুন: বিৰোধী ঐক্য মঞ্চৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদৰ লগতে তীব্ৰ যুঁজ দিয়া কেইবাগৰাকীও প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱাৰ বাবে মঙলবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় । ভাৰত জোড়ো অভিযান অসম, অসম নাগৰিক সমাজ আৰু নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ।

অজিত কুমাৰ ভূঞা (ETV Bharat Assam)

অনুষ্ঠানত ধুবুৰীৰ পৰা নিৰ্বাচিত ৰকিবুল হুছেইন আৰু নগাঁৱৰ পৰা নিৰ্বাচিত প্ৰদ্যুৎ বৰদলৈক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয় । অৱশ্যে বিশেষ কাৰণত এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে যোৰহাটৰ পৰা নিৰ্বাচিত হোৱা নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈ ।

আনহাতে অনুষ্ঠানত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী হিচাপে লোকসভা নিৰ্বাচনত ব্যাপক যুঁজ দিয়া গুৱাহাটী সমষ্টিৰ মীৰা বৰঠাকুৰ গোস্বামী, কৰিমগঞ্জ সমষ্টিৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী আৰু ডিব্ৰুগড় সমষ্টিৰ লুৰীণজ্যোতি গগৈক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: কংগ্ৰেছত বিভাজনৰ অপচেষ্টা চলাইছে নেকি অজিত ভূঞাই ? উভতি ধৰিলে ৰমেন বৰঠাকুৰে - Ramen Borthakur on Ajit Bhuyan

অনুষ্ঠানত নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিৰ সভাপতি তথা বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁই, অসম নাগৰিক সমাজৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু ভাৰত জোড়ো অভিযান অসমৰ আহ্বায়ক পৰেশ মালাকাৰে অংশ গ্ৰহণ কৰে । অনুষ্ঠানত প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, হাফিজ ৰচিদ আহমেদ চৌধুৰী, মীৰা বৰঠাকুৰ গোস্বামী আৰু লুৰীণজ্যোতি গগৈক সম্বৰ্ধনা পত্ৰ, একোখন শ্বল আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

উল্লেখ্য যে উক্ত সংগঠন কেইটাই ডিব্ৰুগড়, যোৰহাট, ধুবুৰী, নগাঁও, কৰিমগঞ্জ, গুৱাহাটী আদি সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ জনাইছিল । অনুষ্ঠানত সাংসদ অজিত কুমাৰ ভূঞা কয় যে বিজেপিৰ ধনবল, জনবল আৰু নানা ষড়যন্ত্ৰৰ সত্ত্বেও লোকসভা নিৰ্বাচনত ভাৰতৰ লগতে অসমৰ জনসাধাৰণে এক ঐতিহাসিক ভূমিকা পালন কৰিলে ।

লগতে পঢ়ক: দেশৰ নিৰ্বাচনত ই ভি এমত কিমান ত্ৰুটি পোৱা গ’ল ? নিৰ্বাচন আয়োগক তথ্য বিচাৰিছে গৌৰৱ গগৈয়ে - MP Gaurav Gogoi on EVM Errors

ভূঞাই কয় যে বিভিন্ন বাধা নেওচি এই নিৰ্বাচনত ইণ্ডি এলায়েঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন জয়ী হ'ল । তাৰ লগতে লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰ গোস্বামী আৰু হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে বিজেপিৰ বিৰুদ্ধে এক বীৰত্বপূৰ্ণ যুঁজ দিলে ।

তেওঁ এই পাঁচগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ কাৰণ সন্দৰ্ভত কয়, ‘‘ইয়াৰ জৰিয়তে পৰিৱৰ্তনকামী জনতাকহে সম্বৰ্ধনা জনাইছো ।’’ সকলোকে গোটাব নোৱৰাৰ বাবে আজিৰ এই অনুষ্ঠানৰ যোগেদি জনতাক অভিনন্দন জনোৱা হৈছে । তেওঁ লগতে কয় যে দেশৰ এই সংকটৰ সময়ত গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাইজে যি যুঁজ দিলে সেয়া কোনেও কল্পনা কৰা নাছিল । বিজেপিয়ে ৰামক লৈ ৰাজনীতি কৰাৰ পাচতো উত্তৰ প্ৰদেশতে পৰাজয় বৰণ কৰিলে । মোদীয়ে কেতিয়াও কাকো সন্মান জনোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে এই নিৰ্বাচনত মোদীৰ দৰ্পচূৰ্ণ হ'ল ।

লগতে পঢ়ক: পৱন সিং ঘাটোৱাৰৰ দৰে শক্তিশালী নেতা এজনক কংগ্ৰেছে অপমান কৰিলে : মুখ্যমন্ত্ৰী - CM Himanta Biswa Sarma

বিজেপিৰ শাখাত পৰিণত হোৱা ইডি, আয়কৰ বিভাগ, নিৰ্বাচনী আয়োগ আদি স্বতন্ত্ৰ সংস্থাক নিৰ্বাচনত ব্যৱহাৰ কৰি ভয়ৰ পৰিৱেশ কৰা হৈছিল বুলি অভিযোগ তোলে অজিত কুমাৰ ভূঞাই । তেওঁ কয় যে ইয়াৰ পিচতো বিজেপিৰ স্বপ্ন পূৰণ নহ'ল । পৰিৱৰ্তনকামী ৰাইজে এই নিৰ্বাচনত নিজৰ শক্তি দেখুৱাই দিলে ।

তেওঁ লগতে কয় যে একনায়কত্ববাদী শাসন এনেদৰে চলি থাকিব নোৱাৰে তথা সদায় চলি নাথাকে । এই নিৰ্বাচনত মোদী দুৰ্বল হ'ল বুলি উল্লেখ কৰি ভূঞাই পুনৰ কয় যে মোদী আৰু বিজেপি তললৈ আহি আছে আৰু ইণ্ডি মিত্ৰজোঁট ওপৰলৈ গৈ আছে ।

লগতে পঢ়ক: কিহৰ ভিত্তিত ২০২৬ চনত অসমত চৰকাৰ গঠনৰ দাবী কংগ্ৰেছৰ ? - LS election Assam results 2024

গৌৰৱ গগৈৰ বিজয়ে বিজেপিত খেলিমেলি লগালে বুলি দাবী কৰি তেওঁ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে পলায়নবাদী নহৈ সাহসেৰে যুঁজ দিয়া লুৰীণজ্যোতি গগৈক উজ্জ্বল নক্ষত্ৰ আখ্যা দিয়ে । ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আনৰ পোহৰেৰে জিলিকি থকা উপগ্ৰহ বুলি কয় অজিত কুমাৰ ভূঞাই ৷

দেশত বিজেপিয়ে কৌশলপূৰ্ণভাৱে ৬০-৭০ খন আসনত জয়ী হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে বাৰাণসীত মোদীক জয়ী কৰাইছে নিৰ্বাচন আয়োগে । কংগ্ৰেছৰ নেতাসকলে যুঁজাৰ সিদ্ধান্ত ল'ব লাগিব বুলি সদৰী কৰি তেওঁ কয় যে ৰাইজৰ লগত সংগ্ৰামৰ সময়ত থাকিব লাগিব, নহ'লে ইতিহাসে কংগ্ৰেছক ক্ষমা নকৰিব । অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

লগতে পঢ়ক: ৩ বছৰত বিধানসভাত এটাও লিখিত প্ৰশ্ন নকৰা দুগৰাকী সংসদলৈ ! - MPs from Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.