ETV Bharat / politics

কংগ্ৰেছৰ চৰকাৰ হ’লে কোনে কাঢ়ি ল’ব অধিকাৰ ? ক’লে পীযুষ হাজৰীকাই - Pijush Hazarika

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 10:03 PM IST

Pijush Hazarika on minority Muslim: বিশেষ সম্প্ৰদায়ক সমালোচনা অব্যাহত ৰাখিছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ জাগীৰোডত প্ৰদ্যুৎ বৰদলৈয়ে অধিকাংশ বংগীয় মুছলমানৰ ভোট লাভ কৰা বুলি মন্তব্য মন্ত্ৰী হাজৰীকাৰ ৷ কংগ্ৰেছ চৰকাৰ আহিলে বংগীয় মুছলমানে সকলো অধিকাৰ কাঢ়ি ল’ব বুলিও শংকিত মন্ত্ৰীগৰাকী ৷

Pijush Hazarika on minority Muslim
গোলাগাটত মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

তিতাবৰ, 30 জুন : ‘‘জাগীৰোডত প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰা অধিকাংশ ভোটেই বংগীয় মুছলমানৰ ৷ লাহৰিঘাটলৈ তেওঁ নাযায় যদিও তাৰ মানুহে প্ৰদ্যুৎ বৰদলৈক ভোট দিয়ে ৷’’ এইদৰে বিশেষ সম্প্ৰদায়ক লৈ পুনৰ আক্ৰমণাত্মক ৰূপত দেখা গ’ল মন্ত্ৰী পীযুষ হাজৰীকাক৷

দেওবাৰে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ বিশেষ সম্প্ৰদায়ৰ লোকক আক্ৰমণৰ লক্ষ্য কৰি ল’লে পীযুষ হাজৰীকাই ৷ মন্ত্ৰীগৰাকীয়ে কয়, ‘‘কংগ্ৰেছ দল শাসনলৈ নাহোতেই এটা বিশেষ সম্প্ৰদায়ৰ লোকে আমাৰ ছোৱালীক ধৰ্ষণ কৰিছে ৷ কংগ্ৰেছ চৰকাৰৰ আহিলে আমাৰ অধিকাৰ লৈ যাব ৷ আমাৰ চাকৰি লৈ যাব এটা বিশেষ সম্প্ৰদায়ৰ লোকে ৷ বিনামূলীয়া চাউল, অৰুণোদয়, ৰাস্তা-ঘাটৰ সুবিধা দিয়াৰ পিচতো বিজেপিক ভোট নিদিলে ।’’

লগতে পঢ়ক: মন্ত্ৰী পীযুষ হাজৰীকাক যোৱা তিনি বছৰৰ অপৰাধৰ তথ্য় বিচাৰিলে বিধায়ক ৰফিকুল ইছলামে -

উল্লেখ্য যে দেওবাৰে মেৰাপানীৰ ২নং চিংফুৰা মথাউৰি আৰু ৩২ নং লোণপুৰীয়া পথৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰী অজন্তা নেওগৰ সহিতে পীযুষ হাজৰিকাই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । উক্ত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সংখ্যালঘুসকলক কটাক্ষ কৰে ।

কোকৰাঝাৰ, ওদালগুৰি, ঢেকিয়াজুলিত বিশেষ সম্প্ৰদায় লোকে ধৰ্ষণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে কংগ্ৰেছ চৰকাৰ আহিলে ধিং, ৰূপহী মানুহেহে চাকৰি পাব ৷ ইয়াৰ বাবে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায় পীযুষ হাজৰীকাই ৷ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ 93 টা সমষ্টিত পৰাজিত হোৱা বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷

লগতে পঢ়ক: কলাজল নৈত শীঘ্ৰে মথাউৰি নিৰ্মাণৰ আশ্বাস পীযুষ হাজৰীকাৰ

আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে সদৰী কৰে যে বিগত তিনিটা বছৰত অসমত এঘাৰশ মথাউৰি পকী কৰা হৈছে ৷ ইয়াৰ ফলত বানৰ পৰিমাণ কমাৰ লগতে ৰাইজৰ যাতায়তৰ ক্ষেত্ৰতো সুবিধা হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছ আৰু এক বিশেষ সম্প্ৰদায়ক লৈ বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.