ETV Bharat / politics

বিধানসভা নিৰ্বাচনলৈকে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব বিৰোধী ঐক্যমঞ্চই - Opposition Unity Forum

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 7:30 AM IST

Press Meet of Opposition Unity Forum : গুৱাহাটীত বিৰোধী ঐক্যমঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ । পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চই উমৈহতীয়াভাৱে জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে থিয় কৰাব । মুখ্যমন্ত্রীক কঠোৰ সকীয়নি ।

Press Meet of Opposition Unity Forum
বিৰোধী ঐক্যমঞ্চৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ৫ আগষ্ট : বিজেপিক প্ৰতিহত কৰাৰ বাবে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈকে ঐক্যবদ্ধভাৱে যুঁজ দিব বিৰোধী ঐক্য মঞ্চই । আনহাতে, পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চই উমৈহতীয়াভাৱে জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে প্ৰাধান্য দিব । সেই প্ৰাৰ্থীগৰাকী যি দলৰে নহওক কিয় জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে প্ৰক্ষেপ কৰিব । এই সিদ্ধান্ত বিৰোধী ঐক্যমঞ্চৰ ।

বিজেপিক প্ৰতিহত কৰাৰ একমাত্র উদ্দেশ্যত ঐক্যবদ্ধ হোৱা বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক দেওবাৰে গুৱাহাটীৰ হোটেল গ্ৰীণউডত অনুষ্ঠিত হয় । প্ৰায় চাৰি ঘণ্টা ধৰি চলা বৈঠকৰ পাছতে বিৰোধী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত লুৰীণজ্যোতি গগৈয়ে বৈঠকৰ সিদ্ধান্তসমূহ অৱগত কৰে ।

জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে প্ৰাধান্য দিয়া হ'ব :

লুৰীণজ্যোতি গগৈয়ে কয়, "পূৰ্বৰ ১৬ টা দলৰ সৈতে আৰু ২ টা দল যোগ হৈছে বিৰোধী ঐক্য মঞ্চত । ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈকে আমি বিৰোধী ঐক্য মঞ্চই একেলগে যুঁজ দিম । ৫ টা সমষ্টিত উপ-নিৰ্বাচনত আমি বিৰোধী ঐক্য মঞ্চই একেলগে অৱতীৰ্ণ হ'ম । জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থীকে প্ৰাধান্য দিয়া হ'ব । ইয়াত দলৰ কথা নাই ।"

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি লুৰীণজ্যোতি গগৈয়ে কয়, "মুখ্যমন্ত্ৰীয়ে বিভাজন আনিবৰ বাবে সাম্প্ৰদায়িক মন্তব্য কৰি আছে । আনহাতে, মুখ্যমন্ত্রীয়ে ভুল তথ্য দি বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে । আমি বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰীক এনে সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ সকীয়াই দিছো ।"

বান সাহাৰ্য আনিবলৈ অসমৰ্থ মুখ্যমন্ত্রী :

লুৰীণজ্যোতি গগৈয়ে লগতে কয়, "বৈঠকত ৰাজ্যৰ বান আৰু গৰাখহনীয়া সন্দৰ্ভতো আলোচনা কৰা হৈছে । ৰাজ্যৰ এই ভয়াৱহ সমস্যাৰে মোকাবিলা কৰাত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । মুখ্যমন্ত্রীগৰাকীয়ে কেন্দ্ৰৰ পৰা বান সাহাৰ্য আনিবলৈ অসমৰ্থ হৈছে । আমি অসমৰ বান-খহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাইছো । লগতে বান সাহাৰ্য মোকলাই দিয়াৰ বাবেও দাবী জনাইছো । বান সাহায্যৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতি বৈষম্য কৰিছে । আমি বিৰোধী ঐক্য মঞ্চই চৰকাৰক তেওঁলোকৰ জনবিৰোধী নীতি বন্ধ কৰিবলৈ দাবী জনাইছো ।"

বিৰোধী ঐক্য মঞ্চত ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি :

লক্ষণীয় বিষয় যে লোকসভা নিৰ্বাচনত বিশেষ সফল নোহোৱা বিৰোধী ঐক্য মঞ্চৰ লক্ষ্য এতিয়া পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ৰ বিধানসভা নিৰ্বাচন । লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত ১৬টাকৈ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ ।

বৰ্তমান বিৰোধী ঐক্যমঞ্চত ৰাজনৈতিক দলৰ সংখ্যা ১৮ টালৈ বৃদ্ধি হৈছে । লক্ষণীয় বিষয় যে লোকসভা নিৰ্বাচনত বিৰোধীৰ ঐক্য শক্তিশালী নাছিল । বিভাজিত হৈছিল বিৰোধী ঐক্য । এইবাৰ পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে বিৰোধী ঐক্য মঞ্চ। লগতে ২০২৬ৰ বিধানসভা নিৰ্বাচনকো লক্ষ্য কৰি লৈছে বিৰোধী ঐক্যমঞ্চই ।

এই বৈঠকত বিৰোধী ঐক্যমঞ্চৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সাংসদ অজিত কুমাৰ ভূঞা, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাকে ধৰি বিৰোধী ঐক্য মঞ্চত থকা প্ৰতিটো দলৰ প্ৰতিনিধি উপস্থিত থাকে । একমাত্র আপৰ প্ৰতিনিধি উপস্থিত নাছিল ।

লগতে পঢ়ক:বিজেপিৰ সৈতে যুঁজিবলৈ হ'লে বিৰোধী দল এক হৈ যুঁজিব লাগিব: লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi on by election

উপ-নিৰ্বাচনত কংগ্ৰেছে নিজাববীয়া প্ৰাৰ্থী দিয়াৰ ইংগিত : বিৰোধী ঐক্য মঞ্চৰ অংকত আউল - AJP LEADER LURINJYOTI GOGOI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.