ETV Bharat / politics

আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিব বিৰোধী ঐক্যমঞ্চই - Opposition Unity Forum

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 7:50 AM IST

Opposition Unity Forum Press Meet: ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি, মুখ্যমন্ত্ৰীৰ শেহতীয়া আচৰণ-মন্তব্য আৰু বিৰোধীৰ স্থিতি সন্দৰ্ভত ১৮ টা বিৰোধী দলৰ বৈঠক । এই বৈঠকত বিৰোধী ঐক্য়মঞ্চৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ ।

Opposition Unity Forum Press Meet
বিৰোধী ঐক্য়মঞ্চৰ সংবাদমেল (ETV Bharat Assam)

গুৱাহাটী, ২৮ আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্ভট আচৰণৰ লগতে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত সৰৱ হৈ পৰিছে বিৰোধী ঐক্যমঞ্চ । মঙলবাৰে মহানগৰীত আয়োজিত এক সংবাদমেলত ১৮ টাকৈ বিৰোধী দলৰ নেতাই এই সন্দৰ্ভত মন্তব্য় কৰি মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে । এই সংবাদমেলতেই বিৰোধী ঐক্যমঞ্চই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে 'স্ব-ঘোষিত পগলা কুকুৰ' সন্দৰ্ভত গোচৰ তৰিব বুলি মন্তব্য় কৰিছে ।

মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবলৈ ৰাষ্ট্ৰপতিক জনাব আবেদন :

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই "স্ব-ঘোষিত পগলা কুকুৰ" বুলি আখ্য়া দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "মানসিকভাৱে এজন জনপ্ৰতিনিধি হিচাপে তেওঁ এই দায়িত্ব ল'ব নোৱাৰে । তেওঁক বৰ্খাস্ত কৰিবলৈ এটা গোচৰ ৰুজু কৰিবলৈ আমি সিদ্ধান্ত লৈছো । তেওঁ এজন মুৰব্বী হৈ নিজকে পগলা কুকুৰ বুলি ঘোষণা কৰিছে । সংবিধানৰ অনুচ্ছেদ ১৯১ ২/বি' ৰ মতে দায়িত্ব পালনত ব্যৰ্থ হ'লে বৰ্খাস্ত হ'ব লাগে । এই আইনৰ অধীনত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবলৈ কাইলৈ গোচৰ তৰা হ'ব । সংবিধানৰ আধাৰত আমি গোচৰ তৰিম । লগতে ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিলৈ মুখ্যমন্ত্ৰীক বৰ্খাস্তৰ বাবে আবেদন জনোৱা হ'ব । দুৰ্নীতিৰ তালিকা উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবলৈ আহ্বান জনোৱা হ'ব । "

ইপিনে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য়ত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে আচৰণ দেখুওৱা বুলি মন্তব্য় কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত আজিৰ এই বৈঠকত আলোচনা কৰা হয় । মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ উগ্ৰ আৰু মৌলবাদী ধাৰণাৰে অসমৰ পৰিস্থিতি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ আচৰণ দেখুৱাই আহিছে । পৰিয়ালৰ ব্যাপক দুৰ্নীতি ফাদিল হোৱাৰ পিছত এই বিষয়টো তল পেলাবলৈ এই আচৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে । ৩২ কোটি টকা হেলিকপ্টাৰ আৰু চার্টার্ড ফ্লাইটত খৰচ কৰিছে । "

মুখ্যমন্ত্ৰীয়ে জাত-পাতক অস্ত্ৰ হিচাপে লৈছে: লুৰীণজ্যোতি

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়, "হিন্দু-মুছলমানৰ নামতেই নহয়, জাত-পাত সকলোৰে ওপৰত সংঘৰ্ষ সৃষ্টি কৰিছে বিজেপিয়ে । মুখ্যমন্ত্ৰীয়ে অস্ত্ৰ হিচাপে লৈছে এই বিভাজন । আইনৰ শাসন হ'ব লাগিব ৰাজ্যত । কিন্তু সংবিধান‌ আৰু আইনৰ নিয়মক বুঢ়া আঙুলি দেখুৱাই দিয়া দেখিছো । অপৰাধী অপৰাধীয়েই, আইনৰ মতে অপৰাধীক শাস্তি দিব লাগে । কিন্তু মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত বিফল হৈছে । চূড়ান্ত অকৰ্মণ্য-বিফল এইজন মুখ্যমন্ত্ৰী ।"

তেওঁ পুনৰ কয়," মুখ্য়মন্ত্ৰীয়ে আইনক ৰক্ষণাবেক্ষণ দিব পৰা নাই । নিজে নিজকে পগলা কুকুৰৰ লগত তুলনা কৰিছে । গতিকে ৰাষ্ট্ৰপতিক মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিবলৈ আবেদন জনাব বিৰোধীয়ে । "হিমন্ত বিশ্ব শৰ্মাৰ জালত সকলোকে ভৰি নিদিবলৈ আহ্বান জনাই তেওঁ কয়," যদি ভাবিছে এই ৰাজনীতি কৰি জয় কৰিব বুলি তেন্তে ভুল ভাবিছে ।"

মুখ্য়মন্ত্ৰীয়ে হিন্দু -মুছলমানৰ মাজত বিদ্বেষ সৃষ্টি কৰিব বিচাৰিছে: ৰিপুন বৰা

আনহাতে উক্ত সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয়," ভাৰতবৰ্ষৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে কোনেও কোনো জনগোষ্ঠীৰ বিৰুদ্ধে বিবৃতি দিব নোৱাৰে, দিলে আইন মতে দোষী হ'ব । মুখ্য়মন্ত্ৰীয়ে হিন্দু আৰু মুছলমানৰ মাজত ঘৃণা, বিদ্বেষ সৃষ্টি কৰিব বিচাৰিছে । "

খিলঞ্জীয়াৰ সুৰক্ষাৰ দাবী অজিত কুমাৰ ভূঞাৰ

ৰাজ্য়সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয়," অসমত ২০২৬ চনৰ নিৰ্বাচনক লক্ষ্য কৰি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ বিজেপিয়ে উঠি পৰি লাগিছে । যদি খিলঞ্জীয়াৰ সুৰক্ষা বিচাৰে ৬ নং দফা কিয় কাৰ্যকৰী কৰা নাই আজিলৈ, উত্তৰ দিব লাগিব মুখ্যমন্ত্ৰীয়ে ।"

মুখ্যমন্ত্ৰীৰ মনটো ভাল নহয়: ৰকিবুল হুছেইন

আনহাতে, সাংসদ ৰকিবুল হুছেইনেও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়," যিদিনা আজমল হাৰিল সেই দিনাৰ পৰাই মুখ্যমন্ত্ৰীৰ মনটো ভাল নহয়, আজমল জিকা হ'লে তেওঁ ভাল পালে হয় ।"

১৮ টা বিৰোধী দলৰ নেতাৰ আলোচনা

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি, মুখ্যমন্ত্ৰীৰ শেহতীয়া আচৰণ-মন্তব্য আৰু বিৰোধীৰ স্থিতি সন্দৰ্ভত মঙলবাৰে এক বৈঠকত মিলিত হয় ১৮ টা বিৰোধী দলৰ নেতা। এই বৈঠকত বৈঠকত কংগ্ৰেছৰ উপৰি অসম জাতীয় পৰিষদ, ৰাইজৰ দল, গণ মৰ্চা, তৃণমূল কংগ্ৰেছকে ধৰি ১৮ টা বিৰোধী দলৰ নেতাই বক্তব্য় আগবঢ়ায় ।

লগতে পঢ়ক:৩৯ বছৰে অসম চুক্তি ৰূপায়ণ কৰিব নোৱৰাটো লাজৰ বিষয় : লুৰীণজ্যোতি গগৈ - 39 years of Assam Accord

চৰকাৰৰ পক্ষপাতমূলক দৃষ্টিভংগীৰ বাবেই অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে : লুৰীণজ্যোতি গগৈ - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.