ETV Bharat / politics

বৃটিছৰ দিনৰে পৰা চলি অহা নামাজ বিৰতিৰ বিলুপ্তিকৰণ ! বিৰোধিতা বিৰোধী বিধায়কৰ - Namaz Break of Assam Assembly

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 4:16 PM IST

Oppositions MLA on Namaz break : বিধানসভাৰ অধিৱেশনৰ সময়ত শুকুৰবাৰে জুম্মা নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম এতিয়াৰে পৰা বিলুপ্ত হ’ব ৷ সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে যদিও সিদ্ধান্তটোৰ বিৰোধিতা কৰিছে বিৰোধী বিধায়কে । আমিনুল ইছলামৰ তীব্ৰ বিৰোধিতা । জাকিৰ হুছেইন শিকদাৰে গমেই নাপাই ক'ত, কেতিয়া লোৱা হ'ল এই সিদ্ধান্ত ।

Oppositions MLA on Namaz break
নামাজ বিৰতিৰ বিলুপ্তিকৰণ সন্দৰ্ভত বিৰোধী বিধায়কৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, ৩০ আগষ্ট : বিধানসভাৰ অধিৱেশনত শুকুৰবাৰৰ নামাজৰ বিৰতি উঠাই দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীয়ে । বিশেষকৈ বিৰোধীৰ সংখ্যালঘু বিধায়কসকলে ইয়াৰ বিৰোধিতা কৰাৰ লগতে এই সিদ্ধান্তৰ বিষয়ে তেওঁলোক অৱগত নহয় বুলি সদৰী কৰিছে ।

অসম বিধানসভাৰ নামাজ বিৰতিৰ বিলুপ্তিকৰণ :

অসম বিধানসভাৰ অধিৱেশন চলি থকা সময়ত শুকুৰবাৰে জুম্মা নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম বৃটিছৰ দিনৰে পৰা চলি আহিছে । তাহানিৰে পৰা চলি অহা এই নিয়মৰ বিলুপ্তি সাধন হোৱাৰ কথা আজি সংবাদ মাধ্যমৰ আগত সদৰী কৰে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে । অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি সামৰণিৰ দিনা সৰ্বসন্মতিক্ৰমে শুকুৰবাৰে নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি সাধন কৰাৰ কথা সংবাদ মাধ্যমৰ আগত বিধায়ক ফুকনে সদৰী কৰিছিল ।

বিধায়ক ফুকনে কয়, ‘‘চৈয়দ চাদুল্লাৰ দিনৰে পৰা চলি অহা এটা নিয়মৰ আজি সদনত বিলুপ্তি ঘটোৱা হয় । বিধানসভাৰ অনাগত অধিৱেশনৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম । সৰ্বসন্মতিক্ৰমে এই ডাঙৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ বাবে মই অধ্যক্ষক ধন্যবাদ জ্ঞাপন কৰিছো । বিধানসভাৰ নিয়মাৱলীৰ ৰুল-১১ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটোৱা হৈছে । এই সিদ্ধান্তত কোনেও আপত্তি কৰা নাই ।’’

বিজেপি বিধায়কৰ অসহিষ্ণুতাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে : আমিনুল ইছলাম

কিন্তু শাসকীয় দলৰ বিধায়কগৰাকীৰ এনে মন্তব্যৰ বিপৰীতে বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰিছে । বিধায়ক ফুকনে সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা বুলি সদৰী কৰিছে যদিও বিৰোধীয়ে ইয়াৰ সমৰ্থন কৰা নাই । এই সন্দৰ্ভত এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে নিজৰ প্ৰতিক্ৰিয়াত কয়, ‘‘স্বাধীনতাৰ পূৰ্বৰে পৰাই জুম্মা নামাজৰ বাবে শুকুৰবাৰে বিৰতি দিয়া ব্যৱস্থা চলি আহিছে । অসম বিধানসভাত মুছলমান বিধায়কৰ সংখ্যা বেছি । প্ৰায় ২৫ শতাংশ মুছলমান বিধায়ক আছে । জুম্মা নামাজৰ বাবে সময় নিদিলে সকলো মুছলমান বিধায়ক একেলগে নামাজৰ বাবে ওলাই গ'লে সদনত অনুপস্থিত থাকিব । এনে কাৰণতে আগৰ পৰা বিৰতি দিয়া নিয়ম চলি আহিছে । বিৰতি নিদি সদন চলি থাকিলে আমাৰ বিধায়কৰ নাম আহি থাকিব আৰু অনুপস্থিত থাকিব । এই বিষয়টো বিবেচনা কৰাৰ বাবে অধ্যক্ষক কোৱা হৈছে ।’’

আমিনুল ইছলামে কয়, ‘‘একাংশ বিজেপি বিধায়কৰ অসহিষ্ণুতাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । তেওঁলোকৰ লক্ষ্য হৈছে মুছলমানসকলক বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰা । নামাজৰ বিৰতিৰ বাবে থকা সময়খিনিও তেওঁলোকে দিব বিচৰা নাই । দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে বৃটিছৰ দিনৰে পৰা চলি আহিছে । দেওবাৰটো হৈছে খ্ৰীষ্টানসকলৰ প্ৰাৰ্থনাৰ দিন । যাৰ বাবে দেওবাৰৰ দিনটো বন্ধৰ দিন হিচাপে চলি আহিছে । আনহাতে শনিবাৰে অধিকাংশ হিন্দুৰ পবিত্ৰ দিন আৰু তাৰ বাবে বিধানসভাৰ অধিৱেশন শনিবাৰে বন্ধ থাকে । খ্ৰীষ্টানৰ প্ৰাৰ্থনাত বাধা নোহোৱা বাবে দেওবাৰে বন্ধ ৰখা হৈছে । মুছলমানে জুম্মা নামাজ মছজিদত গৈ কৰাটো বাধ্যতামূলক । যাৰ বাবে তাহানিৰে পৰা শুকুৰবাৰৰ জুম্মা নামাজৰ বাবে বিৰতি দিয়াৰ ব্যৱস্থা চলি আহিছে ।’’

বিজেপি বিধায়কক সংযমী হোৱাৰ আহ্বান :

বিধায়কগৰাকীয়ে লগতে কয়, ‘‘আমি এইটো বাহাল থকাটো বিচাৰিছো । নামাজৰ বাবে এঘণ্টা সময় দিলেই হ'ল । আমি বন্ধ দিয়াৰ কথা কোৱা নাই । কিন্তু বিজেপিৰ একাংশ বিধায়কে আমাক অসুবিধা দি আনন্দ পায় । আমি নামাজৰ বাবে সময়টো বিচাৰিছো । একাংশ বিজেপি বিধায়কে সুবিধা দিব বিচৰা নাই । অধ্যক্ষয়ো অসহায় বুলি কৈছে । একাংশ বিধায়কে অধ্যক্ষক এই বিৰতি উঠাই দিয়াৰ বাবে খুচি থাকে বুলি কৈছে । এইটো কোনো ভাল ইংগিত নহয় । আমিতো দেওবাৰে বন্ধ দিয়া বাবে আপত্তি কৰা নাই, চলি আছে চলি থাকক । সদনৰ পৰা একেলগে ২৫ শতাংশ বিধায়ক ওলাই গ'লে অসুবিধা হয় বাবেই এঘণ্টা বিৰতি দিয়াৰ কথা কৈছো । বুজাপৰাৰে চলি থাকিলে ভাল হয় । মই বিজেপি বিধায়কক সংযমী হোৱাৰ বাবে আহ্বান জনাইছো ।’’

লিখিতৰূপত লাভ কৰা নাই আনুষ্ঠানিক ঘোষণা :

ইফালে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয়, ‘‘নামাজ বিৰতিৰ বিলুপ্তি সন্দৰ্ভত আমি লিখিত একো পোৱা নাই । আজি সদনত বিষয়টো অলপ আলোচিত হৈছিল আৰু অহাবাৰৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলি কোৱা হৈছে । কিন্তু এই সিদ্ধান্ত ক’ত, কেতিয়া লোৱা হ’ল আমি গম নাপাও । গম প‍লেহে এই বিষয়ে ক’ব পাৰিম । কিহৰ বাবে কৰা হৈছে, কি কৰিব গৈছে গম নাপাও ।’’

উল্লেখ্য যে শাসক-বিৰোধীৰ পৰস্পৰ বিৰোধী এনে বক্তব্যই সমগ্ৰ বিষয়টোকে বিভ্ৰান্তিকৰ কৰি তুলিছে ।

লগতে পঢ়ক : অসম বিধানসভাৰ ঐতিহাসিক সিদ্ধান্ত : অৱসান ঘটিল শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম

অসমৰ ৪ খন জিলাত মণিপুৰী ভাষাক বিশেষ মৰ্যাদা প্ৰদান

মিঞাক অসমীয়া জাতিৰ কাল্পনিক শত্ৰু বুলি বুজাব খুজিছে বিজেপিয়ে: আমিনুল ইছলাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.