ETV Bharat / politics

পাঁচজন মানুহৰ মৃত্যুৰ ভাল হিচাব এটা এদিন অসমত হ’ব : মুখ্যমন্ত্ৰী - Himanta Biswa Prees Meet

author img

By ETV Bharat Assamese Team

Published : Jul 15, 2024, 5:25 PM IST

CAA Row : অসমত মাত্ৰ 8 জন সংশ্লিষ্ট বিদেশী নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আৱেদন কৰিছে ৷ ইয়াৰে দুজনেহে এতিয়ালৈকে নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়াৰ সাক্ষাৎকাৰত উপস্থিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী‌ কৰিছে ৷

ASSAM CM ON CAA
'কা' সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 15 জুলাই : অসমত 'কা' আন্দোলন অসত্যৰ ওপৰত আধাৰিত আছিল বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ''কা'' আইনৰ আধাৰত এতিয়ালৈকে অসমত মাত্ৰ 8 জন সংশ্লিষ্ট বিদেশী নাগৰিকে ভাৰতৰ নাগৰিকত্ব বিচাৰি আৱেদন কৰিছে ৷ ইয়াৰে দুজনেহে এতিয়ালৈকে নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়াৰ সাক্ষাৎকাৰত উপস্থিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী‌ কৰে ৷ এই তথ্যৰ ওপৰত ভিত্তি কৰি সোমবাৰে মুখ্যমন্ত্ৰীয়ে জনতা‌ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (ETV BHARAT ASSAM)

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 'কা'ৰ বিৰুদ্ধে আন্দোলন কৰাসকলে অসমত 20 লাখ বিদেশী নাগৰিকে নাগৰিকত্ব লৈ অসমৰ বোজা হৈ পৰিব বুলি দাবী কৰিছিল ৷ কিন্তু এই কথা এতিয়া অসত্য প্ৰমাণ হ'ল ৷ এতিয়া আৰু 'কা' আন্দোলনৰ কোনো প্ৰাসংগিকতা নাই ৷ 'কা' আন্দোলন এক প্ৰকাৰ বন্ধ হ'ল বুলি ক'ব পাৰি ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয়- "ময়ো ভাবিছিলো যে অন্ততঃ ডেৰ-দুই‌ লাখ লোকে নাগৰিকত্বৰ বাবে আৱেদন‌ কৰিব ৷‌ কাৰণ আমি আইনখন কৰাৰ বাবে জোৰ দিছিলো ৷ ভাবিছিলো কিছু ভুক্তভোগী শৰাণাৰ্থীয়ে নাগৰিকত্ব লাভ কৰক ৷ বৰাকত আমাৰ দলৰ পৰাও‌ প্ৰচাৰ কৰা হৈছিল ৷ কিন্তু কোন লোক আগবাঢ়ি অহা দেখা নগ'ল ৷"

লগতে পঢ়ক : 'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, নাগৰিকত্বক লৈ সমস্যাত থকা অসমৰ বহুত হিন্দু বাঙালীক 'কা'ৰ জৰিয়তে নাগৰিকত্বৰ আৱেদন কৰাৰ বাবে আহ্বান জনোৱা হৈছিল ৷‌ কিন্তু কোনেও এই আৱেদনৰ বাবে আগবাঢ়ি অহাত ইচ্ছুক নহয় ৷ প্ৰয়োজন হ'লে তেওঁলোকে আদালতত নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে যুঁজিব ৷ ইফালে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অ-মুছলমান বিদেশীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত গোচৰ নতৰিবলৈ অসম আৰক্ষীক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসম চৰকাৰৰ গৃহ বিভাগে নিৰ্দেশ জাৰি কৰিছে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ বিগত 5 জুলাইত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবগৰাকীয়ে অসম আৰক্ষীৰ সীমান্ত শাখাৰ বিশেষ সঞ্চালক প্ৰধানক এই পত্ৰযোগে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ হিন্দু, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান আৰু শিখ শৰণাৰ্থীক বিদেশী ন্যায়াধিকৰণৰ গোচৰ জাপি নিদিবলৈ নিৰ্দেশনা জাৰি কৰিছে বুলি উল্লেখ কৰে তেওঁ ৷

আধাৰ কাৰ্ড বঞ্চিত অসমৰ 9 লাখ লোক :

আৱেদন কৰিও অসমৰ 9 লাখ লোক আধাৰ কাৰ্ডৰ‌ পৰা বঞ্চিত হৈ আছে আছে বুলি সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ যাৰ বাবে এওঁলোকে চাকৰি পোৱাৰ পৰা আৰম্ভ কৰি চৰকাৰী সুবিধা লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে বিভিন্ন সমস্যাত আছে বুলি জনায় তেওঁ ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ভবাৰ দৰে এইসকল লোক বাঙালি আৰু মুছলমান‌ নহয় ৷ আধাৰ কাৰ্ডৰ‌ পৰা বঞ্চিত হোৱা সকলৰ তালিকা বিচৰা হৈছে ৷ এটা সময়ত আধাৰ আৰু এন আৰ চি কেন্দ্ৰ একে আছিল ৷ যাৰ বাবে এনে সময়ত আৱেদন কৰা বহু লোকৰ আধাৰ নহ'ল ৷ ভাৰত চৰকাৰৰ লগত এই সন্দৰ্ভত আলোচনা কৰি সমস্যাটো‌ সমাধান কৰা‌ হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : CAA-ৰ বিৰুদ্ধে ২০০ৰো অধিক আবেদন, শুনানিৰ বাবে সন্মত উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.