ETV Bharat / politics

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন : ৯ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 17, 2024, 8:43 PM IST

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ৯ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ ৷ ইয়াৰে আঠজন গুৰুতৰ অপৰাধৰ গোচৰত অভিযুক্ত । আনহাতে, দ্বিতীয় পর্যায়ত মুঠ ১৯জন কোটিপতি প্ৰার্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

SECOND PHASE ELECTION ASSAM
দ্বিতীয় পৰ্যায়ৰ ৯ প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

গুৱাহাটী, ১৭ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ অপৰাধৰ গোচৰৰ পৰা আৰম্ভ কৰি সম্পত্তিৰ হিচাপৰ সন্দৰ্ভত এছ’চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফ'মৰ্চ (এ ডি আৰ) আৰু আছাম ইলেকশ্যন ৱাটছে অধ্যয়ন কৰি শেহতীয়াকৈ এক প্ৰতিবেদন দাখিল কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰতিবেদনৰ তথ্য মতে, দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া ৰাজ্যৰ পাঁচটা সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱা মুঠ ৬১জন প্ৰাৰ্থীৰ ভিতৰত ৯ জনৰ বিৰুদ্ধে বিভিন্ন অপৰাধৰ গোচৰ আছে আৰু ইয়াৰে আঠজন গুৰুতৰ অপৰাধৰ গোচৰত অভিযুক্ত । আনহাতে, দ্বিতীয় পর্যায়ত মুঠ ১৯জন কোটিপতি প্ৰার্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ।

দ্বিতীয় পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, নগাঁও, কৰিমগঞ্জ আৰু শিলচৰ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব । প্ৰতিবেদনৰ তথ্য মতে, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ এজনকৈ, এ আই ইউ ডি এফৰ দুজন আৰু চাৰিজন নিৰ্দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ আছে । নগাঁও সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলাম সৰ্বাধিক চাৰিটা অপৰাধমূলক গোচৰত অভিযুক্ত ।

আনহাতে, নগাঁৱৰ বিজেপি প্ৰার্থী সুৰেশ বৰা, নিৰ্দলীয় প্ৰার্থী শিখা শৰ্মা, কৰিমগঞ্জৰ নিৰ্দলীয় প্ৰার্থী আব্দুল কালাম মজুমদাৰৰ বিৰুদ্ধে তিনিটাকৈ অপৰাধমূলক গোচৰ আছে ৷ কৰিমগঞ্জৰ এ আই ইউ ডি এফৰ প্ৰার্থী চাহাবুল ইছলাম চৌধুৰী আৰু ডিফুৰ নিৰ্দলীয় প্ৰার্থী জন ইংতি কাথাৰৰ বিৰুদ্ধে দুটাকৈ আৰু দৰং ওদালগুৰি সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰার্থী স্বর্ণ দেৱী, কৰিমগঞ্জৰ নিৰ্দলীয় প্ৰার্থী মুজাক্কিৰ হাছান লস্কৰ আৰু নগাঁৱৰ নিৰ্দলীয় প্ৰার্থী আবু ইউছুফ মহম্মদ ৰাইহান উদ্দিনৰ বিৰুদ্ধে এটাকৈ অপৰাধমূলক গোচৰ আছে ।

আনহাতে, দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীসকলৰ ভিতৰত কৰিমগঞ্জৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীয়েই আটাইতকৈ ধনী প্ৰাৰ্থী । চৌধুৰী মুঠ ৮৩ কোটি টকাৰ সম্পত্তিৰ গৰাকী । ৪৬ কোটি টকাৰ সম্পত্তিৰে ধনাঢ্য প্ৰাৰ্থীৰ তালিকাৰ দ্বিতীয় স্থানত আছে বিজেপিৰ নগাঁৱৰ প্ৰার্থী সুৰেশ বৰা ৷

তৃতীয় স্থানত আছে বিজেপিৰ ডিফুৰ প্ৰাৰ্থী অমৰছিং টিছ' । টিছ’ ২২.৭৮ কোটি টকাৰ সম্পত্তিৰ গৰাকী । তথ্য অনুসৰি, বিজেপিৰ পাঁচ প্ৰাৰ্থীৰ গড় সম্পত্তিৰ মূল্য প্ৰায় ১৫ কোটি টকা । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পাঁচ প্ৰাৰ্থীৰ গড় সম্পত্তিৰ মূল্য প্ৰায় ৩ কোটি টকা । আটাইতকৈ দুখীয়া প্ৰাৰ্থী হৈছে শিলচৰৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজু দাস । দাসৰ মাত্ৰ ১৪,২২৯ টকা মূল্যৰ অস্থাৱৰ সম্পত্তি আছে ।

উল্লেখ্য এ ডি আৰৰ আন এক প্ৰতিবেদন অনুসৰি অসমত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ৩৫জন প্ৰার্থীৰ ভিতৰত পাঁচজনে তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈ থকা অপৰাধ গোচৰৰ স্ব-ঘোষণা দিছে ।

লগতে পঢ়ক: অন্ত পৰিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.