ETV Bharat / politics

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বুজাবুজি সমাপ্ত: ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এত আসন বিতৰণ চূড়ান্ত হৈছে । ৰাঁচীত ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

NDA Seat Sharing in Jharkhand
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে এন ডি এৰ আসন বুজাবুজি সমাপ্ত (ETV Bharat)

ৰাঁচী : ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট এন ডি এৰ আসন ভাগ-বটোৱাৰা চূড়ান্ত হৈছে । ৰাজ্যখনত বিজেপিৰ নিৰ্বাচনৰ সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাঁচীত এক সংবাদমেলত শুকুৰবাৰে এই কথা ঘোষণা কৰে । এন ডি এ মিত্ৰজোঁটত বিজেপিয়ে ৬৮ খন, জে ডি ইউয়ে ২ খন, এল জে পিয়ে ১খন আৰু এ জে এছ ইউয়ে ১০ খন আসন লাভ কৰিছে ।

জে ডি ইউয়ে তামাৰ আৰু পশ্চিম জামছেদপুৰ আসন দুখনত প্ৰতিদ্বন্দ্বিতা কৰিব । আনহাতে, এল জে পিয়ে চাত্ৰা আসনখনত যুঁজিব । গোমিয়া, ৰামগড়, মনোহৰপুৰ, জুগছালাই, ইচাগড়, দুমৰী, তামাৰ, চিলি, পাকুৰ আৰু বৰকাগাঁও আসন লাভ কৰিছে জে ডি ইউয়ে ।

উল্লেখ্য যে ঝাৰখণ্ড বিধানসভাৰ ৮১ খন আসনৰ বাবে বিজেপিয়ে আসন ভাগ-বটোৱাৰা কৰিছে । আসন বিতৰণ চূড়ান্ত হোৱাৰ পিচত এতিয়া বিজেপিয়ে শীঘ্ৰেই দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা সম্ভাৱনা আছে ।

উল্লেখ্য যে ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব । ইয়াৰ বাবে অধিসূচনা জাৰি কৰা হৈছে । প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন প্ৰক্ৰিয়া ২৫ অক্টোবৰলৈকে অব্যাহত থাকিব । ইয়াৰ পিছত মনোনয়ন-পত্ৰ পৰীক্ষা 28 অক্টোবৰত কৰা হ'ব । প্ৰাৰ্থীসকলে ৩০ অক্টোবৰলৈকে তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২০ নৱেম্বৰত অনুষ্ঠিত হ'ব । ইয়াৰ বাবে অধিসূচনা ২২ অক্টোবৰত জাৰি কৰা হ'ব । মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ অক্টোবৰ । 30 অক্টোবৰত মনোনয়ন-পত্ৰৰ পৰীক্ষা কৰা হ'ব । প্ৰাৰ্থীসকলে ১ নৱেম্বৰলৈকে তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব । ভোটগণনা ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে ঝাৰখণ্ড বিধানসভাত আসনৰ সংখ্যা ৮১ খন । ইয়াৰে ভিতৰত 44 খন অসংৰক্ষিত । 28 খন এছ টিৰ বাবে আৰু 9 খন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ঝাৰখণ্ডত 15 অক্টোবৰলৈকে মুঠ 2.6 কোটি ভোটাৰ আছে । ইয়াৰে ভিতৰত 1.29 কোটি মহিলা আৰু 1.31 কোটি পুৰুষ । আনহাতে, এই নিৰ্বাচনত 11.84 লাখ যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব ।

লগতে পঢ়ক :ঝাৰখণ্ড বিধানসভা নিৰ্বাচন সন্দৰ্ভত চিৰাগ পাছোৱানৰে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ
লগতে পঢ়ক :মহাৰাষ্ট্ৰত এটা আৰু ঝাৰখণ্ডত দুটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.