ETV Bharat / politics

মোদীৰ ছুনামিত সকলো শক্তি উটি-ভাহি যাব : সাংসদ কুইন ওজা - MP Queen Oja

author img

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 5:53 PM IST

Guwahati Lok Sabha Constituency: বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব দিয়াক লৈ সুখী সাংসদ কুইন ওজা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছুনামিত সকলো শক্তি উটি-ভাহি যাব বুলি মন্ত্ৰী গুৱাহাটীৰ সাংসদগৰাকীৰ ৷

MP QUEEN OJA
বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সাংসদ কুইন ওজা

গুৱাহাটী, ২২ মাৰ্চ: ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছুনামিত কোনো শক্তি তিষ্ঠি থাকিব নোৱাৰিব ।’’ এই মন্তব্য গুৱাহাটীৰ সাংসদ কুইন ওজাৰ । শুকুৰবাৰে বিজেপিৰ গুৱাহাটীস্থ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত সাংসদগৰাকীয়ে এইদৰে কয় ।

এইবাৰ টিকট লাভ নকৰাক লৈ আক্ষেপ আছে নেকি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ইয়াত আক্ষেপৰ কোনো কথা নাই । পুৰণিৰ ঠাইত নতুন অহাটো নিয়মৰ কথা । বিজেপি দলত সকলোকে সমমৰ্যাদা দিয়া হয় । ইয়াত কাকো বঞ্চিত কৰা নহয় ।

সহকৰ্মী বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব দিয়াক লৈ সুখী বুলি মন্তব্য কৰি তেওঁ কয় যে নিৰ্বাচনী প্ৰচাৰত তেওঁ প্ৰাৰ্থীগৰাকীক সকলোপ্ৰকাৰে সহযোগ কৰিব । দিল্লীত থকাৰ বাবে প্ৰচাৰত সংগ দিব পৰা নাছিল বুলি সদৰী কৰি এতিয়াৰে পৰা একেলগে প্ৰচাৰ চলাব বুলি কয় কুইন ওজাই । গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছুনামিত সকলো শক্তি উটি-ভাহি যাব । বিজেপিৰ বিৰুদ্ধে আন কোনো প্ৰাৰ্থী ফেক্টৰ নহয় বুলি তেওঁ কয় ।

জনতাই নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব বুলি মন্তব্য কৰে সাংসদ কুইন ওজাই । আনহাতে সাংসদ হিচাপে সমষ্টিৰ বাবে কৰিবলগীয়া কিবা কাম ৰৈ গ'ল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্টভাৱে কয়, ‘‘একাউণ্টত এটা টকাও নাই । সমুদায় পুঁজি সমষ্টিত ব্যয় কৰা হৈছে । মোৰ কাৰ্যকালত সকলো কাম সম্পূৰ্ণ হৈছে আৰু সকলো ধন খৰচ কৰা হৈছে । সাংসদ পুঁজিত ফুটাকড়ি এটাও নাই ।’’

বিজুলী কলিতা মেধিয়ে ভোটৰ ব্যৱধানৰ ক্ষেত্ৰত তেওঁৰ অভিলেখ ভংগ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেই কথা সময়তহে গম পোৱা যাব । অৱশ্যে মোদীৰ ছুনামিত অভিলেখ গঢ়িবও পাৰে বুলি তেওঁ কয় । লগতে তেওঁ কয় যে গোটেই দেশতে এইবাৰ ৰেকৰ্ড ব্ৰেক হ'ব ।

উল্লেখ্য যে শুকুৰবাৰে তেওঁ বাজপেয়ী ভৱনত মহিলা মৰ্চাৰ কাৰ্যালয় মুকলি উপলক্ষ্যে আয়োজন কৰা পূজা-অৰ্চনাত ভাগ লয় । একেটা অনুষ্ঠানতে গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা বিজুলী কলিতা মেধিয়ে অংশ গ্ৰহণ কৰে । সাংসদ কুইন ওজাৰ সৈতে তেওঁ একেলগে পূজা-অৰ্চনা কৰে । ইফালে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আজি প্ৰাৰ্থীসকলক দলীয় টিকট প্ৰদানৰ ব্যৱস্থা কৰা হয় ।

লগতে পঢ়ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচখন আসন বিজেপিয়ে লাভ কৰিব : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.