ETV Bharat / politics

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে 12 জুনত শপত ল’ব মোহন চৰণ মাঝিয়ে - New Chief Minister of Odisha

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 6:46 PM IST

Updated : Jun 11, 2024, 7:13 PM IST

Odisha new CM: ওড়িশাত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হ’ব মোহন চৰণ মাঝি ৷ 12 জুনত শপত ল’ব নতুন চৰকাৰে ৷ শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

Odisha new CM
MOHAN CHARAN MAJHI (ETV Bharat)

নিউজ ডেস্ক, 11 জুন: অশেষ জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিজেপিয়ে ঘোষণা কৰিলে ওড়িশাৰ মুখ্যমন্ত্ৰীৰ নাম ৷ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে শাসনলৈ অহা বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী হ’ব মোহন চৰণ মাঝি ৷ অহা 12 জুন বুধবাৰে অনুষ্ঠিত হ’ব শপতগ্ৰহণ ৷

ইফালে কনক বৰ্ধন সিং দেউ আৰু প্ৰভাতী পৰিদা হ’ব ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ৷ নবীন পাটনায়কৰ 24 বছৰীয়া শাসনক ওফৰাই এইবাৰ বিজেপিয়ে ওড়িশাৰ ৰাজপাট দখল কৰিছে ৷ ধৰ্মেন্দ্ৰ প্ৰধান আৰু বৈজয়ন্ত জয় পাণ্ডা সহিতে বহুকেইগৰাকী বিজেপি নেতা মুখ্যমন্ত্ৰীৰ দৌৰত আছিল যদিও অৱশেষত বিজেপিয়ে মোহন চৰণ মাঝিক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷

লগতে পঢ়ক: লোকসভাৰ অধ্যক্ষ হিচাপে ইতিহাস ৰচিব নেকি ওম বিৰলাই ? - Om Birla Political Future

মোহন চৰণ মাঝি হৈছে জনজাতীয় সম্প্ৰদায়ৰ এজন লোক আৰু তেওঁ চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে ৷ 147 খন আসন বিশিষ্ট ওড়িশা বিধানসভা নিৰ্বাচনত বিজেপিয়ে 78 খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে সদ্যসমাপ্ত নিৰ্বাচনত ৷ বিজু জনতা দলে মাত্ৰ 51 খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে কংগ্ৰেছে 14 খন আসন লাভ কৰিবলৈ সক্ষম হয় ।

বিজু জনতা দলৰ মিনা মাঝিক ​​11577 টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি 2024 চনৰ বিধানসভা নিৰ্বাচনত ওড়িশাৰ কেওনঝাৰ বিধানসভা সমষ্টিৰ পৰা মোহন মাঝিয়ে জয়লাভ কৰে ।

লগতে পঢ়ক: বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে আৰম্ভ এছ জয়শংকৰৰ দ্বিতীয় ইনিংছ - Minister S Jaishankar

ইফালে, ওড়িশাৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে । মোহন মাঝিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । জানিব পৰা মতে শপতগ্ৰহণ অনুষ্ঠানৰ বাবে বিজেপি নেতাসকলে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেডি নেতা নবীন পাটনায়ককো আমন্ত্ৰণ জনাইছে ।

নৱনিৰ্বাচিত বিধায়ক প্ৰভাতী পৰিদা, পৃথ্বীৰাজ হৰিচন্দন, অশ্ৰিত পাটনয়ক আৰু ইৰাছিছ আচাৰ্যকে ধৰি বিজেপি নেতাৰ এটা প্ৰতিনিধি দলে পুৰীত উপস্থিত হৈ ভগৱান জগন্নাথৰ আশিস লয় ।

লগতে পঢ়ক: মোদী চৰকাৰৰ দপ্তৰ বিতৰণ; নাড্ডাক স্বাস্থ্য, নিৰ্মলাক বিত্ত; গৃহত শ্বাহ, নিৰাপত্তাত ৰাজনাথ...সবিশেষ চাওক - Narendra Modi Cabinet

"আমি ইয়ালৈ (পুৰীলৈ) ওড়িশাৰ উন্নয়নৰ নতুন যাত্ৰাৰ বাবে ভগৱান জগন্নাথৰ পৰা আশীৰ্বাদ বিচাৰি আহিছিলো । আমি ওড়িশাৰ জনসাধাৰণ আৰু তেওঁলোকৰ মংগলৰ বাবে আশীৰ্বাদ বিচাৰিছিলো । তেওঁৰ আশীৰ্বাদৰ বাবেই আমাক এক বৃহৎ দায়িত্ব আগবঢ়োৱা হৈছে । আমি ৰাজ্যখনক সঠিক দিশত লৈ যাবলৈ তেওঁৰ আশীৰ্বাদ বিচাৰিছিলো । কাইলৈ ​​শপত ল’বলৈ যোৱাসকলৰ বাবেও আমি তেওঁৰ আশীৰ্বাদ বিচাৰিছিলো ।’’ এই মন্তব্য কৰে চিলিকাৰ বিধায়ক পৃথ্বীৰাজ হৰিচন্দনে ।

নিমাপাৰাৰ বিধায়িকা প্ৰভাতী পৰিদাই কয়, "ওড়িশাৰ উন্নয়নৰ বাবে ভগৱান জগন্নাথে আমাক আশীৰ্বাদ দিছে । নতুন মুখ্যমন্ত্ৰী আৰু নতুন কেবিনেটৰ হৈ আমি ভগৱান জগন্নাথৰ পৰা আশীৰ্বাদ বিচাৰিছিলো । লগতে ওড়িশাক এক নম্বৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁৰ আশীৰ্বাদ বিচাৰিছিলো ।”

লগতে পঢ়ক: মোদীৰ তৃতীয় কাৰ্যকালৰ প্ৰথমটো দিন; বিশেষ আঁচনি মুকলি প্ৰধানমন্ত্ৰীৰ - PM Narendra Modi

Last Updated : Jun 11, 2024, 7:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.