ETV Bharat / politics

কংগ্ৰেছৰ মুছলমান বিধায়কক AIUDFত যোগদানৰ আহ্বান ৰফিকুল ইছলামৰ

author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 5:42 PM IST

MLA Rafiqul Islam: কংগ্ৰেছ দল এৰা তালিকাত হেনো ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াও আছে ৷ বিধায়ক ৰফিকুল ইছলামে কৈছে এই কথা ৷ AIUDFৰ বিধায়কগৰাকীয়ে কংগ্ৰেছৰ মুছলমান বিধায়কসকলক তেওঁলোকৰ দললৈ মাতিছে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুষ্কাৰ্যৰ ওপৰত মই Ph.D কৰাৰো মন ৰফিকুল ইছলামৰ ৷

MLA Rafiqul Islam
কংগ্ৰেছৰ মুছলমান বিধায়কক AIUDFত যোগদানৰ আহ্বান

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী : কংগ্ৰেছৰ মুছলমান ধৰ্মাৱলম্বী বিধায়কসকলক এআইইউডিএফত যোগদান কৰিবলৈ আহ্বান জনাইছে AIUDFৰ বিধায়কে । কংগ্ৰেছৰ পৰা অহা বিধায়কক বিৰোধীৰ দলপতিৰ বাব দিবলৈয়ো সাজু এ আই ইউ ডিএফ ৷

অসম প্ৰদেশ কংগ্ৰেছৰ এতিয়া বেয়া দিন চলিছে ৷ বিজেপি চৰকাৰৰ সকলো কাম-কাজলৈ সমৰ্থন আগবঢ়োৱাৰ পিচত দুই বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে যেন অথাই সাগৰলৈ ঠেলি দিলে কংগ্ৰেছক ৷ এ আই ইউ ডি এফে কালিৰে পৰা ক্ষুৰধাৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক । মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামৰ কঠোৰ সমালোচনা ৷

“ কংগ্ৰেছৰ বিধায়ক গৈ গৈ বৰ্তমান 21 জনহে আছেগৈ ৷ শুনিছো আৰু অলপ দিনতে আন কেইজনমান বিধায়কো যাব ৷ শুনিছো দল এৰা তালিকাত ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়াও আছে ৷”- বুলি মন্তব্য এআইইউডিএফ বিধায়ক ৰফিকুল ইছলামৰ ।

“ কংগ্ৰেছৰ ভিতৰত এতিয়া কাৰো স্বাধীনতা নাই ৷ কংগ্ৰেছৰ বাকী থকা মুছলমান বিধায়কসকল আমাৰ দললৈ আহক ৷ আমি AIUDFয়ে সকলোকে লগত লৈ শক্তিশালী বিৰোধীৰ ভূমিকা ল’ম ”- এইদৰে কংগ্ৰেছৰ মুছলমান বিধায়কসকলক এআইইউডিএফৰ জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে আহ্বান জনালে । কেৱল সেয়ে নহয়, “ বিচাৰিলে কংগ্ৰেছৰ পৰা অহা মাজৰ এজনে আমাৰ CLP লিডাৰ হৈ যাব ৷ লগতে কেবিনেট মৰ্যাদা পাই যাব ৷ আমি দি দিম ৷”-বুলিও কংগ্ৰেছৰ মুছলমান বিধায়কসকললৈ বিশেষ অফাৰ এআইইউডিএফ বিধায়কগৰাকীৰ ।

লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো কংগ্ৰেছ এতিয়া মহাসাগৰৰ নহয়, মৃত সাগৰ হ’ল বুলি সমালোচনা ৰফিকুল ইছলামৰ । মুখ্যমন্ত্ৰীৰ ওপৰত পিএইচডি কৰাৰ মন ৰফিকুল ইছলামৰ ৷ কেৱল কংগ্ৰেছকে নহয়, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও কটাক্ষ আৰু সমালোচনা এআইইউডিএফৰ বিধায়কগৰাকীৰ ।

ড৹ ৰফিকুল ইছলামৰ মন্তব্য- “মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যিহেতু আৰু মানুহ নিব ৷ আন দলৰ পৰা মানুহ নি নি মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰৰ হত্যা কৰি আছে ৷” মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে গৱেষণা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ৰফিকুল ইছলামে ।

এই বিষয়ত ৰফিকুল ইছলামে ক’লে এইদৰে- “ মই এবাৰ পিএইছ ডি কৰা ব্যক্তি; আৰু যদি এবাৰ পিএইছ ডি কৰিবলৈ সুবিধা পাওঁ তেন্তে মুখ্যমন্ত্ৰীৰ এনেবোৰ দুষ্কাৰ্যৰ ওপৰত মই Ph.D কৰিব বিচাৰোঁ ।”

লগতে পঢ়ক: ২০০০ টকীয়া নোট এখনো চলাব নোৱৰা লোকে ৭০ বছৰৰ হিচাপ বিচৰাটো হাস্যকৰ: সুপ্ৰিয়া শ্ৰীনাটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.