ETV Bharat / politics

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আখ্যান বখানিলে বিধায়ক কমলাক্ষই - Bhupen Kumar Bora

Assam Congress conflict: “বেলেগ দলমুখী বিধায়কৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা ল’ব পৰা নাই কিয় কংগ্ৰেছ দলে ?’’ এই প্ৰশ্নৰ লগতে ভূপেন বৰা আৰু ৰকিবুল হুছেইনক হিয়া উজাৰি সমালোচনা বিজেপিৰ কোলাত আশ্ৰয় লোৱা কাগজে-পত্ৰই কংগ্ৰেছী বিধায়ক হৈ থকা কমলাক্ষ দে’ পুৰকায়স্থৰ ৷

Assam Congress conflict
MLA Kamalakhya Dey Purkayastha
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 3:44 PM IST

Updated : Feb 19, 2024, 4:12 PM IST

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আখ্যান বখানিলে বিধায়ক কমলাক্ষই

গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: অসমত কংগ্ৰেছ দলৰ বেয়া দিন চলি আছে ৷ এফালে যদি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে দল ত্যাগ নকৰাকৈয়ে কংগ্ৰেছৰ নেতৃত্বক তুলা ধুনা দিছে তেন্তে আন বিধায়কে আকৌ মুকলিকৈ কৈছে যে অহাবাৰ অগপৰ পৰা নিৰ্বাচন খেলিব ৷ এই সকলৰ ওপৰত কোনো ধৰণৰ অনুশাসনমূলক ব্যবস্থা ল’ব পৰা নাই কংগ্ৰেছ দলে । ইয়াকে লৈ কংগ্ৰেছক প্ৰত্যাহ্বান ’বিজেপিৰ কংগ্ৰেছ বিধায়ক’ কমলাক্ষ দে’ পুৰকায়স্থৰ ।

বিজেপিলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱা কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কংগ্ৰেছ দলৰ সাহসক লৈ প্ৰশ্ন তুলিছে এইবাৰ । কমলাক্ষৰ প্ৰশ্ন- “কংগ্ৰেছৰ সাহস নাই নেকি ? ইমানবোৰ চলি থকাৰ পিছত কোনো একশ্যন নোলোৱাৰ কাৰণ কি? ইয়াৰ অৰ্থ সকলো মিলি আছে ।’’ বহুতেই নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই কংগ্ৰেছ ত্যাগ কৰিবলৈ সাজু হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷

কেৱল কংগ্ৰেছ নেতৃত্বকে নহয় । সাংসদ গৌৰৱ গগৈকো সমালোচনা কমলাক্ষৰ ৷ কমলাক্ষৰ মন্তব্য যে মাটিৰ লগত সম্পৰ্ক নথকাৰ বাবে যোৰহাটৰ পৰা নগাঁৱলৈ আহিব বিচাৰিছে গৌৰৱ গগৈয়ে ৷ আজিৰ দিনত কংগ্ৰেছৰ নীতি-আদৰ্শ নাই বুলি মুকলিকৈ ক’লে বিধায়কগৰাকীয়ে৷

ইফালে ইটোৰ পিচত সিটো বিপৰ্যয়ে উশাহ নোপোৱা অৱস্থা কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰি বিধায়ক কমলাক্ষই কয় যে দুয়োগৰাকীয়েই অতি অহংকাৰী ৷ মানুহৰ লগত কথা নাপাতে ৷ কোনোবা মানুহৰ লগত কথা পাতিবলৈ হ’লেও কিবা দিব লাগে বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৷

ইয়াৰ লগতে এআইচিচিৰ পৰা ভূপেন বৰা আৰু ৰকিবুল হুছেইনক শ্ব’কজ কৰিব লাগে বুলি দাবী জনাই বৰাকৰ বিধায়কজনে৷ সংখ্যালঘু লোক এতিয়া কংগ্ৰেছ বা AIUDF ৰ সলনি অগপলৈ যাব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এতিয়া ৰকিবুল হুছেইন আৰু ভূপেন বৰা মূল কংগ্ৰেছ দলৰ ৷ সদায় সদায় বিধায়কবোৰক গালি পৰাৰ মানসিকতা দুইজনৰ ৷ যাৰ পৰিণামত এনে হৈছে ৷

মুখ্যমন্ত্ৰীক সমৰ্থন কৰা বুলি মুকলিকৈ প্ৰকাশ কৰি কমলাক্ষ দে’ পুৰকায়স্থই কয় যে কেৱল দুই-এজন কংগ্ৰেছ নেতা নহয়, তলৰ পৰা ওপৰলৈ সকলোৱেই মুখ্যমন্ত্ৰীৰ চৰ ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত ৰাহুল গান্ধীৰ ব’ডী ডাবল বিষয়টো সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ কৌশলী উত্তৰ দি বিধায়ক কমলাক্ষই কয় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিতকৈ মুখ্যমন্ত্ৰীয়ে বেছি ভালকৈ জানে আৰু সঁচা কথা কয় ৷

লগতে পঢ়ক: দলীয় শৃংখলাৰ অৱনতি ঘটিছে অসম প্ৰদেশ কংগ্ৰেছত: দেৱব্ৰত শইকীয়া

Last Updated : Feb 19, 2024, 4:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.