ETV Bharat / politics

অসমত মাছৰ উৎপাদন বৃদ্ধিত গুৰুত্ব নাই চৰকাৰৰ : জাকিৰ হুছেইন শিকদাৰ - Fish Production in Assam

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 7:08 PM IST

Assam govt scheme of fish production : চালানী বন্ধ কৰাৰ কথা কোৱা হৈছে যদিও অসমলৈ মাছ আনিবলগীয়া হৈ আছে বহিঃৰাজ্যৰ পৰা ৷ মাছৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰৰ বহু আঁচনি আছে যদিও পুঁজিৰ সদব্যৱহাৰ নহয় । এই অভিযোগ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷

Assam govt scheme of fish production
বিধায়ক জাকিৰ হুছেইন শিকদাৰ (ETV Bharat Assam)

গুৱাহাটী, ৩০ আগষ্ট : ৰাজ্যত শেহতীয়াকৈ মাছৰ প্ৰসংগই বিশেষ চৰ্চা লাভ কৰাৰ সমান্তৰালকৈ বিধানসভাতো ইয়াৰ চৰ্চা নোহোৱাকৈ থকা নাই । বিগত কেইদিনত মাছৰ প্ৰসংগ বিধানসভাত চৰ্চিত হোৱাৰ পিছত আজি পুনৰ মাছৰ কথা ওলাইছে বিধানসভাত । অৱশ্যে আজি মাছক লৈ বিতৰ্ক হোৱাৰ বিপৰীতে উৎপাদনৰ কথাহে কোৱা হৈছে ৷

বিধায়ক জাকিৰ হুছেইন শিকদাৰ (Assam govt scheme of fish production)

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি সামৰণিৰ দিনা অসমত মাছৰ উৎপাদনৰ প্ৰসংগত বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰশ্ন উত্থাপন কৰে ৷ এই সন্দৰ্ভত বিধায়ক শিকদাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

বিধায়কগৰাকীয়ে কয়, ‘‘অসমত চালানী মাছ বন্ধ কৰাৰ কথা কোৱা হৈছে যদিও এতিয়াও অসমলৈ আন ৰাজ্যৰ পৰা মাছ আহে ৷ ২০২১-২২ চনত ২৬৪৩০ মেট্ৰিক টন মাছ অসমলৈ অহাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত ১৮২৪০ মেট্ৰিক টন মাছ অসমলৈ আমদানি কৰা হয় ৷ এয়া চৰকাৰী তথ্য যদিও ইযাতকৈ বহু বেছি মাছ বহিঃৰাজ্যৰ পৰা অসমলৈ আহে ৷ মাছৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰৰ বহু আঁচনি আছে যদিও আঁচনিৰ ৮০ শতাংশ পুঁজিৰ সদব্যৱহাৰ নহয় । মীন বিভাগৰ আঁচনিসমূহে থলুৱা মীন পালকসকলক স্পৰ্শ কৰিব পৰা নাই । একাংশ মধ্যভোগী দালালৰ কৱলত আছে ৰাজ্যৰ মীন বিভাগৰ আঁচনিসমূহ । অসম চৰকাৰ তথা মীন বিভাগৰ সদিচ্ছা থাকিলে অসমলৈ বাহিৰৰ পৰা মাছ অহাটো বন্ধ হ’ব পাৰে । বাহিৰৰ মাছ অসমলৈ অহাৰ বাবে দায়ী ৰাজ্য চৰকাৰ ৷’’

বিধায়ক শিকদাৰে লগতে কয়, ‘‘চৰকাৰখনে উৎপাদনৰ কথা কয় যদিও এতিয়াও অসম মীন উৎপাদনত স্বাৱলম্বী হ’ব পৰা নাই । বাহিৰৰ পৰা এতিয়াও বহু পৰিমাণৰ মাছ অসমলৈ আহে ৷ অসমত মাছৰ উৎপাদন বৃদ্ধিৰ পৰিৱেশ আছে । চৰকাৰীভাৱে মাছৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিয়া হোৱা নাই । বৰ্তমান সময়ত ৰাজ্যত মাছত যি উৎপাদন বৃদ্ধি পাইছে সেয়া ব্যক্তিগতভাৱে হৈছে । মীন বিভাগৰ সহযোগিতা থাকিলে অসমত মাছৰ উৎপাদন কৰি বাহিৰলৈয়ো পঠিয়াব পৰা যাব । বৰ্তমান সময়ত মীন বিভাগত ২৫০ টা পদ খালী হৈ আছে । চালানী মাছ বন্ধ কৰাৰ কথা কোৱা বিভাগটোতে খালী হৈ আছে বহু পদ ।’’

লগতে পঢ়ক : নগাঁৱৰ মীনপালক সন্থাৰ দম্ভালিক প্ৰত্যাহ্বান সৰুপথাৰৰ স্থানীয় ব্যৱসায়ীৰ

দুষ্টচক্ৰই পুখুৰীত ঢালিলে ৰাসায়নিক দ্ৰব্য; পানীত ওপঙি উঠিল হাজাৰ হাজাৰ মৃত মাছ

একাংশ লোকৰ পৰোক্ষ উচটনিত উজনিলৈ মাছ ৰপ্তানি নকৰাৰ কথা কৈছিল নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.