ETV Bharat / politics

গৃহসমষ্টিতে পৰাজিত তপন কুমাৰ গগৈ : নৈতিক দায়িত্ব স্বীকাৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:12 PM IST

Jorhat election result : তপন কুমাৰ গগৈৰ গৃহসমষ্টি সোণাৰিত পৰাজয়ক লৈ নৈতিক দায়িত্ব স্বীকাৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ ৷ দলৰ বিপৰ্যয়ক লৈ চৰাইদেউত বিজেপিৰ পৰ্যালোচনা সভা ৷

Jorhat election result
নৈতিক দায়িত্ব স্বীকাৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 7 জুন : যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জয়লাভ‌ কৰা পিচতেই বিজেপি দলৰ ভিতৰত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ গৌৰৱ গগৈক লৈ একপ্ৰকাৰে বিজেপি দলত সংঘাত আৰম্ভ হৈছে ।

কিয়নো লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যোৰহাট লোকসভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ লক্ষ্যণীয় হৈ উঠিছিল । বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক দ্বিতীয়বাৰৰ বাবে জয়ী কৰাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি সকলো মন্ত্ৰী-বিধায়ক ব্যস্ত হৈছিল যোৰহাট লোকসভা সমষ্টিত ৷ গৌৰৱ গগৈক পৰাজিত কৰাটোক লক্ষ্য হিচাপে লৈছিল বিজেপিয়ে । কিন্তু ফলাফলত তাৰ বিপৰীত ছবি দেখা গ'ল ।

বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ গৃহসমষ্টিতে পৰাজিত হ’ল । চৰাইদেউ জিলাখনৰ দুয়োটা বিধানসভা সমষ্টিতে তপন গগৈ পৰাজিত হয় ৷ গৃহসমষ্টি সোণাৰিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে 71603 টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ তপন গগৈয়ে 61269 টা ভোট লাভ কৰিছিল ৷ সোণাৰি সমষ্টিত গৌৰৱ গগৈয়ে 10334 টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ৷ ধনবলৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ চেষ্টা কৰিও সফল হ'ব পৰা নাছিল বিজেপি ৷

ইয়াৰ পিচতে শুকুৰবাৰে চৰাইদেউত অনুষ্ঠিত হ'ল বিজেপিৰ পৰ্যালোচনা সভা । জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হ'ল এই সভা । সভাত দলৰ বিপৰ্যয়ৰ সকলো দিশৰ বিষয়ে আলোচনা কৰা হয় ৷ নিৰ্বাচনত তপন কুমাৰ গগৈ পৰাজিত হোৱাৰ পিচত এই সভাত অংশগ্ৰহণ কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, ‘‘ভাৰতীয় জনতা পাৰ্টিৰ নেতা-কৰ্মীয়ে অশেষ কষ্ট কৰাৰ পিচতো বিজেপিয়ে যোৰহাটত পৰাজয়বৰণ কৰিব লগা হ'ল । আমি এনে পৰিস্থিতি হ'ব বুলি ভবা নাছিলো ।’’

সোণাৰি সমষ্টিত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি বিধায়কগৰাকীয়ে কয় যে তপন গগৈৰ উপস্থিতিত পৰাজয়ৰ সকলো কাৰণ বিশ্লেষণ কৰা হ'ব । উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বিজেপিয়ে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকীক দলত যোগদান কৰাই কংগ্ৰেছক দুৰ্বল কৰিবলৈ চেষ্টা চলাইছিল যদিও তাতো সফল হ'ব নোৱাৰিলে দলটো ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.