ETV Bharat / politics

গাঁৱৰ মহিলাক বিজেপিয়ে ভোটৰ নামত ভয়-ভাবুকি প্ৰদানৰ অভিযোগ মীৰা বৰঠাকুৰৰ - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: বিজেপিৰ বিৰুদ্ধে সৰৱ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ । সমষ্টিৰ অন্তৰ্গত পলাশবাৰী, ছয়গাঁও আদিত মহিলাসকলক বিজেপিয়ে ভোটৰ নামত বিভিন্ন ধৰণৰ ভয়-ভাবুকি আৰু প্ৰলোভিত কৰাৰ অভিযোগ । নিৰ্বাচন আয়োগক ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰাৰ্থীগৰাকীৰ ।

Lok Sabha Election 2024
গাঁৱৰ মহিলাক বিজেপিয়ে ভোটৰ নামত ভয়-ভাবুকি প্ৰদানৰ অভিযোগ মীৰা বৰঠাকুৰৰ
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 6:38 PM IST

গাঁৱৰ মহিলাক বিজেপিয়ে ভোটৰ নামত ভয়-ভাবুকি প্ৰদানৰ অভিযোগ মীৰা বৰঠাকুৰৰ

গুৱাহাটী,২৫ এপ্ৰিল : "বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ নামত আচৰণ বিধি উলংঘা কৰিছে । নিৰ্বাচনী বিধি উলংঘা কৰি বিজেপিয়ে মহিলাসকলক চৰকাৰী আঁচনি দিয়াৰ প্ৰলোভন দি থকা হৈছে । গাঁৱৰ মহিলাসকলক ভয় আৰু ভীতিগ্ৰস্ত কৰি বিজেপিক ভোট নিদিলে আঁচনি কাটি দিম বুলি ভাবুকি প্ৰদান কৰিছে ।" এই বিস্ফোৰক অভিযোগ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ ।

বৃহস্পতিবাৰে প্ৰাৰ্থীগৰাকীৰ ঘোৰামাৰাস্থিত বাসভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰে প্ৰাৰ্থীগৰাকীয়ে । সংবাদমেলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে বিজেপিক ভোট দিলে ছাত্ৰ-ছাত্ৰীসকলক ১০ হাজাৰ টকাকৈ দিম বুলি প্ৰচাৰ চলাই আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা সভাতো এই কথাসমূহো মুকলিভাৱে কৈ‌ আছে বুলি তেওঁ অভিযোগ কৰে ।

মীৰা বৰঠাকুৰে সেয়ে নিৰ্বাচন আয়োগক এই বিষয়সমূহত চোকা নজৰ ৰাখিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে বিজেপিয়ে মহিলাসকলক শপত গ্ৰহণ কৰোৱাইছে ।‌ বিজেপিক ভোট নিদিলে বুলডজাৰ চলাম, আঁচনি কাটি দিয়া হ'ব বুলি ভয়-ভাবুকি দিছে বুলিও তেওঁ অভিযোগ কৰে । মীৰা বৰঠাকুৰৰ মতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত পলাশবাৰী, ছয়গাঁও,‌ দিছপুৰ আদি স্থানত এনেধৰণৰ‌ কাৰ্য চলি আছে । ‌এই সম্পৰ্কে নিৰ্বাচন আয়োগক এখন পত্ৰ প্ৰেৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

মীৰা বৰঠাকুৰে কয় যে পুৰুষ সমাজ, যুৱ সমাজ আৰু ব্যৱসায়ী সমাজে এইবাৰ সংবিধান সুৰক্ষাৰ স্বাৰ্থত ভোট দিব বুলি সিদ্ধান্ত লৈছে । কিন্তু মহিলাসমাজক ভয় আৰু ভীতিগ্ৰস্ত কৰা হৈছে । সেয়ে মহিলাসকলক ভয় আৰু ভীতিগ্ৰস্ত হোৱাৰ পৰিৱৰ্তে সংবিধান সুৰক্ষাৰ স্বাৰ্থত ভোট দিবলৈ তেওঁ আহ্বান জনায় । তেওঁ দাবী কৰে যে বিজেপিয়ে সমষ্টিসমূহত যিমানে মন্ত্ৰী বা নেতা নমালেও সেইসকল অহংকাৰী নেতাক ৰাইজে প্ৰত্যাখ্যান কৰিছে ।‌ এইবাৰ যদি নৰেন্দ্ৰ মোদী শাসনলৈ আহে সাধাৰণ নাগৰিক কৰ্পোৰেট গোষ্ঠীৰ শ্ৰমিক হৈ যাব বুলিও তেওঁ দাবী কৰে ।

লগতে পঢ়ক :দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন; তৎপৰ কাছাৰ জিলা প্ৰশাসন - Lok Sabha Elections 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.