নগাঁও : 13 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সোমবাৰে অন্তিম দিন । প্ৰচাৰকাৰ্যৰ অন্তিম দিনা চামগুৰিত কংগ্ৰেছে ৰেলীৰে প্ৰচাৰ চলোৱাৰ বিপৰীতে বিজেপিয়েও পঞ্চায়তে পঞ্চায়তে চলাই নিৰ্বাচনী প্ৰচাৰ ।
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ক জিতু গোস্বামী, মন্ত্ৰী বিমল বড়া, কেশৱ মহন্তসহ অগপ-বিজেপিৰ বহুকেইগৰাকী নেতাই চামগুৰি সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে সভা, ৰেলী অনুষ্ঠিত কৰি ব্যাপক প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণৰ চেষ্টা চলায় ।
আনহাতে, কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছে ৰেলীৰ আয়োজন কৰি কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ । ইয়াৰ বিপৰীতে বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে প্ৰচাৰ চলাই অনুষ্ঠিত কৰে যোগদান কাৰ্যসূচীও । অগপ, বিজেপিৰ সভাই সভাই কংগ্ৰেছৰ বহু কৰ্মী-সমৰ্থকে যোগদান কৰে বিজেপি দলত ।
কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ কামকাজত অসন্তুষ্ট হৈ বিজেপিত যোগদান কৰা বুলিও উল্লেখ কৰে কংগ্ৰেছ ত্যাগ কৰা কৰ্মীয়ে । কংগ্ৰেছৰ গুণ্ডাগিৰি আৰু দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে বিজেপিক সমৰ্থন কৰা বুলিও মন্তব্য কৰে কংগ্ৰেছ ত্যাগ কৰা নেতাই । চামগুৰি সমষ্টিৰ বাঘভৰালীত অনুষ্ঠিত এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাই নিৰ্বাচনত কংগ্ৰেছে ধনবল, বাহুবল প্ৰয়োগ কৰা বুলিও অভিযোগ উত্থাপন কৰে । লগতে অন্তিম নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে ধিং, ৰূপহীহাট আৰু ধুবুৰীৰ পৰা মনুহ আনি চামগুৰিত ৰেলী কৰা বুলিও সভাই সভাই ভাষণত উল্লেখ কৰে দিপ্লু ৰঞ্জন শৰ্মাই ।
"হিংসাৰ ৰাজনীতিৰে ৰকিবুল হুছেইনে অসমৰ ৰাজনীতিক কলুষিত কৰিছে । এতিয়া ৰাইজৰ দ্বাৰা ৰকিবুল হুছেইন প্ৰত্যাখ্যিত হৈছে ।" এই কটাক্ষ বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাৰ ।
আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনক শুভেচ্ছা জ্ঞাপন কৰি ৰাজনীতিত পুত্ৰস্নেহত পিতৃয়ে পুত্ৰক কথাই ক'ব নিদিয়ে বুলিও মন্তব্য কৰে দিপ্লু ৰঞ্জন শৰ্মাই । ইয়াৰ বিপৰীতে তানজিল হুছেইনক সুস্থ ৰাজনীতি কৰিবলৈ আহ্বান জনোৱাৰ কথাও উল্লেখ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে । লগতে উপ-নিৰ্বাচনত চামগুৰি সমষ্টিৰ ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনায় ।
আনফালে, চামগুৰি সমষ্টিৰ সোণাৰিবালিৰ পৰা এক ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পেলাই কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে ।