ETV Bharat / politics

নিৰ্বাচন আহিলেই সুৰাৰ দাম কিয় বাঢ়ে- কোনে কাক সুধিলে এই প্ৰশ্ন ! - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 10:49 AM IST

Lok Sabha Election 2024 : বাসুগাঁও চহৰৰ প্ৰতিখন দোকানে দোকানে গৈ মিত্ৰজোঁট এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ প্ৰচাৰ চলাই মন্ত্ৰী ৰণজিৎ দাসে ৷

Minister Ranjeet dass visits shopkeepers at basugaon chirang for election campaign
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাং, 29 এপ্ৰিল : ৰাজ্যত তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পাচত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে সকলো ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ৰথী-মহাৰথীৰ ব্যস্ততা বাঢ়ি আহিছে ৷ গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত 7 মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

শাসকীয় দল বিজেপি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মাৰ বান্ধি থিয় হৈছে ৷ বিশেষকৈ গুৱাহাটী লোকসভা সমষ্টিত বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ বাবে গেৰুৱা বাহিনীয়ে ব্যাপক ৰণকৌশল অৱলম্বন কৰিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটী লোকসভা সমষ্টিৰ বাবে উঠিপৰি লাগিছে ৷

সোমবাৰে বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে ৷ লগতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আজি (সোমবাৰ) আহিব গুৱাহাটীলৈ ৷ গুৱাহাটীত এটা ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে ৷ অমিত শ্বাহৰ আগমনক লৈ গুৱাহাটীত যান-বাহন শাখাই বিভিন্ন পথ নিৰ্দেশনা জাৰি কৰিছে ৷

Minister Ranjit das visits shopkeepers at basugaon chirang for election campaign
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী প্ৰচাৰৰ মাজতে সুৰাক লৈ প্ৰশ্নৰ সন্মুখীন হ’ল প্ৰচাৰকাৰী ৷ দেওবাৰে সন্ধিয়া চিৰাঙৰ বাসুগাঁও চহৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ব্যৱসায়ীসকলৰ ওচৰত গৈ কোকৰাঝাৰ লোকসভা সমষ্টীৰ এন ডি এ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ ভোট বিচাৰে । ভোট বিচৰাৰ সময়তে মন্ত্ৰীলৈ ব্যৱসায়ীৰ প্ৰশ্ন যে নিৰ্বাচন আহিলে মদৰ দাম কিয় বাঢ়ে ?

চিৰাঙৰ বাসুগাঁৱত কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ সন্ধিয়া প্ৰচাৰ চলালে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ মন্ত্ৰীগৰাকীয়ে সন্ধিয়াৰ ভাগত বাসুগাঁও চহৰৰ প্ৰতিখন দোকানে দোকানে গৈ মিত্ৰজোঁট এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ প্ৰচাৰ চলায় ব্যৱসায়ীসকলৰ মাজত ৷ চিৰাঙৰ বাসুগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মন্ত্ৰী দাসক প্ৰশ্ন এজন ব্যৱসায়ীৰ যে নিৰ্বাচন আহিলেই মদৰ দাম কিয় বাঢ়ে ?

কোকৰাঝাৰ সমষ্টিত প্ৰায় তিনিলাখ ভোটৰ ব্যৱধানত জয়ন্ত বসুমতাৰী জয়ী হ’ব বুলি মন্ত্ৰী ৰণজিৎ দাসে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : আজি মহানগৰীৰ কোনটো পথেৰে নিজৰ গন্তব্যস্থানলৈ যাব ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.