ETV Bharat / politics

কংগ্ৰেছে চিন্তা কৰে আৰু আমি চৰকাৰ গঠন কৰো: পীযুষ হাজৰীকা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 10:22 PM IST

Pijush Hazarika visits Hojai : খহনীয়া পৰিদৰ্শনৰ বাবে হোজাইত দিনযোৰা কাৰ্যসূচীৰে উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা ৷ মন্ত্ৰীগৰাকীয়ে এগজিট প’ল সন্দৰ্ভতো প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ ইফালে মন্ত্ৰীৰ উপস্থিতিক লৈ একাংশ লোক ক্ষুব্ধ ৷ কিহৰ বাবে এইসকল লোক ক্ষুব্ধ হ’ল চাওক এই প্ৰতিবেদনত ৷

LOK SABHA ELECTION 2024
হোজাইত মন্ত্ৰী পীযুষ হাজৰীকা (Etv Bharat Assam)

হোজাই, 2 জুন: দিনযোৰা কাৰ্যসূচীৰে হোজাইত উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই এগজিট প’ল সন্দৰ্ভত কৰিলে মন্তব্য ৷ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, বিগত দহ বছৰত প্ৰধানমন্ত্ৰীয়ে যি কাৰ্য কৰিছে, তাৰে ভিত্তিতে জনতাই তেওঁক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত বিচাৰিছে ৷ তদুপৰি এগজিট প’লে যি সমীক্ষা প্ৰকাশ কৰিছে, সেয়া বিজেপিৰ বাবে সন্তোষজনক বুলি মন্তব্য কৰে পীযুষ হাজৰীকাই ৷

এগজিট প’ল সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া (Etv Bharat Assam)

তদুপৰি এইবেলি লোকসভা নিৰ্বাচনত এন ডি এ 400 খন আসন লাভ কৰিব ৷ অসমত 14 খন আসনৰ ভিতৰত 12 খন আসনে বিজেপিয়ে লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: এগজিট প’লৰ সমীক্ষাক অস্বীকাৰ বিধায়ক অখিল গগৈৰ - Lok Sabha Election 2024

বিৰোধী দল কংগ্ৰেছক কঠোৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছে যি সময়ত চিন্তা কৰে, সেই সময়ত বিজেপিয়ে চৰকাৰ গঠন কৰে ৷ কংগ্ৰেছে বিগত সময়তো প্ৰতিটো নিৰ্বাচনৰ সময়তে আসন দখলত থকা কথা প্ৰকাশ কৰিছিল ৷ পিছে সেয়া কাৰ্যত শূন্য হোৱা দেখা গৈছিল ৷ এইবাৰো একে হ’ব ৷ কাৰণ ৰাইজৰ সৈতে বিজেপি আছে, ভুৱা প্ৰতিশ্ৰুতি দিয়া দলৰ সৈতে অসমৰ ৰাইজ নাথাকে বুলি মন্ত্ৰী পীযুষ হাজৰীকাই বিৰোধী দলটোক সমালোচনাৰে থকা-সৰকা কৰে ৷

উল্লেখ্য যে, নৰেন্দ্ৰ মোদীয়ে 45 ঘণ্টীয়া আধ্যাত্মিক ধ্যান সফলতাৰে সম্পূৰ্ণ কৰাৰ পাছত লিখা লিখনি সন্দৰ্ভতো মন্তব্য কৰে মন্ত্রী হাজৰীকাই ৷

লগতে পঢ়ক: 2 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব সৰ্বানন্দ সোণোৱাল: চক্ৰধৰ গগৈ - LOK SABHA ELECTION 2024

সমান্তৰালকৈ লুৰীণজ্যোতি গগৈয়ে এগজিট প’লক লৈ কোনো মন্তব্য প্ৰকাশ নকৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, বিগত দুটাকৈ নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো মন্তব্য কৰিব নোখোজে ৷ কিয়নো লুৰীণজ্যোতিয়ে কৈছিল যে, তেওঁ কোনো ৰাষ্ট্ৰীয় দলৰ সৈতে লগ হৈ নিৰ্বাচন নেখেলে ৷ কিন্তু এইবেলি কংগ্ৰেছৰ সৈতে সংযুক্ত হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিলে লুৰীণে ৷ গতিকে লুৰীণজ্যোতি গগৈৰ সন্দৰ্ভত তেনে কোনো বিশেষ মন্তব্য দিব নোখোজা বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷

লগতে পঢ়ক: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মুখত কিয় "ময়ে ময়ে" গীতৰ প্ৰসংগ - Lok Sabha Election 2024

উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে দেওবাৰে হোজাইত উপস্থিত হৈ প্ৰথমে হোজাই-পশ্চিম কাৰ্বি আংলং জিলা সংযোগী পথৰ বানে ভাঙি নিয়া হোজাই-ঠেপেলাগুৰি পথটো পৰিদৰ্শন কৰে ৷ তাৰপিছত কপিলী নৈৰ কাষৰীয়া ৰাইকতা চন্দনপুৰৰ মথাউৰিটো পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লৈ মথাউৰিটো পুনৰ নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

ইফালে জিলাখনৰ ইছলামপুৰত স্থানীয় ৰাইজে মন্ত্ৰীগৰাকীৰ আগত ক্ষোভ প্ৰকাশ কৰে । "মন্ত্রী আহিব" বুলি সাধাৰণ জনতা গোটাই অনাৰ পিছতো মন্ত্ৰী পীযুষ হাজৰীকা উক্ত অঞ্চলত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: ভোটগণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন, তিনি তৰপীয়া নিৰাপত্তা বেষ্টনী - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.