ETV Bharat / politics

বিজেপিক গংগা-ব্ৰহ্মপুত্ৰৰ সৈতে তুলনা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ - পৰিমল শুক্লবৈদ্য

Parimal Suklabaidya: বিজেপি দল গংগা-ব্ৰহ্মপুত্ৰৰ দৰেই বোৱতী ৷ ভাৰতীয় জনতা পাৰ্টী সকলো জনতাৰে দল ৷ মন্ত্ৰীগৰাকীৰ মতে সেইকাৰণেই কংগ্ৰেছীৰে ভৰি পৰিছে গেৰুৱা দলটো ৷

Parimal Suklabaidya
তেজপুৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্য
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:23 PM IST

তেজপুৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

তেজপুৰ, ১৬ ফেব্ৰুৱাৰী: তেজপুৰত উপস্থিত হৈ বিজেপিৰ সংজ্ঞা দিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰী শুক্লবৈদ্যৰ মতে বিজেপি ‘জনতা’ৰ পাৰ্টী ৷ দলটোৰ নামতেই উল্লেখ আছে যে বিজেপি মানে হ’ল ‘ভাৰতীয় জনতা পাৰ্টী’৷ অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো জনতাৰে পাৰ্টী হ’ল বিজেপি ৷

উল্লেখ্য যে বিজেপি দল কংগ্ৰেছী নেতা-কৰ্মীৰে ভৰি পৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এনেদৰে দলটোৰ অৰ্থ ব্যাখ্যা কৰে ৷ কেৱল ‘মা’ৰ কাৰণেহে বিজেপিয়ে ৰাজনীতি কৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে বুজাবলৈ চেষ্টা কৰে যে ব্যক্তিগত স্বাৰ্থৰ বাবে বিজেপিৰ নেতা-কৰ্মীসকলে একো নকৰে ৷ অৱশ্যে বিজেপি দলটো ‘ৱাশ্চিং মেছিন’ নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম নহ’ল বিজেপি নেতাগৰাকী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে নিজকে বিজেপি দলৰ নেতা নহয়, কৰ্মী আখ্যা দি আগন্তুক লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে লাভ কৰিবলগীয়া সম্ভাব্য আসনৰ সন্দৰ্ভত মন্তব্য নকৰিলে মন্ত্ৰীগৰাকীয়ে ৷ বিজেপি দলত পুৰণা-নতুন একো নাই বুলি মন্তব্য কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে বিজেপি বিজেপিয়েই ৷

ভাৰতীয় জনতা পাৰ্টীক গংগা-ব্ৰহ্মপুত্ৰৰ সৈতেও তুলনা কৰিলে মন্ত্ৰী শুক্লবৈদ্যই ৷ মন্ত্ৰীগৰাকীয়ে কয় যে গংগা-ব্ৰহ্মপুত্ৰত পুৰণা পানী, নতুন পানী নাথাকে ৷ সেইদৰে বিজেপিও বোৱতী নদীৰ দৰে বুলি বুজাবলৈ চেষ্টা কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

উল্লেখ্য যে শুকুৰবাৰে তেজপুৰত ইলেকট্ৰিক বাছসেৱা মুকলি কৰে ৰাজ্যৰ আবকাৰী তথা পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ ইলেকট্ৰিক বাছসেৱা মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম সকলোৱে দেখিছে ৷ সেয়ে উন্নয়নৰ স্বাৰ্থত প্ৰকৃততে ৰাজনীতি কৰিবলৈ খোজাসকলে এতিয়া আন দল এৰি বিজেপিলৈ ঢাপলি মেলিছে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ কোন কোন নেতাই নিশা হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল ? ক’ব দাদু টায়েই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.