নলবাৰী : "চামগুৰিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত জয়ী হ'ব ।" এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ । শুকুৰবাৰে মন্ত্ৰীগৰাকীয়ে এইদৰে দাবী কৰি চামগুৰিৰ কংগ্ৰেছ প্ৰৰ্থী তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক তীব্ৰ সমালোচন কৰি কয়, "বাপেকৰ পিছত পুতেক, পুতেকৰ পিচত নাতিয়েক সদায় নচলে । বংশবাদ সদায় নচলে । দুটা প্ৰজন্ম চলালে । তৃতীয় প্ৰজন্ম বেলেগক এৰি দিব ।"
আনহাতে, কংগ্ৰেছৰে মিত্ৰতা ভংগ কৰি অসম সন্মিলীত মৰ্চা নতুনকৈ খোলাক লৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰি কয়, "কংগ্ৰেছে বৰ অসমখনকে ধৰি ৰাখিব নোৱাৰিলে । কংগ্ৰেছে বৰ অসমখনক সাতভনী কৰি পেলালে ।"
কংগ্ৰেছৰ লগত আন কেইবাটাও দলে যি প্ৰথম মিত্ৰতা কৰিছিল তাক ১০/১৫ টা সৰু সৰু মানুহৰ দল খোলা বুলি সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, "তেনে সন্মিলীত মৰ্চা ভাঙিব বুলি পূৰ্বতেই উমান পাইছিলো ।"
আনহাতে, নতুনকৈ খোলা অসম সন্মিলিত মৰ্চাৰ নতুন সভাপতিগৰাকীকো তীক্ষ্ণ সমালোচনা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "যিগৰাকী নতুনকৈ সভাপতি হৈছে তেওঁ নিজেই একমাত্ৰ দল । তেওঁৰ লগত দ্ৰাইভাৰজনো নাই, কামকৰা ল'ৰাজনো নাই । তেনেকুৱা নেতৃত্বৰ দলে কি প্ৰভাৱ কৰিব পাৰিব ।"
আনহাতে, চামগুৰিত বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য় কৰি মন্ত্ৰীগৰাকীয়ে কয়, "চামগুৰি স্পেচিয়েল নহয় । অসমৰ পাঁচখন আসনৰ আটাইকেইখনতেই বিজয়ী হম ।"
পুত্ৰমোহত অন্ধ ৰকিবুল হুছেইন : দিলীপ শইকীয়া
দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই শুকুৰবাৰে নলবাৰীত সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰৱ হৈ কয়, "পুত্ৰ মোহত ধৃতৰাষ্ট্ৰৰ দৰে হৈ পৰিছে ৰকিবুল । ৰকিবুল হুছেইনৰ মাফিয়াৰাজৰ বিৰুদ্ধে চামগুৰিৰ ৰাইজ ওলাই আহিছে । ৰকিবুল হুছেইনে চামগুৰিত মাফিয়াৰাজ চলাই আহিছিল ।"
তেওঁ পুনৰ কয়, "এইবাৰ উপ-নিৰ্বাচনত অসমৰ পাঁচটা বিধাসসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান কৰা হৈছে । আটাইকেইটা সমষ্টিটেই মিত্ৰজোটৰ প্ৰাৰ্থী ৰাইজৰ বিপুল আশীৰ্বাদত জয়ী হ'ব ।"
বৰ্তমান অসমত বিৰোধী বুলিবলৈ কংগ্ৰেছৰ লগত মিত্ৰতাত থকা সকলক অপ্ৰাকৃতিক মিত্ৰতা বুলি আখ্যা দি সাংসদ দিলীপ শইকীয়াই কয়, "বিৰোধী বুলিবলৈ কংগ্ৰেছ দলটো আৰু মিত্ৰতাত থকা দলৰ প্ৰাৰ্থী বিলাকৰ সকলোৰে আদৰ্শ বেলেগ বেলেগ । সকলোৰে বেকগ্ৰাউণ্ড বেলেগ । তেনেক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ অসমত যি এক উন্নয়নৰ জাগৰণ হৈছে তাত বিৰোধীয়ে একো উপকৃত হ'ব নোৱাৰে ।"
মাফিয়াৰাজ চলাই আহিছিল ৰকিবুল হুছেইনে
তেওঁ লগতে কয়, "চামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ওলাই আহিছে । ৰকিবুল হুছেইনে ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈ আনৰ কথা শুনি বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰি আছে । ১০/১৫ বছৰে ৰকিবুল হুছেইনে চামগুৰিত যি মাফিয়াৰাজ চলাই আহিছিল তাৰ বিৰুদ্ধে ৰাইজ আজি ওলাই আহিছে ।’’
আনহাতে, কংগ্ৰেছৰ লগত মিত্ৰতাৰ পৰা ওলাই আহি অজিত ভূঞা আৰু লুৰীণজ্যোতি গগৈয়ে সভাপতি-সম্পাদকৰ দায়িত্বৰে যি অসম সন্মিলীত মৰ্চা খুলিছে তাক লৈ শুভেচ্ছা জ্ঞাপন কৰে সাংসদ দিলীপ শইকীয়াই । অজিত ভূঞা, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈক একেলগ হ'বলৈও আহ্বান জনালে সাংসদ দিলীপ শইকীয়াই ।
তেওঁলোকে একেলগ হ'লে অসমখনৰ বাবে দুই চাৰিটা চিন্তা কৰিব পাৰিব । কংগ্ৰেছৰ লগত মিত্ৰতাত থাকি ডিঙি ফুলাই বিজেপিৰ বিৰুদ্ধে মন্তব্য কৰিলে ৰাইজে আস্থাত নলয় বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।