তিনিচুকীয়া, ১৭ মাৰ্চ : ইতিমধ্যে সকলোৰে জ্ঞাত যে ব’হাগ বিহুৰ পিচতই এইবাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । সকলো উৎকণ্ঠাৰ অৱসান ঘটাই দেশৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশত ১৯ এপ্ৰিলৰ পৰা সাতটা পৰ্যায়ত লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ হোৱাৰ কথা ঘোষণা কৰিছে ৷
অসমত অৱশ্যে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন । সেই অনুসৰি অহা ১৯ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ৭ মে’ত তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ মুঠ সাতটা পৰ্যায়ৰ ভিতৰত প্ৰথম তিনিটা পৰ্যায়তে অসমত লোকসভা নিৰ্বাচন সমাপ্ত কৰিব নিৰ্বাচন আয়োগে ।
দেওবাৰে সমাগত লোকসভাৰ নিৰ্বাচনক লৈ তিনিচুকীয়া জিলা আয়ুক্তই সম্বোধন কৰে এক সংবাদমেল ৷ তেওঁ কয় যে তিনিচুকীয়া জিলা হৈছে ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভা সমষ্টি অন্তৰ্গত ৷ তিনিচুকীয়া জিলাত ১৯ এপ্ৰিল প্ৰথম পৰ্যায়তেই হ’ব এই নিৰ্বাচন প্ৰক্ৰিয়া ।
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচৰা প্ৰাৰ্থীসকলে ২০ মাৰ্চৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব ৷ ২৭ মাৰ্চত এই মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ’ব ৷ ২৮ মাৰ্চত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব আৰু ৩০ মাৰ্চলৈকে প্ৰাৰ্থীয়ে নিজৰ নাম উঠাই ল’ব পাৰিব বুলি কয় জিলা আয়ুক্ত স্বপ্নীল পালে ৷
১৯ এপ্ৰিলত নিৰ্বাচন সম্পন্ন হোৱাৰ পাচত ৪ জুনত ভোট গণনা আৰম্ভ হ’ব ৷ তিনিচুকীয়া নিৰ্বাচনী জিলাত ৬৭৯ পুলিং ষ্টেচন আছে ৷ লখিমপুৰ লোকসভা সমষ্টিৰ ডুমডুমা বিধানসভা সমষ্টিত ১৬১ পুলিং ষ্টেচন আছে ৷
তেওঁ কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ডিগবৈ বিধানসভা সমষ্টিত ১৬০ পুলিং পুলিং ষ্টেচন, মাকুম বিধানসভা সমষ্টিত ১৬৬ টা পুলিং ষ্টেচন আৰু তিনিচুকীয়া বিধানসভা সমষ্টিত ১৯২ টা পুলিং ষ্টেচন আছে ৷ এইবৰ্ষ জিলাখনত সৰ্বমুঠ ৬ লাখ ১৭ হাজাৰত ভোটাৰ আছে ৷ তাৰেই ১০,৭৮১ গৰাকী ভোটাৰ প্ৰথমবাৰ ভোটদান কৰিব লগা ভোটাৰ ৷
ইফালে, ৯০ টাকৈ পুলিং ষ্টেচন মহিলা পুলিং ষ্টেচন হিচাপে নিশ্চিত কৰা হৈছে ৷ চাৰিগৰাকী ব্যক্তি থাকে এটা পুলিং ষ্টেচনত আৰু ইতিমধ্যে প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে পুলিং ষ্টেচনৰ কৰ্মচাৰীসকলৰ ৷ এইবাৰ তিনিচুকীয়াৰ ষ্ট্ৰং ৰোম হিচাপে সৰ্বানন্দ সিংহ ক্ৰীড়া ষ্টেডিয়ামতত ইতিমধ্যে সকলো যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে ৷ এই কথা সদৰী কৰে আয়ুক্ত স্বপ্নীল পালে ৷
সমান্তৰালভাৱে কালিৰে (শনিবাৰ) পৰা জিলাখনত ১৪৪ জাৰি কৰাৰ লগতে অনুজ্ঞাপত্ৰ থকা অস্ত্ৰসমূহ আৰক্ষীক জমা দিবলৈ আহ্বান জনোৱা হৈছে ৷ ইফালে, নগদ ৫০ টকাতকৈ অধিক ধন সৰবৰাহ, সুৰা সৰবৰাহ কৰিব নোৱাৰিব ৷ ক’ৰবাত যদি নিৰ্বাচনী বিধি উলংঘা কৰে, তেন্তে ১৯৫০ বিনামূলীয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় জিলা আয়ুক্ত স্বপ্নীল পালে ৷
এইবোৰৰ উপৰিও জিলাখনত ৭৫ টাকৈ স্পৰ্শকাতৰ পুলিং ষ্টেচন হিচাপে চিনাক্ত কৰিছে ৷ এই কথা সদৰী কৰে আয়ুক্ত স্বপ্নীল পালে ৷
লগতে পঢ়ক : যোৰহাটবাসীৰ জনমত : গৌৰৱ গগৈ বনাম তপন গগৈ