ETV Bharat / politics

দেশবাসীৰ দৃষ্টি নিৱদ্ধ 543 টা লোকসভা সমষ্টিত, চাওঁ আহক এইকেইটা উল্লেখনীয় সমষ্টি - LOK SABHA ELECTION results 2024

author img

By ANI

Published : Jun 4, 2024, 9:55 AM IST

Lok Sabha Election Results 2024: এতিয়া ফলাফলৰ সময় । এগজিট প’লৰ ভৱিষ্যতবাণী সঁচা হ’ব নেকি ?

INDIA LOK SABHA ELECTION RESULTS
দেশবাসীৰ দৃষ্টি নিৱদ্ধ 543 টা লোকসভা সমষ্টিত, চাওঁ আহক এইকেইটা উল্লেখনীয় সমষ্টি (Etv Bharat assam)

নিউজ ডেস্ক, 3 জুন: আজি দেশজুৰি ঘোষণা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ ফলাফল ৷ দেশৰ ভোটগণনা কেন্দ্ৰসমূহত পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ দেশৰ 543 টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছিল এই সাধাৰণ নিৰ্বাচন ৷ অৱশ্যে গুজৰাটৰ এটা সমষ্টিত বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৷

ছিকিম, অৰুণাচল প্ৰদেশ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালকে লোকসভা নিৰ্বাচনৰ বাবে ভোটদান কৰা হৈছিল ৷ অন্ধ্ৰ প্ৰদেশৰ 175 টা বিধানসভা সমষ্টি আৰু ওড়িশাৰ 147 টা বিধানসভা সমষ্টিৰ ফলাফল আৰু ২৫ টা বিধানসভা সমষ্টিত উপনিৰ্বাচনৰ ফলাফলো আজি ঘোষণা কৰা হ'ব । এই সাধাৰণ নিৰ্বাচনত 8,000 তকৈও অধিক প্ৰাৰ্থীক ভোটগণনা কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে কটকটীয়া নিৰাপত্তাৰ মাজেৰে নিয়োগ কৰা হৈছে ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) চৰকাৰে একেৰাহে এইবাৰ তৃতীয়বাৰৰ বাবে জয়লাভ কৰিব বুলি ভৱিষ্যৎবাণী কৰাৰ সমান্তৰালকে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে বিজেপিক ক্ষমতাচ্যুত কৰিবলৈ উঠি পৰি লাগিছে ৷

বেছিভাগ এগডজিট প'লে প্ৰধানমন্ত্ৰী মোদীয়েই দিল্লীৰ ৰাজপাটত বহিব বুলি ভৱিষ্যৎবাণী প্ৰদান কৰি কয়, যদি এইবাৰো মোদীৰ জয় হয় তেন্তে তেওঁ জৱাহৰলাল নেহৰুৰ পিচত একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হোৱা দ্বিতীয়জন প্ৰধানমন্ত্ৰী হিচাপে অভিলেখ ৰচি দেশৰ ৰাজনৈতিক ক্ষেত্ৰত গেৰুৱা দলৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হ’ব ৷

ইয়াৰ পূৰ্বে, মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কৈছিল যে ভোটগণনাৰ বাবে এক অতি শক্তিশালী ব্যৱস্থা স্থাপন কৰা হৈছে ৷ দেশজুৰি প্ৰায় ১০.৫ লাখ বুথ আছে । প্ৰতিটো বুথত 14 খন টেবুল আছে । তাত পৰ্যবেক্ষক আৰু ক্ষুদ্ৰ পৰ্যবেক্ষক আছে । এই প্ৰক্ৰিয়াত প্ৰায় 70-80 লাখ লোক জড়িত হৈ আছে ৷

লগতে পঢ়ক: আৰম্ভ হ’ল ভোটগণনা: কোন সমষ্টিত কোনে মাৰিব শেষ হাঁহি ? - Lok Sabha Election Results 2024

ইফালে দেশৰ ৰাজধানীত যুদ্ধসদৃশ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে ৷ আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷ আজি দিনটোৰ বাবে দিল্লী আৰক্ষীয়ে কৰা বিস্তৃত নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ৰাজধানীৰ সাতটা গণনা কেন্দ্ৰত নিৰাপত্তা বাহিনীৰ প্ৰায় 70 টা কোম্পানী মোতায়েন কৰা হৈছে ৷

আনহাতে, দিল্লী যান-বাহন আৰক্ষীয়ে ভোট গণনাৰ পূৰ্বে এক নতুন নিৰ্দেশনা জাৰি কৰে, য'ত আজিৰ দিনটোৰ বাবে যান-বাহন চলাচলত কিছু নীতি সলনি কৰা হৈছে ৷ পুৱা 5 বজাৰ পৰা যান-বাহনৰ সীমাৱদ্ধতা নিৰূপণ কৰা হৈছে ৷ আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ গৃহভূমি গুজৰাটতো ভোট গণনাৰ দিনটোৰ বাবে ব্যাপক প্ৰস্তুতিৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

বিভিন্ন এগজিট প’লে উত্তৰ প্ৰদেশত বিজেপিক 64 খনতকৈও অধিক আসন লাভৰ ভৱিষ্যৎবাণী দিছে ৷ শনিবাৰে এগজিট প’লে ভৱিষ্যতবাণী কৰি ইংগিত দিছিল যে, শাসকীয় দলে শাসন কৰি থকা কেইবাখনো ৰাজ্যত উন্নত প্ৰদৰ্শন কৰিব ।

আনহাতে আন এক এগজিট প’লে ভৱিষ্যতবাণী কৰিছিল যে শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে এইবৰ্ষত 2019 চনৰ অভিলেখত ভংগ কৰিব ৷ 2019 চনত NDA চৰকাৰে 352 খন আসন জিকিছিল । কিন্তু এইবাৰে শাসকীয় চৰকাৰে প্ৰায় 400 তথা ইয়াতকৈ অধিক আসম লাভ কৰিব পাৰে ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.