ETV Bharat / politics

লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট: বাৰাণসীত নৰেন্দ্ৰ মোদীৰ আৰু ৰায়বৰেলীত ৰাহুল গান্ধীৰ বৃহৎ জয় - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:02 AM IST

Updated : Jun 4, 2024, 7:45 PM IST

LOK SABHA GENERAL ELECTION
LOK SABHA ELECTION RESULTS 2024 (ETV Bharat Assam)
বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি ঘোষণা হ’ব লোকসভা নিৰ্বাচন 2024 ৰ ফলাফল ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা ৷ দিনটোৰ শেষত ঘোষণা হ’ব ফলাফল ৷ 80 দিনতকৈ অধিক সময় ধৰি চলি থকা মাৰাথন কুচকাৱাজৰ অন্তত প্ৰায় 64.2 কোটি ভোটৰ সৈতে অন্ত পৰিল ভোটদান প্ৰক্ৰিয়া ৷ এতিয়া ফলাফলৰ সময় । দেশৰ 543 টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছিল এই সাধাৰণ নিৰ্বাচন ৷ অৱশ্যে গুজৰাটৰ এটা সমষ্টিত বিজেপিয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৷ প্ৰায়বোৰ নিৰ্বাচনী সমীক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে তৃতীয়বাৰলৈ চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে ৷ অধিক সংখ্যকেই বিজেপিক 300 অধিক আসন প্ৰদান কৰিছে সমীক্ষাত ৷ যদি নৰেন্দ্ৰ মোদী জয়ী হয়, তেন্তে তেওঁ জৱাহৰলাল নেহৰুৰ পিচত একেৰাহে তিনিবাৰকৈ নিৰ্বাচিত হোৱা দ্বিতীয়জন প্ৰধানমন্ত্ৰী হিচাপে অভিলেখ ৰচি দেশৰ ৰাজনৈতিক ক্ষেত্ৰত গেৰুৱা দলৰ স্থিতি শক্তিশালী কৰিবলৈ সক্ষম হ’ব ৷ নিৰ্বাচন আয়োগকে ধৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াক লৈ এইবাৰ বিৰোধী নেতাসকলে প্ৰশ্ন উত্থাপন কৰাৰ সময়তো বিৰোধী শক্তিয়ে জয়ৰ আশা কৰিছে । ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ক লৈ সন্দেহ প্ৰকাশ কৰি ইণ্ডি মিত্ৰজোঁটে প্ৰধানমন্ত্ৰীয়ে ফেণ্টাচি এগজিট প’লৰ জৰিয়তে আমোলাতন্ত্ৰলৈ সংকেত প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগলৈ অভিযোগ প্ৰেৰণ কৰি নিৰ্বাচন নিৰীক্ষণ কৰা সংস্থাটোক ভোটগণনাৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে । লোকসভা নিৰ্বাচনৰ ভোটগণনা তথা ফলাফলৰ সকলো বিতং খবৰৰ বাবে আপুনি জড়িত হৈ থাকক ইটিভি ভাৰতৰ সৈতে ৷ সঠিক সময়ত ভোটগণনাৰ প্ৰতিটো খবৰ আমি দিম আপোনাক ৷ ইটিভি ভাৰতৰ লাইভ আপডেটত ক্লিক কৰিলেই আপুনি পাব ভোটগণনাৰ প্ৰতি মুহূৰ্তৰ খবৰ...

LIVE FEED

7:44 PM, 4 Jun 2024 (IST)

একেৰাহে তৃতীয়বাৰৰ বাবে এন ডি এৰ ওপৰত ৰাইজে বিশ্বাস ৰাখিছে: প্ৰধানমন্ত্ৰী মোদী

ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট সাজু হোৱাৰ সময়তে একেৰাহে তৃতীয়বাৰৰ বাবে এনডিএত “নিজৰ বিশ্বাস স্থাপন” কৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । "মানুহে এন ডি এৰ ওপৰত নিজৰ বিশ্বাস ৰাখিছে, একেৰাহে তৃতীয়বাৰৰ বাবে ! ভাৰতৰ ইতিহাসত এয়া এক ঐতিহাসিক কৃতিত্ব । এই মৰমৰ বাবে মই জনতা জনাৰ্দনক প্ৰণাম জনাইছো আৰু তেওঁলোকক আশ্বাস দিছো যে যোৱা দশকত কৰা ভাল কামবোৰ আমি অব্যাহত ৰাখিম ।" মানুহৰ আকাংক্ষা পূৰণ কৰিম ।’’ মোদীয়ে কয় ৷

7:34 PM, 4 Jun 2024 (IST)

প্ৰধানমন্ত্ৰী মোদীৰ পদত্যাগ দাবী তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ আহ্বান জনাই কয় যে তেওঁৰ বিশ্বাসযোগ্যতা হেৰাই গৈছে । সংবাদ মাধ্যমৰ আগত মমতাই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে বহু দল ‘ভংগ’ কৰিছিল, মানুহে তেওঁৰ মনোবল ভাঙিছে ।

তৃণমূল কংগ্ৰেছ সংসদৰ নিম্ন সদনৰ চতুৰ্থ বৃহত্তম দল হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে, যদিহে এই ধাৰা অব্যাহত থাকে । ২৬ খন আসনত মমতাৰ দলটো আগবাঢ়ি আছিল, আনহাতে তিনিখন আসনত আনুষ্ঠানিকভাৱে বিজয়ী ঘোষণা কৰা হৈছে ।

মমতাই কয়, ইণ্ডি মিত্ৰজোঁট জয়ী হৈছে, মোদী পৰাস্ত হৈছে ।’’ এই জনাদেশৰ বাবে পশ্চিম বংগৰ জনসাধাৰণক ধন্যবাদ জনায় মমতাই ৷ তেওঁ লগতে আশ্বাস দিয়ে যে মোদী ক্ষমতাচ্যুত হ’ব আৰু INDIA ব্লক ক্ষমতালৈ আহিব

6:50 PM, 4 Jun 2024 (IST)

এতিয়াই সকলো কৌশল প্ৰকাশ কৰিব নোৱাৰি: খাৰ্গে

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে ইংগিত দিছে যে তেওঁৰ হাতত কেইটামান কৌশল থাকিব পাৰে ৷ ইণ্ডিয়া ব্লকে মেজিক নাম্বাৰত উপনীত হ'বলৈ কোনো নতুন অংশীদাৰৰ কাষ চাপিবলৈ চেষ্টা কৰিব নেকি ? বুলি সোধাত খাৰ্গেই কৌশলী উত্তৰ দিয়ে ৷

মঙলবাৰে সন্ধিয়া নতুন দিল্লীত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ‘‘ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে, সেই সময়লৈকে আমি মিত্ৰতাৰ অংশীদাৰৰ সৈতে কথা নাপাতিম । যদি মই সকলো কৌশল প্ৰকাশ কৰো তেন্তে মোদীজী সজাগ হৈ পৰিব ।’’

6:29 PM, 4 Jun 2024 (IST)

সংবিধান বচাবলৈ ৰাইজে প্ৰথম পদক্ষেপ লৈছে: ৰাহুল গান্ধী

সংবাদ মাধ্যমক সম্বোধন কৰি ৱায়ানাড আৰু ৰায়ে বৰেলী দুয়োখন আসনৰ পৰা ব্যাপক জয়লাভ কৰা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে “সংবিধান ৰক্ষাৰ বাবে প্ৰথম পদক্ষেপ” লোৱাৰ বাবে জনসাধাৰণক ধন্যবাদ জনায় ।

"INDIA ব্লক আৰু কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়া নাছিল, কিন্তু আমি শাসন গাঁথনিৰ বিৰুদ্ধে যুঁজিছিলো, চিবিআই আৰু ইডিৰ দৰে প্ৰতিষ্ঠানৰ বিৰুদ্ধে যুঁজিছিলোঁ । নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এই প্ৰতিষ্ঠানসমূহ দখল কৰি ভয় খুৱাইছিল । সংবিধান বচাবলৈ এয়া যুদ্ধ আছিল । মোৰ মনত আছিল কিদৰে তেওঁলোকে আমাৰ বেংক একাউণ্ট বন্ধ কৰিছিল, আৰু মুখ্যমন্ত্ৰীক জেলত ভৰাইছিল ৷ মই দেশৰ জনসাধাৰণক ধন্যবাদ জনাইছো সংবিধান বচাবলৈ আপোনালোকে প্ৰথমটো ডাঙৰ পদক্ষেপ লৈছে, আমি এজন সমৰ্থক । দেশৰ প্ৰতি দুৰ্বল দৃষ্টিভংগীৰ আঁৰত আছে সংবিধান আৰু দাৰিদ্ৰতাই পোনপটীয়াকৈ মোদী আৰু আদানীক সংযোগ কৰিছে ৷ এয়া নৰেন্দ্ৰ মোদীলৈ এক বিশাল বাৰ্তা ।’’ ৰাহুলে কয় ।

আসনৰ সিদ্ধান্ত আৰু INDIA BLOC ৰ সদস্যসকলে কি সিদ্ধান্ত লৈছে সেই বিষয়ে সোধাত ৰাহুলে কয় যে, "আমি INDIA ৰ অংশীদাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হ'ম । কাইলৈ ​​ইয়াৰ সিদ্ধান্ত লোৱা হ'ব, আৰু আমাৰ মিত্ৰতাই সিদ্ধান্ত ল'ব । ই এটা মিহি ৰেখা ।" লোকসভাত কোনখন আসনত প্ৰতিনিধিত্ব কৰিব সেই সন্দৰ্ভত ৰাহুলে কয় যে, "মই দুয়োখন আসনৰ পৰাই জয়ী হৈছো আৰু ভোটাৰক ধন্যবাদ দিব বিচাৰিছো । মই সুধিম আৰু তাৰ পিচত সিদ্ধান্ত ল’ম । মই এতিয়াও সিদ্ধান্ত লোৱা নাই ।"

6:20 PM, 4 Jun 2024 (IST)

এয়া জনগণৰ জয় আৰু বিজেপিৰ বিৰুদ্ধে এক জনাদেশ: খাৰ্গে

INDIA ব্লকৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ সন্দৰ্ভত মঙলবাৰে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই কয় যে “জনতাৰ ফলাফল আৰু ই জনতাৰ জয়”। "এয়া গণতন্ত্ৰৰ জয় । আমি কৈ আছিলো মোদী আৰু ৰাইজৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে । এইবাৰ ৰাইজে এটাও দলক সংখ্যাগৰিষ্ঠতা দিয়া নাই । এয়া বিজেপিৰ বিৰুদ্ধে জনাদেশ । নৈতিকভাৱে এয়া তেওঁৰ (মোদীৰ) ডাঙৰ পৰাজয় ৷ চৰকাৰী বাধাই বাধাৰ সৃষ্টি কৰিছিল । নিবনুৱা সমস্যা আদি বিষয়ত আমি যুঁজিছিলোঁ । প্ৰধানমন্ত্ৰীয়ে যি ধৰণে প্ৰচাৰ চলাইছিল সেয়া ইতিহাসত স্মৰণীয় হৈ থাকিব ।’’ ৰাষ্ট্ৰীয় ৰাজধানীত সংবাদমেল সম্বোধন কৰি খাৰ্গেই কয় ।

6:16 PM, 4 Jun 2024 (IST)

দিল্লীৰ ৭ খন লোকসভাৰ আসন দখলৰ দিশে বিজেপি

নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ ধাৰা অনুসৰি মঙলবাৰে দিল্লীৰ লোকসভাৰ সাতখন আসনতে বিজেপি আগবাঢ়ি আছে ৷ উত্তৰ-পশ্চিম দিল্লীৰ প্ৰাৰ্থী যোগেন্দ্ৰ চাণ্ডোলিয়াই ২.৩৪ লাখৰো অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে । বিজেপিৰ চাৰিজন প্ৰাৰ্থীয়ে এক লাখৰো অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে । বহু গণনা কেন্দ্ৰত বিজেপিৰ প্ৰাৰ্থীসকলে আপ-কংগ্ৰেছৰ মিত্ৰ প্ৰাৰ্থীৰ বিৰুদ্ধে জয়লাভৰ পথ প্ৰকট হোৱাৰ লগে লগে উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে ৷

4:52 PM, 4 Jun 2024 (IST)

হাইলাইট: বাৰাণসীৰ পৰা জয়লাভ প্ৰধানমন্ত্ৰী মোদীৰ; কেৰালাত বিজেপিৰ ইতিহাস; অযোধ্যা মুখ থেকেচা

ভাৰতৰ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী লোকসভাৰ আসনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১.৫ লাখৰো অধিক ভোটত জয়লাভ কৰিছে । কংগ্ৰেছ প্ৰাৰ্থী অজয় ​​ৰায়ক ১৫২৩৫৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে নৰেন্দ্ৰ মোদীয়ে ।

এন ডি এৰ সুৰেশ গোপীয়ে ৭৪৬৮৬টা ভোটৰ অগ্ৰগতিৰে লোকসভা নিৰ্বাচনত ত্ৰিছুৰ আসনত জয়লাভেৰে ইতিহাসৰ ৰচিলে ৷ এতিয়া কেৰালাত বিজেপিৰ বাবে একাউণ্ট খোল খাইছে । বিয়লি ৪.৩০ বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অভিনেতা-ৰাজনীতিবিদগৰাকীয়ে ৪,১২,৩৩৮টা ভোট লাভ কৰিছে । তেওঁৰ প্ৰতিদ্বন্দ্বী এল ডি এফৰ ভি এছ সুনীল কুমাৰ ৩,৩৭,৬৫২ ভোট লাভ কৰি দ্বিতীয় স্থানত পিচ পৰি আছে ।

ইচিআইৰ শেহতীয়া গণনাৰ ধাৰা অনুসৰি ফৈজাবাদ লোকসভাৰ আসনৰ পৰা গেৰুৱা দলৰ প্ৰাৰ্থী লল্লু সিং পৰাস্ত হোৱাৰ বাবে অযোধ্যাত বিজেপিয়ে মুখ থেকেচা খোৱা যেন লাগে । ৪৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে সমাজবাদী পাৰ্টিৰ অৱদেশ প্ৰসাদ ।

4:35 PM, 4 Jun 2024 (IST)

বাৰাণসীৰ পৰা তৃতীয়বাৰলৈ নিৰ্বাচিত নৰেন্দ্ৰ মোদী; ডেৰ লাখৰো অধিক ভোটত পৰাস্ত কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়

বাৰাণসী লোকসভা সমষ্টিৰ পৰা ডেৰ লাখৰো অধিক ভোটৰ উল্লেখযোগ্য ব্যৱধানত জয়লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । কংগ্ৰেছে উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি অজয় ​​ৰায়ক এই আসনৰ পৰা প্ৰক্ষেপ কৰাৰ বিপৰীতে বিএছপিয়ে ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অথৰ জামাল লাৰীক প্ৰক্ষেপ কৰিছিল । 2024 চনৰ নিৰ্বাচনত সমষ্টিটোত মুঠ পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা 19,97,578 জন আৰু আসনখনত ভোটদানৰ হাৰ 56.49% । যোৱা 1 জুনত সপ্তম পৰ্যায়ত এই আসনখনত নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷

মোদীয়ে কংগ্ৰেছ প্ৰাৰ্থী অজয় ​​ৰায়ক ১৫২৩৫৫ টা ভোটত পৰাস্ত কৰে ৷ নৰেন্দ্ৰ মোদীয়ে মুঠ ৬১১৪৩৯ টা ভোট লাভ কৰিছে আৰু এইদৰে বাৰাণসী লোকসভা সমষ্টিৰ পৰা হেট্ৰিক কৰিবলৈ সক্ষম হৈছে তেওঁ । গণনাৰ প্ৰথম কেইঘণ্টাত সমষ্টিটোৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী অজয় ​​ৰায়ে ৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছিল । অলপ পিচতে মোদীয়ে অগ্ৰগতি লাভ কৰে আৰু অৱশেষত ৰায়ক পৰাস্ত কৰে ।

২০১৯ চনত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ পৰা ৬৭৪৬৬৪ টা ভোট লাভ কৰিছিল যিটো মুঠ ভোটৰ ৬৩.৬২% আছিল । তেওঁ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী শালীনী যাদৱক ৪,৭৯,৫০৫ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল ।

4:27 PM, 4 Jun 2024 (IST)

তুৰা সমষ্টিত পৰাস্ত আগাঠা চাংমা

মেঘালয়ৰ তুৰা সমষ্টিত পৰাস্ত হৈছে আগাঠা কে চাংমা ৷ কংগ্ৰেছৰ প্ৰাৰ্থী ছালেং এ চাংমাৰ হাতত 155241 টা ভোটৰ ব্যৱধানত পৰাস্ত হয় নেশ্যনেল পিপল্চ পাৰ্টীৰ প্ৰাৰ্থী আগাঠা ৷ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে 383919 টা ভোট লাভ কৰাৰ বিপৰীতে আগাঠাই লাভ কৰে 228678 টা ভোট ৷

4:14 PM, 4 Jun 2024 (IST)

ৰায়ে বৰেলী ৩ লাখ ৯৫ হাজাৰ ভোটত জয়লাভ ৰাহুল গান্ধীৰ

ৰাহুল গান্ধীয়ে ৰায়ে বৰেলীত ৩ লাখ ৯৫ হাজাৰ ভোটত জয়লাভ কৰে । কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে লাভ কৰে ৬৭৯১৭৩টা ভোট । দ্বিতীয় স্থানত থকা বিজেপিৰ দীনেশ প্ৰতাপ সিঙে লাভ কৰে ২৯৩৬৭২টা ভোট । আনহাতে বিএছপিৰ ঠাকুৰ প্ৰসাদে লাভ কৰে ২১৩৯৪টা ভোট ।

4:09 PM, 4 Jun 2024 (IST)

INDIA ব্লকে চৰকাৰ গঠন কৰিব পাৰে নেকি নিশ্চিত নহয়; কাইলৈ ​​আমি লগ হ’ম: পাৱাৰ

এন চি পি (এছ পি)ৰ মুৰব্বী শাৰদ পাৱাৰে মঙলবাৰে ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে দিল্লীত বৈঠকত মিলিত হৈ ভৱিষ্যতৰ কাৰ্যপন্থা নিৰ্ণয় কৰাৰ লগতে বিৰোধী ব্লকটোৱে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা নাই বুলিও উল্লেখ কৰে ।

লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিব পাৰে বুলি ট্ৰেণ্ডে ইংগিত দিয়াৰ লগে লগে মুম্বাইত সংবাদমেলত ভাষণ দি পাৱাৰে কয় যে সংবাদ মাধ্যমৰ বাতৰিৰ বিপৰীতে তেওঁ জেডিইউ নেতা নীতিশ কুমাৰ বা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৰ সৈতে কথা পতা নাই । "মল্লিকাৰ্জুন খাৰ্গে আৰু সীতাৰাম য়েচুৰীৰ সৈতে কথা পাতিলোঁ । কাইলৈ ​​দিল্লীত ইণ্ডি মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । আজি সন্ধিয়াৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । সেই অনুসৰি মই দিল্লীত থাকিম ।"

পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব সেই প্ৰশ্নৰ উত্তৰত পাৱাৰে কয়, ‘‘আমি ইয়াৰ বিষয়ে চিন্তা কৰা নাই । আমি কাইলৈ ​​বৈঠকত মিলিত হ’ম আৰু ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত ল’ম ।’’ উত্তৰ প্ৰদেশৰ ফলাফলে ইণ্ডি মিত্ৰজোঁটক নতুন দিশ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে য’ত বিজেপিয়ে জয়লাভ কৰিছিল তাতো ইয়াৰ বিজয়ৰ ব্যৱধান কম ৷ তেওঁৰ নিজৰ দলটোৱে দহখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু সাতখন আসনত আগবাঢ়ি থকা বুলিও সন্তুষ্টি প্ৰকাশ কৰে ।

4:03 PM, 4 Jun 2024 (IST)

খদূৰ চাহিব লোকসভা আসনৰ ফলাফল: ১.৫ লাখৰো অধিক ভোটত জয়লাভ অমৃতপাল সিঙৰ

কাৰাবন্দী শিখ বিচ্ছিন্নতাবাদী নেতা তথা ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপাল সিঙে খাদূৰ চাহিব লোকসভা আসনৰ পৰা ১.৫ লাখৰো অধিক ভোটৰ ব্যাপক ব্যৱধানত জয়লাভ কৰিছে । ইচিআইৰ শেহতীয়া তথ্য অনুসৰি খদূৰত ৩৪৭৬৬৭ টা ভোটদান হৈছিল ৷ কংগ্ৰেছ প্ৰাৰ্থী কুলবিৰ সিং জিৰাৰ বিৰুদ্ধে ১৫৯০৯৯ টা ভোটৰ ব্যাপক অগ্ৰগতি লাভ কৰিছিল অমৃতপাল সিঙে । নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সিঙে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । সম্প্ৰতি তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অসমৰ ডিব্ৰুগড় কাৰাগাৰত ৰখা হৈছে । পঞ্জাৱৰ ১৩ খন লোকসভা আসনৰ বাবে পুৱা ৮ বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত ভোটগণনা আৰম্ভ হৈছিল আৰু এতিয়াও চলি আছে । কংগ্ৰেছে ৰাজ্যখনৰ ৭ খন, আপে ৩, আৰু শিৰোমণি অকালি দলে দুখন আসন জয়ৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

3:59 PM, 4 Jun 2024 (IST)

মণ্ডী লোকসভাৰ আসনৰ পৰা জয়লাভ অভিনেত্ৰী কংগনা ৰণৌতৰ

কংগ্ৰেছৰ নেতা বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি 70 হাজাৰৰো অধিক ভোটৰ ব্যাপক ব্যৱধানত নিৰ্বাচনত জয়লাভ কৰিছে মণ্ডী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰণৌতে । নিৰ্বাচন আয়োগৰ শেহতীয়া আপডেট অনুসৰি কংগনাই 5,25,691 টা ভোট লাভ কৰিছে ৷ সিঙতকৈ তেওঁ 72696 টা অধিক ভোট লাভ কৰে । ইয়াৰ পূৰ্বে দিনটোৰ ট্ৰেণ্ডে তেওঁৰ অগ্ৰগতি দেখুওৱাৰ লগে লগে ৰণৌতে কয়, ‘‘মণ্ডীয়ে কন্যাৰ বাবে কৰা অপমানক সদয়ভাৱে লোৱা নাই । এইখন (হিমাচল প্ৰদেশ) মোৰ ‘জন্মভূমি’ আৰু মই ইয়াত মানুহৰ সেৱা কৰি যাম ৷ মই ক’লৈকো যোৱা নাই । হয়তো, আন কোনোবাই তেওঁলোকৰ বেগবোৰ সামৰি গুচি যাব লাগিব । মই ক'লৈকো নাযাওঁ ।’’

3:56 PM, 4 Jun 2024 (IST)

বুধবাৰে ​​দিল্লীত INDIA ব্লকৰ বৈঠকৰ সম্ভাৱনা: শৰদ পাৱাৰ

নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী শাৰদ পাৱাৰে মঙলবাৰে কয় যে বুধবাৰে দিল্লীত ইণ্ডিয়া ব্লকৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । মুম্বাইত সংবাদমেল সম্বোধন কৰি এনচিপিৰ মুৰব্বীগৰাকীয়ে কয় যে এই নিৰ্বাচনত জনসাধাৰণে বিজেপিক শিক্ষা দিছে ।

ছ’চিয়েল মিডিয়াত জেডিইউ নেতা নীতিশ কুমাৰৰ সৈতে কথা পতাৰ চৰ্চা সন্দৰ্ভত পাৱাৰে কয়, ‘‘মই এতিয়ালৈকে কাৰো সৈতে কথা পতা নাই । INDIA ব্লকে সকলো এগজিট প’ল ভুল প্ৰমাণ কৰি তীব্ৰ যুঁজ দিছে । দুপৰীয়া 2.30 বজালৈকে বিজেপিয়ে 242 খন আসনত অগ্ৰগতি/জয় লাভ কৰিছে ৷ আনহাতে কংগ্ৰেছ দলে 99 খন আসনত অগ্ৰগতি/জয় লাভ কৰিছে, যি 2019 চনৰ সংখ্যাৰ প্ৰায় দুগুণ ।

3:53 PM, 4 Jun 2024 (IST)

ৰায়ে বৰেলীত মাতৃ ছোনিয়াৰ 2019 ৰ বিজয়ৰ ব্যৱধান অতিক্ৰম ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়ে বৰেলী সমষ্টিত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ দিনেশ প্ৰতাপ সিঙতকৈ 3.25 লাখৰো অধিক ভোটত আগবাঢ়ি আছে ৷ 2019 চনত ছোনিয়া গান্ধীৰ বিজয়ৰ ব্যৱধান অতিক্ৰম কৰি বিজয়ৰ দিশে আগবাঢ়িছে ৰাহুল ৷

2019 চনত দীনেশ প্ৰতাপ সিঙৰ বিৰুদ্ধে ৰায়ে বৰেলীত 167178 টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে জয়লাভ কৰিছিল । 2004 চনৰ পৰা 2019 চনলৈ আমেঠী লোকসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰা ৰাহুলে 2019 চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিৰ স্মৃতি ইৰাণীৰ হাতত পৰাস্ত হৈছিল যদিও কেৰালাৰ ৱায়ানাদৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল ।

3:05 PM, 4 Jun 2024 (IST)

‘‘কিশোৰী ভাইয়া, মোৰ কেতিয়াও কোনো সন্দেহ নাছিল’’: কিশোৰী লাল শৰ্মাক আগতীয়া অভিনন্দন প্ৰিয়ংকা গান্ধীৰ

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে গান্ধী পৰিয়ালৰ দুৰ্গ জয়ৰ পথত গতি কৰা দলটোৰ আমেঠীৰ প্ৰাৰ্থী কিশোৰী লাল শৰ্মাক অভিনন্দন জনাই কয় যে তেওঁ জয়ী হ’ব বুলি আৰম্ভণিৰে পৰাই নিশ্চিত আছিল । "কিশোৰী ভাইয়া, মোৰ কেতিয়াও কোনো সন্দেহ নাছিল, আৰম্ভণিৰে পৰাই নিশ্চিত আছিলো যে আপুনি জয়ী হ'ব । আপোনাক আৰু আমেঠীৰ মোৰ মৰমৰ ভাই-ভনীসকলক আন্তৰিক অভিনন্দন !" প্ৰিয়ংকা গান্ধীয়ে এক্সত হিন্দীত এটা পোষ্ট কৰি এইদৰে কয় ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দুপৰীয়া 2.20 বজালৈ আমেঠী লোকসভা সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ বিৰুদ্ধে 90 হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে কিশোৰী লাল শৰ্মা । প্ৰিয়ংকা গান্ধীয়ে প্ৰায় দুসপ্তাহ ধৰি ৰায়ে বৰেলী আৰু আমেঠীৰ পাৰিবাৰিক দুৰ্গত শিবিৰ পাতিছিল ৷ আমেঠীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কিশোৰী লাল শৰ্মা আৰু ৰায়ে বৰেলীৰ পৰা নিৰ্বাচনী যুঁজত নমা তেওঁৰ ভাতৃ ৰাহুল গান্ধীৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল ।

2:43 PM, 4 Jun 2024 (IST)

লোকসভা নিৰ্বাচনৰ ফলাফল লাইভ আপডেট: এতিয়ালৈকে পোৱা ফলাফল

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিয়লি 2.30 বজালৈকে বিজেপিয়ে 240খন আসনত অগ্ৰগতি/জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে 98 খন আসনত অগ্ৰগতি/জয় লাভ কৰাত, 2019 চনৰ সংখ্যা প্ৰায় দুগুণে বৃদ্ধি পাইছে । 2019 চনত মাত্ৰ 5 খন আসনত জয়ী হ’বলৈ সক্ষম হোৱাৰ বিপৰীতে 36 খন আসনত আগবাঢ়ি থকা সমাজবাদী পাৰ্টীয়ে সকলোকে স্তম্ভিত কৰি তুলিছে । তৃণমূল কংগ্ৰেছেও 31 খন আসনত শক্তিশালী ফ্ৰণ্ট স্থাপন কৰিছে ।

Lok Sabha General Election Results Live Updates 2024
লোকসভা নিৰ্বাচন 2024 ৰ ফলাফলৰ লাইভ আপডেট (ECI.GOV.IN)

2:34 PM, 4 Jun 2024 (IST)

নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰিছে মোদীৰ নৈতিক পৰাজয়; তেওঁ পদত্যাগ কৰি হিমালয়লৈ যাব লাগে: কংগ্ৰেছ

শেহতীয়া ধাৰাসমূহত বিজেপি সংখ্যাগৰিষ্ঠতা সীমাৰ তললৈ নামি অহাৰ লগে লগে মঙলবাৰে কংগ্ৰেছে কয় যে নৰেন্দ্ৰ মোদীৰ বাবে এয়া এক স্তম্ভিত ৰাজনৈতিক আৰু নিৰ্ণায়ক নৈতিক পৰাজয় হ’ব বুলি স্পষ্ট হৈ পৰিছে ৷ তেওঁ পদত্যাগ কৰি হিমালয়লৈ ৰাওনা হ’ব লাগে । লোকসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে, বিজেপিয়ে একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে যদিও নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে হিন্দীতে X ত এক পোষ্টযোগে কয়, "তেওঁ আগতে অসাধাৰণ বুলি ভাও ধৰিছিল । এতিয়া প্ৰমাণিত হৈছে যে বিদায়ী প্ৰধানমন্ত্ৰীজন প্ৰাক্তন হ'বলৈ গৈ আছে । নৈতিক দায়িত্ব গ্ৰহণ কৰক আৰু পদত্যাগ কৰক । এই নিৰ্বাচনৰ বাৰ্তা এয়াই ।" তেওঁ কয় যে ২০১৬ চনৰ ৩ ডিচেম্বৰত মোৰাদাবাদত "বিদায়ী" প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল - "তেওঁলোকে মোৰ লগত সৰ্বাধিক কি কৰিব পাৰে ? মই এজন ফকিৰ (দুখীয়া মানুহ), মই মোৰ বেগটো তুলি লৈ গুচি যাম"।

মোডীক সমালোচনা কৰি ৰমেশে কয়, "আপোনাৰ এই বক্তব্য মনত আছেনে বিদায়ী প্ৰধানমন্ত্ৰী ? সময় আহি পৰিছে । আপোনাৰ বেগটো লৈ হিমালয়ৰ ফালে আগবাঢ়ি যাওক ।" শনিবাৰৰ এগজিট প’লত প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা অক্ষুণ্ণ ৰাখিব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল, লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা আছে । এক্সত এটা পোষ্টত ৰমেশে কয় যে এগজিট প’লবোৰ যি আছিল তাৰ স্বৰূপ সম্পূৰ্ণৰূপে উন্মোচিত হৈছে, “এটা সম্পূৰ্ণ নকল ।”

2:09 PM, 4 Jun 2024 (IST)

ফলাফলৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ ওমৰ আব্দুল্লাৰ

জম্মু-কাশ্মীৰৰ 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা ৷ বাৰামুল্লা লোকসভাৰ আসনত নিশ্চিত পৰাজয়ৰ দিশে কৰিছে ওমৰ আব্দুল্লা৷ কাৰাগাৰত থকা নিৰ্দলীয় প্ৰাৰ্থী ইআৰ ৰছিদে জয়ৰ কাষ চাপিছে ৷

এক্সত এটা পোষ্ট কৰি ওমৰ আব্দুল্লাই কয়, "মই ভাবো যে অনিবাৰ্য জনাদেশক মানি লোৱাৰ সময় আহি পৰিছে । উত্তৰ কাশ্মীৰত জয়লাভ কৰাৰ বাবে অভিযন্তা ৰছিদক অভিনন্দন ।"

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা প্ৰকৃত তথ্য অনুসৰি মঙলবাৰে দুপৰীয়া 12 বজালৈকে ইআৰ ৰছিদে নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী ওমৰ আব্দুল্লাৰ বিৰুদ্ধে 61000 ৰো অধিক ভোটত আগবাঢ়ি প্ৰায় 140000 ৰো অধিক ভোট লাভ কৰিছে । ওমৰে 78000 ৰো অধিক ভোট লাভ কৰিছে আৰু বিজেপি সমৰ্থিত সাজাদে প্ৰায় 56000 ৰো অধিক ভোট লাভ কৰিছে ।

1:59 PM, 4 Jun 2024 (IST)

কংগ্ৰেছৰ শ্ৰেয়াছ পেটেলৰ হাতত দুৰ্গ হেৰুৱালে প্ৰজ্বল ৰেৱন্নাই

কৰ্ণাটক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্ৰেয়াছ পেটেলে জেডিএছৰ প্ৰবীণ নেতা এইচ.ডি. দেৱে গৌড়াৰ নাতি প্ৰজ্বল ৰেৱন্নাক পৰাস্ত কৰি হাছানৰ আসন দখল কৰে । প্ৰজ্বল ৰেভান্নাৰ প্ৰচাৰ অভিযানৰ সময়তে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল । এই বিজয়ে কংগ্ৰেছৰ বাবে ৰাজনৈতিক বিজয়ৰ চিন স্বৰূপে নহয়, ভোটাৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ৰেৱন্নাৰ প্ৰাৰ্থিত্বক লৈ হোৱা বিতৰ্কৰ প্ৰভাৱৰ ওপৰতো আলোকপাত কৰে ।

1:46 PM, 4 Jun 2024 (IST)

কইম্বাটুৰ লোকসভাৰ আসনত বিজেপিৰ আন্নামলাই 22 হাজাৰৰো অধিক ভোটত পিচ পৰি আছে

কইম্বাটুৰ লোকসভা সমষ্টিত বিজেপি তামিলনাডুৰ সভাপতি কে আন্নামলাই 22 হাজাৰৰো অধিক ভোটত পিচ পৰি আছে ৷ ৰাজ্যখনত ভোট গণনা চলি থকাৰ সময়তে দ্ৰাবিড় মুনেত্ৰ কাঝাগমৰ গণপতি ৰাজকুমাৰ পিয়ে ব্যাপক অগ্ৰগতি লাভ কৰিছে । দুপৰীয়া 1.34 বজাত ইচিআইৰ ধাৰা অনুসৰি ডিএমকেৰ গণপতি পি ৰাজকুমাৰে 22881 টা ভোটত আগবাঢ়ি আছে । আন্নামলাইয়ে এতিয়ালৈকে 77564 টা ভোট লাভ কৰিছে ।

1:29 PM, 4 Jun 2024 (IST)

উত্তৰ প্ৰদেশত পিচ পৰি আছে মোদী কেবিনেটৰ 7 মন্ত্ৰী

উত্তৰ প্ৰদেশত মোদী কেবিনেটৰ 7 গৰাকী মন্ত্ৰী পিচ পৰি আছে । 4653 টা ভোটত পিচ পৰি আছে চন্দৌলি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ড৹ মহেন্দ্ৰ নাথ পাণ্ডে । ফাতেহপুৰত সাধৱী নিৰঞ্জন জ্যোতি 1160 ভোটত, আমেথিত স্মৃতি ইৰাণী 57911 ভোটত, মুজাফ্ফৰনগৰৰ পৰা সঞ্জীৱ বালিয়ান 32000 ভোটত, মিৰ্জাপুৰত অনুপ্ৰিয়া পেটেল, লখিমপুৰ খেৰীত অজয় ​​মিশ্ৰ টেনি, মহাৰাজগঞ্জত পংকজ চৌধুৰী পিচ পৰি আছে ।

1:18 PM, 4 Jun 2024 (IST)

পঞ্জাবত 7 খন আসনত কংগ্ৰেছ আৰু 3 খনত আপৰ অগ্ৰগতি

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি পঞ্জাবত 7 খন আসনত কংগ্ৰেছ আৰু 3 খন আসনত আপ আগবাঢ়ি আছে । অমৃতপাল সিঙকে ধৰি দুজন নিৰ্দলীয়ৰ উপৰিও এটা সংসদীয় সমষ্টিত শিৰোমণি আকালি দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে ।

অমৃতসৰ, জলন্ধৰ, ফাতেহগড় চাহিব, গুৰদাসপুৰ, পাটিয়ালা, ফিৰোজপুৰ আৰু লুধিয়ানা আসনৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়ি আছে আৰু হোছিয়াৰপুৰ, সংগৰু আৰু আনন্দপুৰ চাহিবত আপ আগবাঢ়ি আছে বুলি প্ৰকাশ পাইছে ।

জলন্ধৰ সংৰক্ষিত সমষ্টিত কংগ্ৰেছ দলৰ চৰণজিৎ সিং চান্নীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা বিজেপি প্ৰাৰ্থী সুশীল ৰিংকুতকৈ বহু আগবাঢ়ি আছে । পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চান্নীয়ে 1,21,850 ভোটত আগবাঢ়ি আছে । কংগ্ৰেছৰ সুখজিন্দৰ ৰান্ধৱাই গুৰদাসপুৰৰ আসনত নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ দীনেশ সিং বাবুৰ বিৰুদ্ধে 27,605 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ।

অমৃতসৰত কংগ্ৰেছ প্ৰাৰ্থী গুৰজীত সিং আউজলাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা বিজেপিৰ তৰণজিৎ সিং সন্ধুৰ বিৰুদ্ধে 15,632 ভোটৰ ব্যৱধানত আগবাঢ়ি আছিল । কংগ্ৰেছ প্ৰাৰ্থী অমৰ সিঙেও আপৰ গুৰপ্ৰীত সিং জিপিৰ বিৰুদ্ধে ফাতেহগড় চাহিবত 18,839 ভোটত আগবাঢ়ি আছে ।

1:02 PM, 4 Jun 2024 (IST)

নিৰ্বাচনী ফলাফলৰ প্ৰভাৱ শ্বেয়াৰ বজাৰত: আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য হ্ৰাস

প্ৰাথমিক ধাৰাত এগজিট প’লত ভৱিষ্যদ্বাণী কৰাতকৈ কম সংখ্যক আসন লাভ কৰা দেখা পোৱাৰ লগে লগে মঙলবাৰে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে শ্বেয়াৰৰ মূল্য হ্ৰাস পায় । আদানী প’ৰ্টছৰ ষ্টক 20 শতাংশ, আদানি এনাৰ্জি ছলিউচনৰ 19.80 শতাংশ, আদানি পাৱাৰৰ 19.76 শতাংশ হ্ৰাস, অম্বুজা চিমেণ্টৰ 19.20 শতাংশ আৰু গোটটোৰ ফ্লেগশ্বিপ ফাৰ্ম আদানি এণ্টাৰপ্ৰাইজে বিএছইত 19.13 শতাংশ হ্ৰাস কৰে ।

আদানী টোটেল গেছ 18.55 শতাংশ, আদানী গ্ৰীণ এনাৰ্জীৰ 18.31 শতাংশ, এনডিটিভি 15.65 শতাংশ হ্ৰাস, এচিচি 14.49 শতাংশ আৰু আদানী উইলমাৰ 9.81 শতাংশ হ্ৰাস । পূৰ্বৰ ব্যৱসায়ৰ অভিলেখ সৃষ্টিকাৰী ৰেলী মচি পেলাই 30 শ্বেয়াৰৰ বিএছই চেন্সেক্সৰ মূল্য 4131.44 পইণ্ট বা 5.40 শতাংশ হ্ৰাস পাই 72337.34 পইণ্টত উপনীত হয়, আৰু নিফটিৰ মূল্য 1263.3 পইণ্ট বা 5.43 শতাংশ হ্ৰাস পাই 22,000.60 হয় ।

সোমবাৰে আদানী গ্ৰুপৰ সকলো কোম্পানীৰে শ্বেয়াৰত তীব্ৰ উত্থান ঘটিছিল, ইকুইটি বজাৰত হোৱা ব্যাপক উত্থানৰ সৈতে সংগতি ৰাখি আদানি পাৱাৰৰ শ্বেয়াৰ প্ৰায় 16 শতাংশ বৃদ্ধি পাই তালিকাভুক্ত দহটা প্ৰতিষ্ঠানৰ সংযুক্ত বজাৰ মূল্য 19.42 লাখ কোটি টকালৈ বৃদ্ধি পাইছিল ।

12:36 PM, 4 Jun 2024 (IST)

INDIA ব্লকে লাভ কৰিব 295 খন লোকসভা আসন: সঞ্জয় ৰাউত

নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰকাশিত শেহতীয়া তথ্য মতে ইণ্ডিয়া ব্লকে এনডিএক তীব্ৰ প্ৰত্যাহ্বান জনাইছে ৷ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে কয় যে এগজিট প’লত ভৱিষ্যদ্বাণী কৰা সংখ্যাক অতিক্ৰম কৰি বিৰোধী ব্লকে 295 খন লোকসভাৰ আসন লাভ কৰিব বুলি দাবী কৰে । সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাউতে কয় যে 2019 চনৰ লোকসভা নিৰ্বাচনত কষ্টেৰে 50 খন আসন পোৱা কংগ্ৰেছে এতিয়া 150 খন আসন লাভ কৰিবলৈ সাজু হৈছে । ৰাউতে দাবী কৰে যে মহাৰাষ্ট্ৰত মহা বিকাশ আঘাদী (এমভিএ) আগবাঢ়ি থাকিব আৰু ইণ্ডি মিত্ৰজোঁটে সমগ্ৰ দেশত 295 খন আসন লাভ কৰিব । ৰাজ্যসভাৰ সদস্যগৰাকীয়ে লগতে কয় যে ইণ্ডি মিত্ৰজোঁটে এগজিট প’লত ভৱিষ্যদ্বাণী কৰা পৰিসংখ্যা অতিক্ৰম কৰি আগবাঢ়িছে । ই 295 খন আসন অতিক্ৰম কৰিব । প্ৰাৰম্ভিক ট্ৰেণ্ডত কংগ্ৰেছ নেতৃত্বাধীন INDIA ব্লকে 200 খন আসনত আগবাঢ়ি আছিল, যিটো প্ৰদৰ্শন এগজিট প’লত ভৱিষ্যদ্বাণী কৰাতকৈ বহু ভাল দেখা গৈছিল ।

12:15 PM, 4 Jun 2024 (IST)

গান্ধীনগৰ আসনত নিৰংকুশ বিজয়ৰ বাবে সাজু অমিত শ্বাহ

নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি 3.4 লাখৰো অধিক ভোটৰ অগ্ৰগতি লাভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা গান্ধীনগৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমিত শ্বাহে বিপুল জয়ৰ বাবে সাজু হৈছে । শ্বাহে 473348 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ সোনাল ৰমনভাই পেটেলে 101887 টা ভোটেৰে দ্বিতীয় স্থানত আছে । 2019 চনৰ নিৰ্বাচনত 5.57 লাখৰো অধিক ভোটৰ ব্যাপক ব্যৱধানত শ্বাহে এই আসনখন দখল কৰিছিল । বিগত সময়ত বিজেপিৰ প্ৰবীণ নেতা লাল কৃষ্ণ আদৱানীয়ে প্ৰতিনিধিত্ব কৰা এই আসনখনৰ পৰা দ্বিতীয়টো কাৰ্যকালৰ বাবে জয়ী হোৱাৰ দিশে আগবাঢ়িছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়েও 1996 চনত এই আসনখন লাভ কৰিছিল যদিও তেওঁ লক্ষ্ণৌৰ আসনখন (উত্তৰ প্ৰদেশত) ধৰি ৰাখিবলৈ ইচ্ছা কৰিছিল । সবিশেষ চাওক...

12:06 PM, 4 Jun 2024 (IST)

2 লাখতকৈও অধিক ভোটতত পিচপৰি আছে বদৰুদ্দিন আজমল; গৌৰৱ গগৈ আৰু সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি

ধুবুৰী সমষ্টিৰ 3 বাৰৰ সাংসদ তথা এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল প্ৰায় 228073 টা ভোটত পিচপৰি আছে ৷ এই মুহূৰ্তলৈকে আজমলে লাভ কৰিছে 120388 টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দী কংগ্ৰেছৰ ৰকিবুল হুছেইনে লাভ কৰিছে 348461 টা ভোট ৷

ইফালে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ যোৰহাট সমষ্টিত তেওঁৰ নিকটতম প্ৰতিদ্বন্দী তথা বিজেপি প্ৰাৰ্থী তপন গগৈতকৈ 48641 টা ভোটত আগবাঢ়ি আছে ৷ গৌৰৱ গগৈয়ে বৰ্তমানলৈকে লাভ কৰিছে 304678 টা ভোট আৰু তপন গগৈয়ে লাভ কৰিছে 256037 টা ভোট ৷

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰায় 105842 টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৷ সোণোৱালে এতিয়ালৈকে 303224 টা ভোট লাভ কৰাৰ বিপৰীতে এজেপিৰ লুৰীণজ্যোতি গগৈয়ে 197382 টা ভোট লাভ কৰিছে ৷

11:54 AM, 4 Jun 2024 (IST)

290 খনতকৈও অধিক আসনত বিজেপি নেতৃত্বাধীন এন ডি এৰ অগ্ৰগতি, 220 খনতকৈও অধিক আসনত অগ্ৰগতি ইণ্ডিয়া ব্লকৰ

ভোটগণনাৰ বৰ্তমানৰ ধাৰা অব্যাহত থাকিলে তৃতীয়বাৰৰ বাবে পোনপটীয়াকৈ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ব শাসকীয় বিজেপি দল । 236 খন আসনত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী । তেওঁলোকৰ মিত্ৰশক্তিয়ে 50 খনতকৈও অধিক আসনত আগবাঢ়ি আছে ৷ যাৰ ফলত নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে(এন ডি এ) ইণ্ডিয়া ব্লকক সহজেই অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁটে 220 খনতকৈও অধিক আসনত অগ্ৰগতি লাভ কৰিছে । নিৰ্বাচন আয়োগৰ ৱেবছাইট অনুসৰি কংগ্ৰেছক 90 খন আসনত আগবাঢ়ি থকা দেখা গৈছে যদিও মিত্ৰজোঁটৰ অংশীদাৰসকলে 120 খনতকৈও অধিক আসনত আগবাঢ়ি আছে । এই মুহূৰ্তত সমগ্ৰ দেশতে বিজেপিৰ পক্ষে ভোটৰ হাৰ প্ৰায় 40 শতাংশ আৰু কংগ্ৰেছৰ পক্ষে ভোটৰ হাৰ প্ৰায় 26 শতাংশ ।

11:40 AM, 4 Jun 2024 (IST)

ইন্দোৰ লোকসভা সমষ্টিত অভিলেখ সংখ্যক ভোটদান NOTA-ত

ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ত NOTA ৰ সুবিধা আৰম্ভ হোৱাৰ পিচৰে পৰা 81,827 টাতকৈও অধিক ভোটদানেৰে ইতিহাস ৰচনা হৈছিল, যিটো এতিয়ালৈকে সৰ্বাধিক ভোট । নিৰ্বাচন আয়োগৰ ৱেবছাইটৰ তথ্য অনুসৰি বিজেপিৰ শংকৰ লালৱানীয়ে এতিয়ালৈকে 468,503 টা ভোট লাভ কৰিছে । তেওঁ মুঠ 79.06 শতাংশ ভোট লাভ কৰিছে । দ্বিতীয় স্থানত থকা বিএছপিৰ সঞ্জয়ে 20,015 টা ভোট লাভ কৰি মুঠ ভোটৰ 3.39 শতাংশ ভোট লাভ কৰে । NOTA-ত প্ৰায় 13.5 শতাংশ ভোটদান দেখা গৈছে ।

11:27 AM, 4 Jun 2024 (IST)

বিহাৰত 30 খন আসনত এন ডি এ আৰু 7 খনত ইণ্ডি মিত্ৰজোঁটৰ অগ্ৰগতি

বিহাৰত 30 টা লোকসভা সমষ্টিত শাসকীয় এন ডি এই আগবাঢ়ি থকাৰ বিপৰীতে ইণ্ডিয়া ব্লকে 7 টা সমষ্টিত আগবাঢ়ি থকাৰ কথা নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰিছে । বিজেপিৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰা আসনসমূহৰ ভিতৰত আছে পশ্চিম চম্পাৰণ, পূব চম্পাৰাণ, আৰৰিয়া, দৰভংগা, মুজাফ্ফৰপুৰ, মহাৰাজগঞ্জ, বেগুছৰাই, পাটনা চাহেব আৰু নৱাড়া । ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ জেডি(ইউ)ৰ প্ৰাৰ্থী শ্বেওহৰ, সীতামৰ্হি, সুপৌল, কিষানগঞ্জ, পূৰ্ণিয়া, মধেপুৰা, গোপালগঞ্জ, বাংকা, মুংগেৰ আৰু নালন্দা আসনৰ পৰা আগবাঢ়ি আছে ।

বিজেপিৰ মিত্ৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী জিতেন ৰাম মাঝি ২৯,৭৬৭ টা ভোটত আগবাঢ়ি আছে ।

ইণ্ডিয়া ব্লকৰ অংশ হিচাপে থকা RJD ৰ প্ৰাৰ্থীয়ে বাল্মীকি নগৰ, উজিয়াৰপুৰ, পাটলীপুত্ৰ আৰু জাহানাবাদ সমষ্টিত অগ্ৰগতি বজাই ৰাখিছে । কাটিহাৰ আৰু ছাছাৰাম সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি দেখা গৈছে । কাৰাকাটত বিৰোধী মিত্ৰজোঁটৰ আন এক অংশীদাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী লেনিনবাদী) লিবাৰেশ্যনে অগ্ৰগতি লাভ কৰিছে । ছিৱানত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী হিনা চাহেব ।

11:11 AM, 4 Jun 2024 (IST)

কৰ্ণাটকত বিজেপিৰ 17 খন আসনত অগ্ৰগতি, হাছান সমষ্টিত পিছ পৰি আছে প্ৰজ্বল ৰেভান্না

কৰ্ণাটকত বিজেপিয়ে 17 খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 8 খন আৰু জেডি(এছ) তিনিখন আসনত অগ্ৰগতি লাভ কৰিছে ৷ মুঠ 28 টা লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ ভোটগণনাত প্ৰকাশ পাইছে এই তথ্য । কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হাছানৰ সাংসদ প্ৰজ্বল ৰেভানা পিছ পৰি আছে । মাণ্ডিয়া আৰু ধৰৱাদ লোকসভা সমষ্টিৰ পৰা জেডি(এছ) নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশী (বিজেপি) আগবাঢ়ি আছে ।

বিজেপিৰ মহীশূৰৰ প্ৰাৰ্থী তথা মহীশূৰৰ প্ৰাক্তন ৰাজপৰিয়ালৰ বংশধৰ যদুবীৰ কৃষ্ণদত্ত চামাৰাজা ৱাডিয়াৰ, শিমোগাৰ প্ৰাৰ্থী তথা দলৰ প্ৰবীণ নেতা বি এছ য়েডিয়ুৰাপ্পাৰ পুত্ৰ বি ৱাই ৰাঘবেন্দ্ৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বেলগামৰ প্ৰাৰ্থী জগদীশ শেট্টৰ আৰু বিজেপি নেতা তেজস্বী সূৰ্য (বেংগালুৰু দক্ষিণ) আগবাঢ়ি আছে । গুলবাৰ্গত পিছ পৰি আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ জোঁৱাই ৰাধাকৃষ্ণ দোদ্দামণি ।

10:42 AM, 4 Jun 2024 (IST)

মধ্যপ্ৰদেশত 29 খন লোকসভা আসনৰ আটাইকেইখনতে বিজেপিৰ অগ্ৰগতি

মধ্যপ্ৰদেশত প্ৰথম পৰ্যায়ৰ ভোটগণনা অনুসৰি 29 খন লোকসভাৰ আটাইকেইখন আসনত বিজেপি আগবাঢ়ি আছে ৷ জ্যোতিৰাদিত্য সিন্ধিয়া (গুনা) 87 হাজাৰ ভোটত আৰু শিৱৰাজ সিং চৌহান (বিদিশা) 93 হাজাৰ ভোটত আগবাঢ়ি আছে । বিজেপিৰ আন আন প্ৰাৰ্থীৰ ভিতৰত আছে ফাগন সিং কুলাষ্টে (মাণ্ডলা), শংকৰ লালৱানী (ইন্দোৰ), শিৱমংগল সিং টোমাৰ (মৰেনা), সন্ধ্যা ৰায় (ভিন্দ), লতা ৱাংখেড়ে (সাগৰ), বীৰেন্দ্ৰ কুমাৰ (টিকামগড়), আলোক শৰ্মা (ভোপাল) আৰু ৰোডমল নগৰ (ৰাজগড়) । কংগ্ৰেছৰ প্ৰবীণ নেতা দিগ্বিজয় সিং 10 হাজাৰৰো অধিক ভোটত পিচ পৰি থকাৰ বিপৰীতে ছিণ্ডৱাৰাৰ কংগ্ৰেছৰ সাংসদ নকুল নাথ ৩৮০০ ভোটত পিছ পৰি আছে ।

10:31 AM, 4 Jun 2024 (IST)

উত্তৰ-পূৰ্বাঞ্চলতো এন ডি এৰ অগ্ৰগতি

অসমত 14 খন আসনৰ ভিতৰত 9 খনত এন ডি এ আৰু পাঁচখনত কংগ্ৰেছৰ অগ্ৰগতি ৷

ত্ৰিপুৰাৰ দুয়োখন আসনতে বিজেপিৰ অগ্ৰগতি ৷ মেঘালয়ত দুখন আসনৰ ভিতৰত এখনত কংগ্ৰেছ আৰু আনখনত অন্যান্যৰ অগ্ৰগতি ৷

নাগালেণ্ডৰ একমাত্ৰ আসনখনত কংগ্ৰেছৰ অগ্ৰগতি ৷ মিজোৰামৰ একমাত্ৰ আসনত অন্যান্যৰ অগ্ৰগতি ৷ মণিপুৰৰ দুখন আসনৰ এখনত এন ডি এ আৰু আনখনত কংগ্ৰেছৰ অগ্ৰগতি ৷

অৰুণাচলৰ দুয়োখন আসনতে বিজেপিৰ অগ্ৰগতি ৷ ছিক্কিমৰ একমাত্ৰ আসনখনত অন্যান্যৰ অগ্ৰগতি ৷

10:19 AM, 4 Jun 2024 (IST)

উত্তৰ প্ৰদেশৰ 80 খন আসনৰ ভিতৰত 42 খনত এন ডি এই, 37 খনত ইণ্ডি মিত্ৰজোঁটে আৰু 1 আসনত অন্যান্য আগবাঢ়ি আছে ৷

মধ্যপ্ৰদেশৰ 29 খন আসনৰ ভিতৰত আটাইকেইখন আসনতে আগবাঢ়ি আছে এন ডি এ ৷

বিহাৰত 40 খন আসনৰ ভিতৰত 30 খনত এন ডি এ, 8 খনত ইণ্ডি মিত্ৰজোঁট আৰু 2 খনত অন্যান্য আগুৱাই আছে ৷

গুজৰাটত 26 খন আসনৰ ভিতৰত 25 খনত বিজেপিৰ আৰু 1 এখনত কংগ্ৰেছৰ অগ্ৰগতি ৷

তামিলনাডুত 39 খন আসনৰ ভিতৰত 36 খনত ডিএমকে আৰু মিত্ৰদল, 1 খনত এআইএডিএমকে আৰু মিত্ৰদল এখনত, বিজেপি এখনত আৰু অন্যান্য 1 খনত আগবাঢ়ি আছে ৷

10:07 AM, 4 Jun 2024 (IST)

কংগ্ৰেছৰ অজয় ​​ৰায়ক অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বাৰাণসী লোকসভা সমষ্টিত কংগ্ৰেছৰ অজয় ​​ৰায়ক অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শেহতীয়া তথ্য অনুসৰি মোদীয়ে ৩৬৪২৪টা ভোট (+ ৬১৯) ভোট লাভ কৰিছে আৰু অজয় ৰায়ে লাভ কৰিছে ৩৫৮০৫ (-৬১৯) টা ভোট ।

10:02 AM, 4 Jun 2024 (IST)

বাৰাণসীত ৪ হাজাৰৰো অধিক ভোটত পিচ পৰি আছে নৰেন্দ্ৰ মোদী

বাৰাণসী লোকসভা সমষ্টিত পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অৱশ্যে তেওঁ তৃতীয়বাৰৰ বাবে পুনৰ প্ৰধানমন্ত্ৰী হ’ব বুলি আশাবাদী । প্ৰাৰম্ভিক ধাৰা অনুসৰি কংগ্ৰেছ প্ৰাৰ্থী অজয় ​​ৰায়ে প্ৰায় ৪ হাজাৰ ভোটেৰে দৌৰত আগবাঢ়ি আছে । এই পৰ্যন্ত মোদীয়ে ৯,৫০৫টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী ৰায়ে প্ৰাৰম্ভিক ৰাউণ্ডত ১৪,৫০৩টা ভোট লাভ কৰিছে ।

10:01 AM, 4 Jun 2024 (IST)

তামিলনাডুত অধিক সংখ্যক আসনত ডি এম কে আৰু মিত্ৰশক্তিৰ অগ্ৰগতি

তামিলনাডুত ডি এম কে আৰু মিত্ৰশক্তিয়ে লোকসভাৰ মুঠ আসনৰ অধিক সংখ্যক আসন লাভ কৰাৰ সম্ভাৱনা আছে ৷ তামিলনাডুত প্ৰাৰম্ভিক ধাৰা অনুসৰি ৰাজ্যখনৰ ৩৯ টা লোকসভা সমষ্টিত শাসকীয় আঞ্চলিক দল আৰু ইয়াৰ মিত্ৰ দলসমূহে সিংহভাগতে অগ্ৰগতি লাভ কৰিছে । মূল বিৰোধী দল এআইএডিএমকে আৰু বিজেপিয়ে অধিকাংশ আসনত দ্বিতীয় স্থান দখল কৰাৰ বাবে যুঁজ কৰা দেখা গৈছে ।

ডি এম কেৰ প্ৰাৰ্থী কানিমোজি (থুথুকুডী), টি আৰ বালু (শ্ৰীপেৰুম্বুদুৰ), দয়ানিধি মাৰণ (মধ্য চেন্নাই), আৰু তামিঝাচি থাংগাপাণ্ডিয়ান (দক্ষিণ চেন্নাই) নিজৰ নিজৰ সমষ্টিত আগবাঢ়ি থকাসকলৰ ভিতৰত অন্যতম, প্ৰায় সকলো সমষ্টিতে তেওঁলোকৰ দলে আগবাঢ়ি আছে ।

কংগ্ৰেছ দলৰ কাৰ্তি চিদাম্বৰম (শিৱগংগা) আৰু মাৰ্ক্সবাদী দলৰ প্ৰাৰ্থী ছু ভেংকটেছন (মাদুৰাই)কে ধৰি ডি এম কেৰ মিত্ৰ দলসমূহেও নিজৰ সমষ্টিত আগবাঢ়ি আছে ।

দ্বিতীয় স্থানত আছে বিজেপিৰ নৈনাৰ নাগেন্দ্ৰন (তিৰুনেলভেলী), পিএমকেৰ তাৰকা প্ৰাৰ্থী সৌম্য আনবুমণি (ধৰ্মপুৰী), আৰু এআইএডিএমকেৰ আত্ৰাল অশোক কুমাৰ (ইৰোড) ।

9:50 AM, 4 Jun 2024 (IST)

290 খন আসনত অগ্ৰগতি এন ডি এৰ; 188 খন আসনত ইণ্ডি মিত্ৰজোঁটৰ অগ্ৰগতি

মেজিক সংখ্যা স্পৰ্শৰে অগ্ৰগতি এন ডি এৰ ৷ ইণ্ডি মিত্ৰজোঁটে 188 খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে এন ডি এই অগ্ৰগতি লাভ কৰিছে 290 খন আসনত ৷

এন ডি এৰ অগ্ৰগতিৰ পৰিসংখ্যা-

  • বিজেপি- 242
  • টিডিপি- 14
  • জেডিউ- 11
  • এছ এছ- 8
  • জে ডি এছ- 3

ইণ্ডি মিত্ৰজোঁটৰ অগ্ৰগতিৰ পৰিসংখ্যা-

  • কংগ্ৰেছ- 99
  • সমাজবাদী পাৰ্টী- 32
  • ডি এম কে- 21
  • এছ এছ(ইউবিটি)- 8
  • এন চি পি (এছপি)- 6

9:26 AM, 4 Jun 2024 (IST)

নিজ নিজ সমষ্টিত আগবাঢ়ি আছে নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধী

নিউজ চেনেলসমূহে প্ৰকাশ কৰা অনুসৰি উত্তৰ প্ৰদেশৰ বাৰাণসী, লক্ষ্ণৌ, ৰায়ে বাৰেলী আৰু কন্নৌজ লোকসভাৰ আসনৰ পৰা ক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে নেতৃত্ব দিছিল ।

74 খন আসনৰ ভোটগণনাৰ ধাৰা অনুসৰি ৰাজ্যখনৰ 80 খন আসনৰ ভিতৰত 51 খন আসনত বিজেপি আগবাঢ়ি থকাৰ বিপৰীতে 23 খন আসনত আগবাঢ়ি আছিল ইণ্ডিয়া ব্লক । পোষ্টেল বেলট গণনাৰ পিচত পুৱা 8.40 বজাত দেখা পোৱা ধাৰা অনুসৰি বাৰাণসীত নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ অজয় ​​ৰায়তকৈ নৰেন্দ্ৰ মোদী আগবাঢ়ি থকাৰ বিপৰীতে ৰায়ে বৰেলীত বিজেপিৰ দীনেশ প্ৰতাপ সিঙতকৈ ৰাহুল গান্ধী আগুৱাই আছে ৷ কন্নৌজত বিজেপিৰ সুব্ৰত পাঠকৰ আগবাঢ়ি আছে ৷

9:19 AM, 4 Jun 2024 (IST)

ইণ্ডি মিত্ৰজোঁটতকৈ দুগুণ অধিক আসনত আগুৱাই আছে এন ডি এ

542 টা লোকসভা সমষ্টিত ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে প্ৰথম ৰাউণ্ড আৰু পোষ্টেল বেলটৰ হিচাপ ওলাবলৈ আৰম্ভ কৰিছে । গেৰুৱা দলটোৱে বিৰোধী মিত্ৰজোঁটতকৈ ব্যাপক অগ্ৰগতি লাভ কৰিছে । কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে 100 খনতকৈ অধিক আসনত আগবাঢ়ি থকাৰ বিপৰীতে বিজেপিয়ে 200 ৰ সীমা অতিক্ৰম কৰাৰ ইংগিত দিছে । ইটিভি ভাৰতৰ ৰিজাল্ট আপডেটছ ​​টীম(আৰ ইউ টি)ৰ মতে এন ডি এ 225 খন আসনত আৰু ইণ্ডিয়া ব্লক 125 খন আসনত আগবাঢ়ি আছে ।

9:01 AM, 4 Jun 2024 (IST)

কেৰালাত ইউডিএফ আৰু এলডিএফৰ মাজত তীব্ৰ যুঁজ

কেৰালাৰ অধিকাংশ লোকসভাৰ আসনত পোষ্টেল বেলট গণনাৰ পোৱা তথ্য মতে কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ আৰু চিপিআই(এম) নেতৃত্বাধীন এলডিএফৰ মাজত তীব্ৰ যুঁজ হৈছে ৷ সমগ্ৰ কেৰালাৰ 20 টা ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত পোষ্টেল বেলট গণনা আৰম্ভ হয় । প্ৰাৰম্ভিক ধাৰা অনুসৰি শাসকীয় চিপিআই(এম) নেতৃত্বাধীন এলডিএফৰ প্ৰাৰ্থীসকলে 7 টা সমষ্টিত আগবাঢ়ি আছে, আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফৰ মনোনীত প্ৰাৰ্থীসকলে 9 টা সমষ্টিত আগবাঢ়ি আছে ।

8:48 AM, 4 Jun 2024 (IST)

2572 জন প্ৰাৰ্থী কোটিপতি; 1643 জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

এডিআৰে প্ৰকাশ কৰা অনুসৰি এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা 2572 জন প্ৰাৰ্থী কোটিপতি হোৱাৰ বিপৰীতে 1643 জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে । এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেশ্যনেল ইলেকচন ৱাচৰ এক বিশ্লেষণে প্ৰাৰ্থীসকলৰ তথ্য সমূহ প্ৰকাশ কৰিছে ।

প্ৰতিদ্বন্দ্বিতা কৰা 8,360 জন প্ৰাৰ্থীৰ ভিতৰত 8,337 জনক বিশ্লেষণ কৰা হৈছে, যিয়ে তেওঁলোকৰ পটভূমিৰ উল্লেখযোগ্য তথ্য উন্মোচন কৰিছে, য’ত অপৰাধজনিত গোচৰ, আৰ্থিক স্থিতি, শিক্ষা, আৰু লিংগ আদি অন্তৰ্ভুক্ত ।

বিশ্লেষণত প্ৰকাশ পাইছে যে 20 শতাংশ প্ৰাৰ্থীয়ে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ থকা বুলি শপতনামা দাখিল কৰিছে, যিটো 2019 চনত 19 শতাংশ, 2014 চনত 17 শতাংশ আৰু 2009 চনত 15 শতাংশৰ তুলনাত বৃদ্ধি পাইছে ।

8:32 AM, 4 Jun 2024 (IST)

ৰায়ে বাৰেলীৰ পৰা তিৰুৱনন্তপুৰমলৈকে মূল নিৰ্বাচনী যুঁজ

আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ ওপৰত ৷ নিৰ্বাচনী যুঁজত নামিছে প্ৰবীণ নেতাৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ পথাৰৰ নতুন যুঁজাৰুলৈকে বিভিন্নজন ৷ দেশৰ কেইটামান উল্লেখনীয় সমষ্টি আৰু কেইগৰাকীমান গুৰুত্বপূৰ্ণ প্ৰাৰ্থী হ’ল-

  • বাৰাণসীত নৰেন্দ্ৰ মোদী বনাম অজয় ​​ৰায়
  • ৰায়ে বৰেলীত ৰাহুল গান্ধী বনাম দীনেশ প্ৰতাপ সিং
  • ৱায়ানাডত ৰাহুল গান্ধী বনাম এনি ৰাজা
  • আমেথিত স্মৃতি ইৰাণী বনাম কিশোৰী লাল শৰ্মা
  • তিৰুৱনন্তপুৰমত শশী থাৰুৰ বনাম ৰাজীৱ চন্দ্ৰশেখৰ
  • বাহাৰমপুৰত অধীৰ ৰঞ্জন চৌধুৰী বনাম ইউছুফ পাথান
  • নতুন দিল্লীত বংসুৰী স্বৰাজ বনাম সোমনাথ ভাৰতী
  • ৰাজনান্দগাঁৱত ভূপেশ বাঘেল বনাম সন্তোষ পাণ্ডে
  • চুৰুত ৰাহুল কাছৱান বনাম দেৱেন্দ্ৰ ঝাঝৰীয়া
  • ছিণ্ডৱাৰাত নকুল নাথ বনাম বিজয় কুমাৰ সাহু
  • শিৱমোগ্গাত বি ৱাই ৰাঘবেন্দ্ৰ বনাম কে এছ ঈশ্বৰাপ্পা

8:29 AM, 4 Jun 2024 (IST)

76 টা সমষ্টিত অগ্ৰগতি এন ডি এৰ

এই মুহূৰ্তলৈকে দেশৰ 543 টা সমষ্টিৰ ভিতৰত 76 টা সমষ্টিত এন ডি এই অগ্ৰগতি লাভ কৰিছে ৷ বিজেপিয়ে 70 টা সমষ্টিত, অগপ 1 টা, জেডিএছ 2 টা, জেডিইউ 2 টা আৰু এনচিপিয়ে 1 টাকৈ সমষ্টিত আগবাঢ়ি আছে ৷

ইফালে কংগ্ৰেছে 20 টা, সমাজবাদী পাৰ্টী 7 টা, এছ এছ(ইউবিটি) 4 টা, ডিএমকে 3 টা আৰু চিপিআই 2 টা সমষ্টিত আগুৱাই আছে ৷

এআইটিচি 8 টা, চিপিআইএম 5 টা, বিজেডি 3 টা, নিৰ্দলীয় 2 টা আৰু কেচি 1 টা সমষ্টিত আগুৱাই আছে ৷

8:11 AM, 4 Jun 2024 (IST)

প্ৰথমে আৰম্ভ পোষ্টেল বেলটৰ গণনা

নিৰ্বাচন পৰিচালনাৰ নিয়ম অনুসৰি সকলো ভোটগণনা কেন্দ্ৰতে প্ৰথমে পোষ্টেল বেলটৰ গণনা কৰা হ’ব । ভোটগণনাৰ এদিন পূৰ্বে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলৰ যোগেদি কয় যে পোষ্টেল বেলট গণনা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পিচত ইভিএমত বন্দী হোৱা ভোট গণনা আৰম্ভ হ’ব ।

‘‘নিয়মাৱলীত স্পষ্টকৈ উল্লেখ আছে (নিয়ম 54 A) যে পোষ্টেল বেলটৰ গণনা প্ৰথমে আৰম্ভ হ'ব । দেশৰ সকলো ভোটগণনা কেন্দ্ৰতে প্ৰথমে পোষ্টেল বেলটৰ গণনা কৰা হ'ব, তাত কোনো সন্দেহ নাই । আধা ঘণ্টাৰ পিচত আমি ইভিএম গণনা আৰম্ভ কৰোঁ । গতিকে, তিনিটা গণনা হয় । 2019 চনৰ নিৰ্বাচনতো এনেদৰেই হৈছিল, তাৰ পিচত অনুষ্ঠিত হোৱা সকলো বিধানসভা নিৰ্বাচনত আনকি দেওবাৰে অনুষ্ঠিত অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভাৰ ভোটগণনাটো একেই পন্থা অৱলম্বন কৰা হৈছিল ৷ এই নিয়ম আমি সলনি কৰিব নোৱাৰো, কাৰণ এই নিয়ম মানি অহা হৈছে ।’’ ৰাজীৱ কুমাৰে কয় ৷

তেওঁ কয় যে পোষ্টেল বেলট গণনা আৰু তাৰ পিচত ইভিএম গণনা আৰু শেষত ইভিএমৰ ফলাফলৰ সৈতে ভিভিপেট স্লিপৰ মাৰ্চিং অব্যাহত থাকিব । গৰিষ্ঠসংখ্যক বুথতে পোষ্টেল বেলটৰ সংখ্যা কম । প্ৰথমে ই স্বয়ংক্ৰিয়ভাৱে শেষ হ’ব বুলিও তেওঁ আঙুলিয়াই দিয়ে । 2019 চনৰ পৰা প্ৰতিটো বিধানসভা সমষ্টিৰ পাঁচটা যাদৃচ্ছিকভাৱে নিৰ্বাচিত ভোটকেন্দ্ৰৰ পৰা ভিভিপেট (পেপাৰ-ট্ৰেইল মেচিন) স্লিপসমূহ অধিক স্বচ্ছতাৰ বাবে ইভিএম গণনাৰ সৈতে মিলাই চোৱা হয় ।

8:10 AM, 4 Jun 2024 (IST)

চুৰাটত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ মুকেশ দলালৰ

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী মুকেশ দলালে গুজৰাটৰ চুৰাট লোকসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে ৷ কংগ্ৰেছৰ প্ৰাৰ্থী নীলেশ কুম্ভনীৰ মনোনয়ন নাকচ হোৱাৰ লগতে আন ৮ জন প্ৰাৰ্থীও নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি যায় । কুম্ভনী আৰু তেওঁৰ বিকল্প প্ৰাৰ্থীৰ মনোনয়ন পত্ৰত তেওঁলোকৰ প্ৰস্তাৱকসকলৰ স্বাক্ষৰত অমিলৰ অভিযোগ উত্থাপন হোৱাৰ বাবে নাকচ কৰা হয় । সোমবাৰে গুজৰাট উচ্চ ন্যায়ালয়ত কুম্ভনীৰ মনোনয়ন নাকচ কৰাৰ সিদ্ধান্তৰ বৈধতাক প্ৰত্যাহ্বান জনাই এখন আবেদন দাখিল কৰা হয় । চুৰাট সংসদীয় সমষ্টিৰ তিনিজন ভোটাৰে দাখিল কৰা এই আবেদনে মনোনয়ন প্ৰ-পত্ৰৰ তদন্ত সম্পৰ্কীয় জনপ্ৰতিনিধিত্ব আইনৰ ৩৬ নং ধাৰাত ৰিটাৰ্ণিং বিষয়াৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

Last Updated : Jun 4, 2024, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.