ETV Bharat / politics

শাসকীয় দলৰ বাবে জটিল নহ’ব লখিমপুৰ সমষ্টিৰ যুঁজ : মানৱ ডেকা - Lakhimpur Lok Sabha Scenario

Lakhimpur Lok Sabha Constituency : দুটা বিধানসভা সমষ্টি বাদ পৰাৰ বিপৰীতে দুটা সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হোৱা লখিমপুৰ লোকসভা সমষ্টিৰ যুঁজ শাসকীয় দলৰ বাবে জটিল নহয় বুলি কলে বিধায়ক মানৱ ডেকাই ৷ ন-পুৰণি 9 টা সমষ্টিৰ মুঠ 15 লাখ 69 হেজাৰ 531 জন ভোটাৰে লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব ৷

Lakhimpur Lok Sabha Constituency
লখিমপুৰ লোকসভা সমষ্টিৰ ৰূপৰেখা
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 8:03 PM IST

বিধায়ক মানৱ ডেকাৰ প্ৰতিক্ৰিয়া

লখিমপুৰ, 4 মাৰ্চ : মুঠ 9 টা বিধানসভা সমষ্টিৰে গঠিত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা শেহতীয়া বিন্যাসত দুটা সমষ্টি বাদ পৰাৰ বিপৰীতে আন দুটা নতুন সমষ্টি অন্তর্ভূক্ত হয় ৷ এনেদৰে সমষ্টিটোত বিন্যাস ঘটিলেও সমাগত নিৰ্বাচনত শাসকীয় দলৰ বাবে কোনো সমস্যা নহয় বুলি মন্তব্য কৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷ তেওঁ কয় যে, সমষ্টি পুনৰ বিন্যাসত লখিমপুৰ লোকসভা সমষ্টি শক্তিশালীহে হ’ল ৷ সেইবাবে এই সমষ্টিটো শাসকীয় দলটোৰ বাবে অনুকূল হৈ উঠাৰ সম্ভাৱনা আছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মুঠ 9 টা বিধানসভা সমষ্টিৰে গঠিত হৈছে 14 নং লখিমপুৰ লোকসভা সমষ্টি ৷ লখিমপুৰ, ধেমাজিৰ পৰা তিনিচুকীয়া জিলাক সামৰি 9 টা বিধানসভা সমষ্টিৰে গঠিত হৈছে এই সমষ্টি ৷ বিগত 2019 ৰ লোকসভা নিৰ্বাচন পৰ্যন্ত লখিমপুৰ লোকসভা সমষ্টিৰ অন্তর্ভুক্ত হৈ আছিল মাজুলী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা, ধেমাজি, জোনাই, চাবুৱা, ডুমডুমা আৰু শদিয়া বিধানসভা সমষ্টি ৷ পিছে শেহতীয়াকৈ কাৰ্যকৰী কৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত লখিমপুৰ লোকসভা সমষ্টিলৈ কিছু পৰিৱৰ্তন আহে ৷ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বাদ দিয়া হয় চাবুৱা আৰু মাজুলী বিধানসভা সমষ্টি ৷ বিপৰীতে নতুনকৈ বিন্যাস ঘটোৱা দুটা বিধানসভা সমষ্টি লখিমপুৰ লোকসভা সমষ্টিত সংযোজন কৰা হয় ৷ যাৰ বাবে লোকসভা সমষ্টিৰ পৰা দুটা সমষ্টি বাদ দিলেও পুনৰ দুটা সমষ্টি সংযোজন কৰাত মুঠ বিধান সভা সমষ্টিৰ সংখ্যা একেই থাকিল ৷

দুটা সমষ্টি বাদ দি দুটা সমষ্টি নতুনকৈ অন্তর্ভুক্ত কৰাৰ ফলত ভোটাৰৰ সংখ্যা হ্ৰাস বৃদ্ধিৰ দিশটো লক্ষ্য কৰিলে দেখা যায় যে এই পৰিৱৰ্তনৰ ফলত সমষ্টিটো শক্তিশালীহে হ’ল ৷ কিয়নো পূৰ্বৰ তথ্য মতে মাজুলী সমষ্টিত আছিল 1 লাখ 33 হাজাৰ 227 জন ভোটাৰ ৷ তেনেদৰে চাবুৱা সমষ্টিত আছিল 1 লাখ 65 হেজাৰ 742 জন ভোটাৰ ৷ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা বাদ দিয়া এই দুটা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল 2 লাখ 98 হাজাৰ 969 জন ৷ আনহাতে নকৈ সংযোজন কৰা ৰঙানদী সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল 1 লাখ 69 হেজাৰ 855 জন ৷ চিচিবৰগাঁও সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল 1 লাখ 75 হেজাৰ 202 জন ৷ নতুন সমষ্টি দুটাৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল 3 লাখ 45 হাজাৰ 57 জন ৷ অৰ্থাৎ 46 হেজাৰ 48 জন ভোটাৰ নতুনকৈ অন্তর্ভুক্ত হ’ল লখিমপুৰ লোকসভা সমষ্টিত ৷

ইফালে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 74 নং ৰঙানদী বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল 1 লাখ 69 হাজাৰ 855 জন ৷ লগতে 75 নং নাওবৈচা সমষ্টিত 1 লাখ 68 হাজাৰ 512 জন, 76 নং লখিমপুৰ সমষ্টিত 1 লাখ 66 হাজাৰ 509 জন ভোটাৰ আছে ৷ 77 নং ঢকুৱাখনা সমষ্টিত 1 লাখ 60 হাজাৰ 896 জন ভোটাৰ থকাৰ বিপৰীতে 78 নং ধেমাজি সমষ্টিত 1 লাখ 71 হাজাৰ 602 জন ভোটাৰ আছে ৷ আনহাতে 79 নং চিচিবৰগাঁও সমষ্টিত 1 লাখ 75 হেজাৰ 202 জন, 80 নং জোনাই সমষ্টিত 2 লাখ 14 হাজাৰ 95 জন, 81 নং শদিয়া সমষ্টিত 2 লাখ 14 হাজাৰ 65 জন আৰু 82 নং ডুমডুমা সমষ্টিত আছে 1 লাখ 43 হাজাৰ 296 জন ভোটাৰ ৷

এইবাৰ ন-পুৰণি এই 9 টা সমষ্টিৰ মুঠ 15 লাখ 69 হেজাৰ 531 জন ভোটাৰে নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব ৷ উল্লেখ্য যে, সমষ্টিটোত এইবাৰ পলিং ষ্টেচনৰ সংখ্যা হ’ল 1,775 টা ৷ ভোটাৰৰ সংখ্যাৰে পূৰ্বতকৈয়ো শক্তিশালী হোৱা লখিমপুৰ লোকসভা সমষ্টিত নতুনকৈ অন্তর্ভূক্ত হোৱা দুটা সমষ্টিত শাসকীয় দলে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাবনা আছে ৷ এইক্ষেত্ৰত লখিমপুৰৰ বিধায়ক মানৱ ডেকাই শাসকীয় দলৰ বাবে কোনো সমস্যা নহয় বুলি উল্লেখ কৰে ৷ বৰ্তমানৰ চৰকাৰখনৰ দিনতে এইদৰে সমষ্টিৰ পুনৰ বিন্যাস কৰা হয় আৰু তাৰ কৃতিত্বৰে শাসকীয় দলে সুযোগ গ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : সহায় বিচাৰি কংগ্রেছৰ বিপৰীতে বিজেপিলৈ ফোন বিৰোধী ঐক্যৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.