ETV Bharat / politics

কি হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল ? বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ - Lok Sabha Election 2024 results

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:41 PM IST

Updated : May 31, 2024, 9:50 PM IST

Interview with MP Pabitra Margherita: লোকসভা নিৰ্বাচনৰ ফলাফল অসমত কেনেকুৱা হ’ব ? আশা কৰা মতেই বিজেপিয়ে লাভ কৰিবনে আসন ? মিঞাৰ ভোটৰ ক্ষেত্ৰত বিজেপিৰ সমীকৰণ কি ? বিৰোধীৰ কি হ’ব এইবাৰৰ নিৰ্বাচনত ? এনে বহু বিষয় সামৰি বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ এক বিশেষ সাক্ষাৎকাৰ...

Lok Sabha Election 2024 results
Interview with MP Pabitra Margherita (ETV Bharat Assam)

গুৱাহাটী, 31 মে’: ‘‘ড৹ হীৰেন গোহাঁই এজন প্ৰাতঃস্মৰণীয় বিদগ্ধ পণ্ডিত, কিন্তু ৰাজনৈতিকভাৱে অসমৰ এটা ৱাৰ্ডৰো অভিভাৱক নহয় ৷’’ দেশৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ প্ৰাকক্ষণত পুনৰ এবাৰ এই বিতৰ্কিত মন্তব্য অসম বিজেপিৰ নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ । কেৱল হীৰেন গোহাঁইয়ে নে ? অখিল গগৈক প্ৰশংসা কৰি মৃদু সমালোচনা, লুৰীণজ্যোতি গগৈক কঠোৰ সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷ ই টিভি ভাৰতৰে এক বিশেষ সাক্ষাৎকাৰত হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, ভূপেন বৰা, বদৰুদ্দিন আজমল আদিৰ প্ৰসংগত বিশেষ মন্তব্য বিজেপিৰ জ্যেষ্ঠ নেতা পবিত্ৰ মাৰ্ঘেৰিটাৰ ।

বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ (ETV Bharat Assaam)

সমগ্ৰ দেশবাসীৰ লগতে অসমবাসীয়ে এতিয়া অপেক্ষা কৰিছে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিন 4 জুনলৈ ৷ অপেক্ষা ৰাজনৈতিক দল সমূহৰো । অসমৰ 14 খন আসনৰ কোনে কেইখন আসন লাভ কৰিব ? এই লৈ তুংগত উঠিছে উৎকণ্ঠা । বিজেপি ৰাজ্যিক কাৰ্যালয়তো এতিয়া অধীৰ অপেক্ষা 4 জুনলৈ ৷

লগতে পঢ়ক: অপেক্ষা ৪ জুনলৈ: অসমৰ ৫২ টা কেন্দ্ৰৰ ১৫২ টা হলৰ ১৯৪১ খন টেবুলত খোল খাব ই ভি এম - Lok Sabha Election 2024 results

কিন্তু বিজেপিয়ে কি দৰে নিৰ্বাচন খেলিলে অসমত ? কি আছিল বিজেপিৰ নিৰ্বাচনৰ ৰণনীতি ? অসমত কিমানখন আসন লাভ কৰিব বিজেপিয়ে ? বিৰোধীয়ে কিমানখন আসনত অসমত মাৰিব শেষ হাঁহি ? এনেবোৰ প্ৰশ্নৰ উত্তৰ দিলে অসম বিজেপিৰ নিৰ্বাচনী পৰিচালনা কমিটীৰ মুখ্য ব্যৱস্থাপক, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ।

নিৰ্বাচনৰ ফলাফল কি হ’ব ?

সাংসদ মাৰ্ঘেৰিটাই কয় যে এইবাৰ লোকসভা নিৰ্বাচনত অসমত বিজেপি মিত্ৰজোঁটে নিশ্চিতভাৱে 12 খন আসন লাভ কৰিব ৷ কোন দুখন আসন লাভ নকৰে বুলি সোধাত তেওঁ কয় যে আটাইকেইটা সমষ্টিতে বিগত সময়ছোৱাত বিজেপিৰ কৰ্মকৰ্তাসকলে কঠোৰ পৰিশ্ৰম কৰিছে ৷ গতিকে আসন লাভ নকৰাৰ কথা ক’লে তেওঁলোকৰ মনোবল ভাঙি দিয়া হ’ব বুলি মাৰ্ঘেৰিটাই কয় ৷ ইফালে যোৰহাট, ডিব্ৰুগড় আৰু গুৱাহাটী লোকসভা সমষ্টিত বিশেষ চিন্তা কৰিবলগীয়াকৈ প্ৰতিদ্বন্দিতা হোৱাই নাই বুলি তেওঁ মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত বিজয় নিশ্চিত : হাস্যবদনেৰে সোণোৱালে ক’লে- 400 পাৰ হ’বই - Lok Sabha election 2024

সংখ্যালঘু অধ্যষিত এলেকাৰ পৰা কি আশা কৰে বিজেপিয়ে ?

সাংসদগৰাকীয়ে কয় যে, চৰাঞ্চলৰ একাংশ মিঞা ভোটাৰে বিজেপিক কেতিয়াও ভোট নিদিয়ে ৷ গতিকে তাত গেৰুৱা দলটো জয়ী হ’ব বুলি কোৱাটো বাতুলামী হ’ব ৷ ধুবুৰী সমষ্টি সন্দৰ্ভত তেওঁ কয় যে সমষ্টিটোৰ সৰহ সংখ্যকেই মিঞা ভোটাৰ ৷ গতিকে তাত বিজেপি দলে আশানুৰূপ ফল লাভ নকৰিবও পাৰে ৷ মিঞাৰ ভোট নাপালেও অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ প্ৰায় সংখ্যকেই বিজেপিৰ সপক্ষে আছে বুলিও তেওঁ দোহাৰে ৷

লগতে পঢ়ক: এগজিট প’ল : অপেক্ষা এতিয়া 1 জুনৰ সন্ধিয়ালৈ - LOK SABHA ELECTION 2024

সংখ্যালঘুৰ ভোট বিচাৰি কিয় তৎপৰ হ’ল বিজেপি ?

সদায়েই মিঞা মুছলমানৰ ভোট নালাগে বুলি কোৱা বিজেপিয়ে এইবাৰ কিয় সংখ্যালঘুৰ কাষ চাপিল বুলি সোধাত পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “ভাৰতীয় সনাতন সংস্কৃতিৰ পৰিপন্থী যিবোৰ কথা আমি মানি ল’ব নোৱাৰোঁ, সেইবোৰ কথা উজনিৰ সমষ্টিত যিদৰে মুখ্যমন্ত্ৰীয়ে কৈছিল, আমি কৈছিলো; সেইদৰে নামনিৰ সংখ্যালঘু প্ৰধান অঞ্চলতো একেখিনি কথাই কোৱা হৈছিল । ল’ৰা-ছোৱালীক কেৱল ধৰ্মীয় শিক্ষা দি আমি তেওঁলোকৰ ভৱিষ্যৎ আমি ধ্বংস কৰিব নোৱাৰো । তেওঁলোকৰ ল’ৰা-ছোৱালীও শিক্ষক হওক, ডাক্তৰ হওক ৷ এই কথাবিলাক উজনিত যিদৰে কোৱা হৈছিল একেখিনি কথায়েই নামনিৰ ধুবুৰী সমষ্টিতো মুখ্যমন্ত্ৰীয়ে কৈছিল ৷ আমাৰ ভাষ্য সলনি হোৱা নাছিল ।’’

লগতে পঢ়ক: অখিল গগৈৰ সৈতে ই টিভি ভাৰত অসমৰ বিশেষ সাক্ষাৎকাৰ - Interview with Akhil Gogoi

মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টাগৰাকীয়ে লগতে কয়, “এনেকুৱা কথা বিৰোধীয়ে আশা কৰাটো ভুল যে মিঞা অধ্যুষিত বা সংখ্যালঘু অধ্যুষিত এলেকাত কেৱল তেওঁলোকে বা AIUDF দলে ভাষণ দিব, অখিল গগৈয়েহে ভাষণ দিব আৰু গণতান্ত্ৰিক চৰকাৰৰ এজন মুখ্যমন্ত্ৰী তালৈ নাযাবই ! অৰ্থাৎ সংখ্যালঘু এলেকাত কেৱল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰহে অধিকাৰ আছে এনে নহয় ।"

পবিত্ৰ মাৰ্ঘেৰিটাৰ দৃষ্টিত এইসকল ব্যক্তি-

  1. হিমন্ত বিশ্ব শৰ্মা- অসমক দেশৰ এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে সমৰ্পিত চিন্তা-চেতনাৰে আগবঢ়া এগৰাকী অসম গৌৰৱ ৷
  2. ভূপেন কুমাৰ বৰা- এগৰাকী ভদ্ৰ লোক, তেওঁ এটা ভুল ৰাজনৈতিক দলত আছে ৷ কেতিয়াবা নিজৰ আসনৰ বাবে মিঞা কবিতা লিখিব লগা হয় ৷ কেতিয়া বিজেপিলৈ আহে তালৈ ৰৈ আছোঁ ৷
  3. অতুল বৰা- এগৰাকী সংগ্ৰামী ব্যক্তি, এগৰাকী সফল মন্ত্ৰী, খোলা মনৰ জাতীয়তাবাদী নেতা, যি ৰাষ্ট্ৰীয়তাবাদকো সন্মান জনায় ৷
  4. বদৰুদ্দিন আজমল- সফল ব্যৱসায়ী, সাম্প্ৰদায়িক ৰাজনীতিক, ছাদুল্লা, ভাচানী আৰু গোলাম ওচমানিৰ যোগ্য উত্তৰসূৰী ৷
  5. অখিল গগৈ- বাওঁপন্থাত বিশ্বাসী, নৈৰাজ্যবাদেৰে পৰিৱেশ উত্তাল কৰি তোলে, নিজৰ স্থিতি-উপস্থিতি দেখুৱাবলৈ অসমখন জ্বলাই দিবলৈও কুণ্ঠাবোধ নকৰে ৷ সৰল অভিনয় কৰা নেতা ৷
  6. লুৰীণজ্যোতি গগৈ- মেধাবী ছাত্ৰ, জুনিয়ৰ অখিল গগৈৰ দৰে নৈৰাজ্যবাদী হৈ পৰিছে ৷ বাওঁপন্থাৰ পাকচক্ৰত সোমাই পৰিছে ৷
  7. সৰ্বানন্দ সোণোৱাল- সফল মুখ্যমন্ত্ৰী, অতি স্থিতপ্ৰজ্ঞ লোক ৷
  8. ড৹ হীৰেন গোহাঁই- এগৰাকী প্ৰাতঃস্মৰণীয় শিক্ষক, সাহিত্যিক, কাব্য সমালোচক ৷ কিন্তু ৰাজনৈতিকভাৱে তেওঁ কেতিয়াও জাতিটো নালাগে এটা ৱাৰ্ডৰো নেতৃত্ব দিব নোৱাৰে ৷ অসমৰ ৰাজনীতিৰ বাবে তেওঁ কৰা সকলোবোৰ কামেই নেতিবাচক ৷

লগতে পঢ়ক: 8 জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ? - Lok Sabha Election 2024

Last Updated : May 31, 2024, 9:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.