ETV Bharat / politics

জিকা-হৰা থাকিবই: পাঁচটা বিধানসভা সমষ্টিৰ কাউণ্টিং এজেণ্টৰ কাষলৈ যাব মীৰা বৰঠাকুৰ - Lok Sabha Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:07 AM IST

LOK SABHA ELECTION RESULTS 2024: খোল খালে ই ভি এম : ভাগ্য নিৰ্ণয় হ'ব গুৱাহাটী সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ৷ কৰ্মীক উৎসাহ যোগাবলৈ পাঁচটা সমষ্টিৰ কাউণ্টিং এজেণ্টৰ কাষত মীৰা বৰঠাকুৰ ৷

FATE OF EIGHT CANDIDATES FROM GUWAHATI LOK SABHA CONSTITUENCY WILL BE DECIDED TODAY
মীৰা বৰঠাকুৰ (etv bharat assam)

গুৱাহাটী, ৪ জুন : অৱশেষত খোল খালে ই ভি এম । লগে লগে আৰম্ভ হ'ল ফলাফলকলৈ উৎকণ্ঠা । আজি নিৰ্ণয় হ'ব গুৱাহাটী লোকসভা সমষ্টিৰ আঠগৰাকী প্ৰাৰ্থীৰ ভাগ্য । কোন যাব দিল্লীলৈ ? আজি বিয়লিলৈ সেয়া নিৰ্ণয় হ'ব । প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে তিনিটা স্থানত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে । কামৰূপ মহানগৰ জিলাত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ উপৰিও কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় আৰু গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে । পুৱা ৮ বজাৰৰ লগে লগে আৰম্ভ হৈছে ভোটগণনা । উল্লেখ্য যে, গুৱাহাটী লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ত অৰ্থাৎ ৭ মে’ত নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

মীৰা বৰঠাকুৰ (etv bharat assam)

ভোট গণনাৰ দিনটোতে পুৱাই মহানগৰীত দেখা গ’ল লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰক ৷ কাউণ্টিং এজেণ্টে যাতে পৰিপাটিকৈ কামবোৰ আগবঢ়াই নিয়ে তাৰ আশা ব্যক্ত কৰে তেওঁ ৷ লগতে উল্লেখ কৰে যে পাঁচটা সমষ্টিৰ কাউণ্টিং এজেণ্টৰ কাষলৈ যাব তেওঁ ৷ মনত উৎসাহ যোগাবলৈ তেওঁলোকৰ ওচৰলৈ যাব মীৰা বৰঠাকুৰ ৷ আত্মবিশ্বাস নাথাকিলে যুদ্ধলৈ যাবই নোৱাৰিব বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে ৷ তেওঁ কয় যে যুদ্ধলৈ যাওতে আপুনি আত্মবিশ্বাসৰ সৈতে জয়ী হ’ম বুলিয়ে যাব লাগিব ৷ যুদ্ধ যেতিয়া কৰিব দুটা ফল হ’ব, হয় জয় নহয় পৰাজয়, এই মানসিকতাৰে তেওঁ ফলাফললৈ সাজু হৈ থকাৰ ইংগিত দিয়ে ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক- https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

কামৰূপ মহানগৰ জিলাৰ ভোটগণনা ব্যৱস্থা : কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ প্ৰতিটোৰে ১৪ খনকৈ মুঠ ৭০ খন টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে । মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ মুঠ ১০২৬ টা ই ভি এমৰ ভোটগণনা হ'ব । জিলাখনৰ অন্তৰ্গত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল আৰু জালুকবাৰী বিধানসভা সমষ্টি প্ৰতিটোৰ বাবে ১৪ খনকৈ মুঠ ৭০ খন টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি পোষ্টেল বেলট গণনাৰ বাবে আন ১০ খন টেবুলৰ ব্যৱস্থা কৰা হৈছে । দিছপুৰ বিধানসভা সমষ্টিত ১৬ ৰাউণ্ড, ডিমৰীয়াত ১৭ ৰাউণ্ড, নিউ গুৱাহাটীত ১৪ ৰাউণ্ড, গুৱাহাটী চেণ্ট্ৰেলত ১৪ ৰাউণ্ড আৰু জালুকবাৰীত ১৫ ৰাউণ্ড গণনাৰে সম্পন্ন কৰা হ'ব কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ভোটগণনা ।

ভাগ্য নিৰ্ণয় হ'বলগীয়া গুৱাহাটী সমষ্টিৰ ৮ গৰাকী প্ৰাৰ্থী :

  1. বিজেপিৰ বিজুলী কলিতা মেধি
  2. কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী
  3. ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী
  4. বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী
  5. একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা
  6. ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল দলৰ দীপক কুমাৰ বড়ো
  7. নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ
  8. নিৰ্দলীয় প্ৰাৰ্থী কৰ্ণেল গোকুল চন্দ্ৰ সিংহ

এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত ভোটদানৰ হাৰ আছিল ৭৮.৩৯ শতাংশ । গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দহটা বিধানসভা সমষ্টিৰ ভোটদানৰ হাৰ আছিল এনেধৰণৰ :

  • পশ্চিম গোৱালপাৰা - ৮৭.০৪ শতাংশ
  • দুধনৈ - ৮৫.৯৯ শতাংশ
  • চমৰিয়া - ৮৯.৮৯ শতাংশ
  • বকো-ছয়গাঁও - ৮০.৭০ শতাংশ
  • পলাশবাৰী - ৮০.০৯ শতাংশ
  • দিছপুৰ - ৬৯.৭৯ শতাংশ
  • ডিমৰীয়া - ৭৬.৯৪ শতাংশ
  • নিউ গুৱাহাটী - ৬৭.৯৩ শতাংশ
  • গুৱাহাটী চেণ্ট্ৰেল - ৭১.২৪ শতাংশ
  • জালুকবাৰী - ৭৬.৫০ শতাংশ

দহটা বিধানসভা সমষ্টিৰে গঠিত গুৱাহাটী লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২০,৩৬,৮৪৬ গৰাকী । ইয়াৰে ১৫,৯৬,৬৬৪ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল । ভোটদানৰ হাৰ ৭৮.৩৯ শতাংশ । লক্ষণীয় যে বেছিভাগ সময় কংগ্ৰেছৰ দখলত থকা গুৱাহাটী লোকসভা সমষ্টিটোত কোনো এটা দল নাইবা প্ৰাৰ্থীক সমষ্টিবাসীয়ে দুবাৰৰ বেছি থাকিবলৈ দিয়া নাই যদিও বিজেপিৰ ক্ষেত্ৰত ব্যতিক্ৰম দেখা গৈছিল । বিগত তিনিটা নিৰ্বাচনত সমষ্টিটোৰ ৰাইজে বিজেপিৰ পক্ষতে সমৰ্থন আগবঢ়াই আহিছে । আনহাতে বিগত তিনিটা কাৰ্যকালত গুৱাহাটী সমষ্টিটো মহিলাই প্ৰতিনিধিত্ব কৰি আহিছে । এইবাৰো আছে মহিলা প্ৰাৰ্থী । সমষ্টিটোৰ ৰাইজে এইবাৰ কাক দিল্লীলৈ পঠিওৱাৰ বাবে ভোটদান কৰিলে সেয়া আজিৰ ফলাফলতহে জানিব পৰা যাব ।

লগতে পঢ়ক : অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.