ETV Bharat / politics

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাত পলম হোৱাৰ কথা স্বীকাৰ দেৱব্ৰত শইকীয়াৰ

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 3:35 PM IST

Debabrat Saikia: বিজেপিয়ে ভুলে-শুদ্ধই প্ৰকাশ কৰিলে ১১ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা । সমষ্টি পুনৰ নিৰ্ধাৰণ পাছত সমষ্টিৰ নাম সলনি হোৱাৰ কথা পাহৰি গ'ল বিজেপিয়ে । অহা সপ্তাহৰ ভিতৰতে প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা । বিৰোধী দলপতিয়ে ক’লে এনেদৰে ৷

Lok Sabha Election Assam
দেৱব্ৰত শইকীয়া
লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকাৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়া

গুৱাহাটী, ৩ মাৰ্চ: ‘‘বিজেপিয়ে ভুলে-শুদ্ধই প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।’’ এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । উল্লেখ্য যে শনিবাৰে বিজেপিয়ে ১১টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে । বিজেপিয়ে মিত্ৰদল অগপক দুটা আৰু ইউ পি পি এলক এটা সমষ্টি এৰি দি বাকী ১১ টা সমষ্টিত নিজে প্ৰতিদ্বন্দ্বিতা কৰিব । তাৰ বাবে শনিবাৰে ১১ টা সমষ্টিৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰে ।

বিজেপিৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে বিজেপিয়ে ৰাইজক অৱজ্ঞা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কথাটো পাহৰি গৈছে । ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত কলিয়াবৰ আৰু মঙলদৈ বুলি কোনো সমষ্টি নাই, সেই কথা পাহৰি বিজেপিয়ে তৎপৰতা দেখুৱাবৰ বাবে কলিয়াবৰত কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব দিছে । কিন্তু সেই সমষ্টিৰ নাম হৈছে কাজিৰঙা ।

সেইদৰে দৰং-ওদালগুৰিৰ পৰিৱৰ্তে মঙলদৈ সমষ্টিত দিলীপ শইকীয়াক প্ৰাৰ্থিত্ব দিছে । এনেদৰে ভুলে-শুদ্ধই তৎপৰতা দেখুৱাবৰ বাবে বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে । কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাত পলম হোৱাৰ কথা স্বীকাৰ কৰি দেৱব্ৰত শইকীয়াই কয় যে অহা সপ্তাহৰ ভিতৰতে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব ।

প্ৰাৰ্থী তালিকা প্ৰকাশৰ প্ৰক্ৰিয়াটোৰ বাবে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে সমগ্ৰ দেশৰ বাবে কংগ্ৰেছৰ আৰু ইণ্ডি এলায়েন্সৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব । বিজেপিয়ে নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা কৰিছে যদিও মিত্ৰদলৰ প্ৰাৰ্থী তালিকা এতিয়াও প্ৰকাশ কৰা হোৱা নাই বুলি কয় বিৰোধী দলপতিগৰাকীয়ে ।

কংগ্ৰেছৰ নেতৃত্বত অসমত গঠন হোৱা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত তেওঁ কয় যে ঐক্যমঞ্চৰ কেবাটাও দলে প্ৰাৰ্থিত্ব বিচাৰি আছে । য‍াৰ বাবে বিষয়টো দিল্লীত আলোচনা নোহোৱাকৈ সিদ্ধান্ত ল'ব নোৱাৰি ৷ আনহাতে বিৰোধী ঐক্যমঞ্চৰ সকলো দলকে কংগ্ৰেছৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱাৰ বাবে আহ্বান জনাই তেওঁ কয় যে ভোট বিভাজন হ'লে ঐক্যমঞ্চৰ ক্ষতি হ’ব ।

কোনো দলকে অৱজ্ঞা কৰাটো কৰাটো সমীচীন নহয় বুলি মন্তব্য কৰি সমিল-মিলেৰে সিদ্ধান্তত উপনীত হোৱাৰ পোষকতা কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । নগাঁও সমষ্টিক লৈ চলা বিতৰ্কৰ সন্দৰ্ভত তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিৰ সীমাৰ সাল-সলনি হৈছে । নগাঁও সমষ্টিৰ পৰা যোৱা সময়চোৱাত প্ৰদ্যুৎ বৰদলৈয়ে জয়লাভ কৰিছিল ।

আনহাতে গৌৰৱ গগৈ কলিয়াবৰৰ আছিল যদিও তেওঁৰ এটা অংশ নগাঁৱলৈ আহিল । যাৰ বাবে গৌৰৱ গগৈক কিছুমানে নগাঁৱৰ পৰা খেলিবৰ বাবে কৈ আছে । সেইদৰে নগাঁৱৰ এটা অংশ কাজিৰঙালৈ গ'ল । যাৰ বাবে প্ৰদ্যুৎ বৰদলৈকো বহুতে তাৰ পৰা খেলাৰ বাবে দাবী উত্থাপন কৰিছে । এইক্ষেত্ৰত বুজাপৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে শেষ সিদ্ধান্ত হাইকামাণ্ডে ল’ব ।

লগতে পঢ়ক: নগাঁৱৰ নিৰ্বাচনী যুঁজখন হ’ব ত্ৰিকোণীয়া :বিজেপি বিধায়ক ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.