ETV Bharat / politics

সহায় বিচাৰি কংগ্রেছৰ বিপৰীতে বিজেপিলৈ ফোন বিৰোধী ঐক্যৰ !

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 2:05 PM IST

Loksabha Election 2024 : বিজেপিৰ প্ৰাৰ্থী তালিকাই হাহাকাৰ লগাইছে বিৰোধী ঐক্যত । এটা ফোনকলৰ আঁত ধৰি উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক বতাহ ৷ সহায় বিচাৰি লখিমপুৰৰ বিজেপি সভাপতিলৈ ফোন বিৰোধী শিবিৰৰ !

Loksabha Election 2024
সহায় বিচাৰি কংগ্রেছৰ বিপৰীতে বিজেপিলৈ ফোন বিৰোধী ঐক্যৰ !
সহায় বিচাৰি কংগ্রেছৰ বিপৰীতে বিজেপিলৈ ফোন বিৰোধী ঐক্যৰ !

লখিমপুৰ 4 মাৰ্চ: লোকসভা নিৰ্বাচন 2024 ৰ পূৰ্বে বিভিন্ন নেতা-কৰ্মীয়ে আৰম্ভ কৰিছে লুটি-বাগৰ ৷ এই সময়তে চৰ্চালৈ আহিছে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰৰ আন এক বিস্ফোৰক খবৰ ৷ লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ সহায় বিচাৰি দুদিন পূৰ্বে অজাপৰ সম্পাদক জগদীশ ভূঞাই ফোন কৰিছিল বুলি অভিযোগ উঠিছে । লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই তোলে এই গুৰুতৰ অভিযোগ ৷

লখিমপুৰ জিলা বিজেপিৰ সভাপতিগৰাকীয়ে এই সন্দৰ্ভত কয় যে জগদীশ ভূঞাই ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থীৰূপে সৰ্বানন্দ সোণোৱালক প্ৰক্ষেপ কৰাৰ পিচতে তেওঁলৈ ফোন কৰি আঞ্চলিক শক্তিক সহায়ৰ আহ্বান জনায় । ফণীধৰ বৰুৱাক দীৰ্ঘদিনৰ পৰা আঞ্চলিকতাবাদক বিশ্বাস কৰা ব্যক্তি বুলি উল্লেখ কৰি সাম্প্রতিক সময়ত আঞ্চলিক শক্তিৰ প্ৰয়োজন আৰু তাৰ বাবে তেওঁ বৰুৱাক সহায় কৰিবলৈ আহ্বান জনায় বুলি উল্লেখ কৰে বৰুৱাই । অৱশ্যে ফণীধৰ বৰুৱাই দলৰ মজিয়াত থাকি এনে কাম কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি বিৰোধী শিবিৰৰ পৰা অজাপৰ লুৰীণজ্যোতি গগৈক ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিব বুলি সজোৰে প্ৰচাৰ চলাই আছিল । কিন্তু সৰ্বানন্দ সোণোৱালক বিজেপিয়ে সমষ্টিটোত প্ৰক্ষেপ কৰাৰ পিচতে লুৰীণজ্যোতি গগৈয়ে এক প্ৰকাৰে বিকল্প সমষ্টিৰ সন্ধান কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় বুলি ৰাজনৈতিক মহলত সজোৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ।

লখিমপুৰ জিলা বিজেপিৰ সভাপতিলৈ সহায় বিচাৰি দুদিন পূৰ্বে অজাপৰ সম্পাদক জগদীশ ভূঞাই ফোন কৰা বুলি শেহতীয়াকৈ প্ৰকাশ হোৱা খবৰে ৰাজনৈতিক মহল তথা বিৰোধী ঐক্যৰ দুৰ্বল স্থিতিকে উদঙাই দেখুৱাইছে ।

আনহাতে, মানৱ ডেকাই এই সন্দৰ্ভত কয়, "ডিব্ৰুগড়ত গগৈৰ আমানতৰ ধন পৰ্যন্ত নৰ’ব ৷ তেওঁলোকৰ মিত্র দল কংগ্রেছৰ লগতহে যোগদান কৰিব লাগে । কিন্তু তাকে নকৰি বিজেপিৰ লগত যোগাযোগ কৰিছে সহায়ৰ বাবে । লখিমপুৰত কংগ্রেছ অথবা অখিল গগৈৰ দলৰ অস্তিত্ব নাই । লখিমপুৰত নিৰ্বাচন খেলি হেইট্ৰিক কৰাতকৈ লুৰীণজ্যোতি গগৈয়ে ধুবুৰীত নিৰ্বাচন খেলক । ধুবুৰীত নিৰ্বাচন খেলিলে লুৰীণজ্যোতি গগৈয়ে ভাল ফলাফল পাব ৷

লগতে পঢ়ক: বিজেপিয়ে ভীতিগ্ৰস্ত হৈ তেলীৰ প্ৰাৰ্থিত্ব কৰ্তন কৰি সোণোৱালক টিকট দিছে: লুৰিণজ্যোতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.