ETV Bharat / politics

ডিব্ৰুগড়ত বিজয় নিশ্চিত : হাস্যবদনেৰে সোণোৱালে ক’লে- 400 পাৰ হ’বই - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:49 PM IST

Sarbananda Sonowal on LS polls: অসমত 12 খনতকৈ অধিক আসন লাভ কৰিব বিজেপিয়ে ৷ গুৱাহাটীৰ বাজপেয়ী ভৱনত এই দৃঢ়তা প্ৰকাশ সৰ্বানন্দ সোণোৱালৰ ৷ বিজেপিয়ে অকলেই 370 খন আৰু NDA ই 400 খন আসন দখলৰ লক্ষ্যত উপনীত হোৱাৰ কাষ চাপিছে বুলিও কয় সোণোৱালে ।

Sarbananda Sonowal on LS polls
Lok Sabha election 2024 (ETV Bharat Assam)

গুৱাহাটী, 30 মে’: ইতিমধ্যে দেশত সমাপ্ত হ’ল ছটা পৰ্যায়ৰ ভোটগ্ৰহণ । অহা 1 জুনত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু তাৰ পিচতেই অহা 4 জুনত দেশজুৰি হ’ব ভোটগণনা । দেশৰ আন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ সমান্তৰালভাৱে অসমতো 4 জুনত অনুস্থিত হ’ব ভোটগণনা । তাৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ।

সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

লগতে পঢ়ক: যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ ভয়ংকৰ প্ৰতিবেদন অগপৰ - AGP election report

বাজপেয়ী ভৱনত উপস্থিত হৈ সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয় যে আজি দেশৰ জনতাৰ আন্তৰিকতা বুটলিবলৈ সক্ষম হৈছে বিজেপিয়ে । সকলোৱে এইবাৰ বিচাৰিছে ভাৰতক বিশ্বৰ তিনিখন শ্ৰেষ্ঠ দেশৰ এখন হিচাপে গঢ়ি তোলা তাৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব লাগে । বিজেপিয়ে অকলে 370 আৰু NDA 400 আসন দখলৰ লক্ষ্যত উপনীত হোৱাৰ কাষ চাপিছে বুলি কয় সোণোৱালে ।

লগতে পঢ়ক: 8 জুনলৈ দৃষ্টিনিৱদ্ধ দেশবাসীৰ, অসমৰ পৰা কোন কোন যাব দিল্লীৰ মচনদলৈ? - Lok Sabha Election 2024

তেওঁ লগতে কয় যে অসমত শান্তিপূৰ্ণভাৱে ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে । মিত্ৰজোঁটক এইবাৰ ৰাইজে আন্তৰিকতাৰে সহায় কৰিছে । অসমত 12+ আসন লাভ কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰি তেওঁ কয়, ‘‘ডিব্ৰুগড় আসন নিশ্চিতভাৱে লাভ কৰিম । নিৰ্বাচনী প্ৰচাৰ অভিযানে এইবাৰ ৰাইজক যথেষ্ট প্ৰভাৱিত কৰিছে । 4 তাৰিখে সত্যটো ওলাই পৰিব । আমি জয়ী হ’মেই, সকলো নিৰ্বাচনত আমাক ৰাইজে সহযোগিতা আগবঢ়াইছে । এইবাৰ পূৰ্বতকৈ যথেষ্ট ভাল হ'ব ।’’

লগতে পঢ়ক: ৪০০ৰো অধিক আসনত জয়ী হ’ব বিজেপি; আত্মবিশ্বাসেৰে ক’লে জেপি নাড্ডাই - Lok Sabha Election 2024

ইফালে শেহতীয়াকৈ দলটোত গঢ়ি উঠা বাদ-বিসম্বাদ, অসন্তুষ্টি ক্ষোভ আদিক সন্দৰ্ভত তেওঁ কয়, ‘‘আমি মিলা-প্ৰীতিৰে কাম কৰি আছো আৰু কাম কৰি যাম । আমাৰ বাবে NATION FIRST । সকলোৱে একেলগে কাম কৰি অসমখন আগবঢ়াই নি দেশক শক্তিশালী কৰিব লাগিব ।’’

আনহাতে অখিল গগৈ, লুৰীণজ্যোতি গগৈ সকলোৱে একেলগে আঞ্চলিক শক্তিক একত্ৰিত কৰিব বিচৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে তেওঁলোকে কিবা এটা কৰি থাকিব লাগিব, কৈ থাকিব লাগিব কাৰণেই এইবোৰ কৰি আছে । অসমৰ জনগণ ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন । বিজেপি থাকিলেহে উন্নয়ন সম্ভৱ হ'ব বুলি ৰাইজে বুজি পাইছে বুলিও মন্তব্য আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: একত্ৰিত হ’ব ৰাইজৰ দল-অসম জাতীয় পৰিষদ ! ৰাইজৰ দলৰ আনুষ্ঠানিক প্ৰস্তাৱ - Akhil Gogoi on Marging Proposal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.