ETV Bharat / politics

জল্পনা-কল্পনাৰ অন্ত : অৱশেষত বিজেপিত যোগদান চম্পাই ছোৰেণৰ - Champai Soren

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 5:16 PM IST

Champai Soren joined BJP in Ranchi: অৱশেষত চম্পাই ছোৰেণে যোগদান কৰিলে বিজেপিত ৷ শুকুৰবাৰে ৰাঁচীত এক বিশাল অনুষ্ঠানত পুত্ৰ আৰু হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে তেওঁ দলটোত যোগদান কৰে ৷

Champai Soren joined BJP in Ranchi
অৱশেষত বিজেপিত যোগদান চম্পাই ছোৰেনৰ (ETV Bharat)

নিউজ ডেস্ক, ৩০ আগষ্ট : ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাক্তন নেতা চম্পাই ছোৰেণে যোগদান কৰিলে বিজেপিত ৷ চম্পাই ছোৰেণৰ সৈতে তেওঁৰ পুত্ৰ বাবুলাল ছোৰেণেও পৰিধান কৰিলে গেৰুৱা বসন ৷ ৰাঁচীত অনুষ্ঠিত এক বিশাল কাৰ্যসূচীত হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ হাতত পদুম তুলি ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চম্পাই ছোৰেণে বিজেপিত যোগদান কৰা অনুষ্ঠানটোত উপস্থিত থাকিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিৱৰাজ সিং চৌহানকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিজেপি নেতা ৷

জে এম এমৰ পৰা পদত্যাগ চম্পাই ছোৰেণৰ :

শুকুৰবাৰে বিজেপিত যোগদানৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেণে জে এম এমৰ পৰা পদত্যাগ কৰাৰ সন্দৰ্ভত সামাজিক মাধ্যমত লিখে, ‘‘আজি মই ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো পদ ত্যাগ কৰিছো ৷ ঝাৰখণ্ডৰ জনজাতীয়, খিলঞ্জীয়া লোক, দলিত, পিচপৰা আৰু সাধাৰণ লোকসকলৰ সমস্যাৰ ক্ষেত্ৰত আমাৰ সংগ্ৰাম অব্যাহত থাকিব ৷’’

চম্পাই ছোৰেণে হেমন্ত ছোৰেণৰ পিতৃ তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ জন্মদাতালৈ পদত্যাগ পত্ৰত লিখিছিল যে জে এম এমৰ বৰ্তমানৰ নীতি আৰু কাৰ্যক্ৰমণিকাৰ প্ৰতি অসন্তুষ্টিৰ ফলত তেওঁ দল ত্যাগ কৰিবলৈ বাধ্য হৈছে । তেওঁ শিবু ছোৰেণলৈ লিখা পত্ৰখনত কয়, ‘‘আপোনাৰ নিৰ্দেশনাত, যি দলৰ সপোন আমাৰ দৰে শ্ৰমিকে দেখিছিল আৰু যাৰ বাবে আমি অৰণ্য, পৰ্বত আৰু গাঁওবোৰ ঘূৰিছিলো; আজি সেই দলটো তাৰ পৰা আঁতৰি আহিছে ৷’’

চম্পাই ছোৰেণে তেওঁৰ পদত্যাগ পত্ৰত শিবু ছোৰেণক সম্বোধন কৰি লিখিছিল, ‘‘জে এম এম মোৰ বাবে এটা পৰিয়ালৰ দৰে আছিল আৰু মই কেতিয়াও সপোনতো ভবা নাছিলো যে মই দলটো এৰিব লাগিব ৷ কিন্তু বিগত কেইদিনমানৰ ঘটনাই মোক এই কঠিন সিদ্ধান্ত ল'বলৈ বাধ্য কৰোৱাইছিল ৷’’

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শিবু ছোৰেণলৈ লিখা পত্ৰত কয়, ‘‘বৰ্তমান আপুনি স্বাস্থ্যজনিত কাৰণত সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছে ৷ আপোনাৰ বাহিৰে, দলটোত এনে কোনো লোক নাই যাক আমি আমাৰ মনৰ কথাবোৰ ক’ব পাৰো । সেই কাৰণেই, মই দলটোৰ প্ৰাথমিক সদস্যপদৰ লগতে সকলো পদৰ পৰা পদত্যাগ কৰিছো ।"

মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাত ক্ষোভিত হৈছিল চম্পাই ছোৰেণ :

ঝাৰখণ্ড মুক্তি মৰ্চাত গুৰুজী শিবু ছোৰেণৰ পিছত মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত হৈছিল হেমন্ত ছোৰেণ ৷ কিন্তু তাৰ পিছতে হেমন্ত ছোৰেণ যাবলগীয়া হৈছিল কাৰাগাৰলৈ ৷ খালী হৈ পৰা মুখ্যমন্ত্ৰীৰ আসনখনত বহুওৱা হৈছিল চম্পাই ছোৰেণক ৷ কিন্তু হেমন্ত ছোৰেণ কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা চম্পাই ছোৰেণক আঁতৰাই পুনৰ মুখ্যমন্ত্ৰী হ’ল হেমন্ত ছোৰেণ ৷ এই কথাত ক্ষোভিত হৈ পৰে চম্পাই ছোৰেণ ৷ অৱশ্যে হেমন্ত ছোৰেণৰ নেতৃত্বত গঠন কৰা নতুন চৰকাৰত তেওঁক মন্ত্ৰিত্ব প্ৰদান কৰা হৈছিল ৷

ইয়াৰ পিছতে চম্পাই ছোৰেণে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছিল যে তেওঁ অপমানিত হৈছিল ৷ ফলত এইটো স্পষ্ট হৈ পৰিছিল যে চম্পাই ছোৰেণ ঝাৰখণ্ড মুক্তি মৰ্চাত বেছি দিন নাথাকিব । এই জল্পনা-কল্পনাৰ অন্ত পেলাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে দিল্লীত জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ আৰু শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰাৰ পিছত ৰাঁচীলৈ উভতি জে এম এমক বিদায় জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক : ঝাৰখণ্ডৰ মন্ত্রী চম্পাই ছোৰেণৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি : কি ক'লে অসমৰ মুখ্যমন্ত্রীয়ে ?

মইতো বিচাৰো হেমন্ত ছোৰেনো বিজেপিলৈ আহক: ড৹ হিমন্ত বিশ্ব শৰ্মা

ঝাৰখণ্ডৰ ডিজিপিক সকীয়নি ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.