ৰাঁচী: পুৱা 7 বজাৰ পৰা ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷ 38 খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ যোৱা 13 নৱেম্বৰত প্ৰথম পৰ্যায়ত 43 খন আসনৰ বাবে অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ঝাৰখণ্ড বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 81 খন ৷
ভোটগ্ৰহণ প্ৰাক ক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভোটৰসকলক ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছে ৷ অভিলেখ সংখ্যক ভোটদানৰ লক্ষ্যৰে সকলোকে এই অভিযানত অংশ ল’বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰথমবাৰলৈ ভোটাধিকাৰ লাভ কৰা সকলক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকক ৰাজ্যৰ সামৰ্থ শক্তিশালী কৰাৰ বাবে ভোটদান কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ ৷
"আজি ঝাৰখণ্ডৰ গণতন্ত্ৰৰ মহান মহোৎসৱৰ দ্বিতীয় আৰু অন্তিম পৰ্যায় । সকলো ভোটাৰকে উৎসাহেৰে অংশগ্ৰহণ কৰি ভোটদানৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়িবলৈ আহ্বান জনাইছো । এই উপলক্ষে প্ৰথমবাৰৰ বাবে ভোটদান কৰা মোৰ সকলো যুৱ বন্ধু-বান্ধৱীক বিশেষভাৱে অভিনন্দন জনাইছো । আপোনাৰ ভোটে ৰাজ্যখনক শক্তিশালী কৰিব ।’’এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে এইদৰে ।
নিৰ্বাচনত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ বিচৰা শাসকীয় ঝাৰখণ্ড মুক্তি মৰ্চা-কংগ্ৰেছৰ মিত্ৰজোঁট আৰু হেমন্ত ছ’ৰেনৰ নেতৃত্বাধীন চৰকাৰক পদচ্যুত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে গুৰুত্বপূৰ্ণ সমষ্টিসমূহক লক্ষ্য কৰি লৈছে, প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেন আৰু কংগ্ৰেছ নেতা অজয় কুমাৰৰ দৰে অভিজ্ঞ প্ৰাৰ্থীও খেলপথাৰত নামি পৰিছে ।
প্ৰথম পৰ্যায়ত গুৰুত্বপূৰ্ণ প্ৰাৰ্থীৰ ভিতৰত আছিল চেৰাইকেলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন আৰু জামছেদপুৰ পূবৰ পৰা অজয় কুমাৰ (কংগ্ৰেছ), য’ত তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘুবৰ দাসৰ বোৱাৰী পূৰ্ণিমা দাস সাহুৰ বিৰুদ্ধে যুঁজত নামিছে । জগন্নাথপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোডাৰ পত্নী গীতা কোদাই বিজেপিৰ হৈ কংগ্ৰেছ নেতা সোনা ৰাম সিংকুৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে । ৰাঁচীৰ পৰা ৰাজ্যসভাৰ সাংসদ মহুৱা মাজিক জেএমএমৰ দলে প্ৰক্ষেপ কৰে ।
দ্বিতীয় পৰ্যায়ত গুৰুত্বপূৰ্ণ আসনসমূহৰ ভিতৰত বৰহাইট সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে বিজেপিৰ গামলিয়াল হেমব্ৰমৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । আন এজন গুৰুত্বপূৰ্ণ প্ৰাৰ্থী হৈছে ধনোৱাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ বাবুলাল মাৰাণ্ডী । ২০০০ চনত ৰাজ্যখন গঠন হোৱাৰ পিছত ৰাজ্যখনৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হোৱা মাৰাণ্ডীয়ে বিদায়ী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । জেএমএমৰ নিজাম উদ্দিন আনছাৰীৰ বিৰুদ্ধে তেওঁ যুঁজত নামিছে ।
গাণ্ডে সমষ্টিত বিজেপিৰ মুনিয়া দেৱীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেনে । ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আৰম্ভণিতে গাণ্ডেত অনুষ্ঠিত হোৱা বিধানসভাৰ উপ-নিৰ্বাচনত কল্পনা ছোৰেনে জয়লাভ কৰিছিল । আন এগৰাকী উল্লেখযোগ্য প্ৰাৰ্থী হৈছে জামতাৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ সীতা সোৰেন ।
লগতে পঢ়ক: ঝাৰখণ্ড বিধানসভা নিৰ্বাচন: প্ৰথম পৰ্যায়ত ৪৩ খন আসনত ভাগ্য নিৰ্ণয় হ’ব ৬৮৩ জন প্ৰাৰ্থীৰ