ETV Bharat / politics

ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ ঠেং দাঙি আছে : জয়ন্ত মল্লবৰুৱা - Lok Sabha election 2024 - LOK SABHA ELECTION 2024

BJP slams APCC president: ভূপেন বৰাৰ বাবে দুটাকৈ সমষ্টি সাজু কৰি থোৱা আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য় কৰাৰ পিচতেই ভূপেন বৰাই আজি সংবাদমেলত সংবাদ মাধ্যমক সুধিছে তেওঁ কিয় বিজেপিলৈ যাব লাগে বুলি । এইবাৰ ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।

Minister Jayant Mallabaruah
কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:53 PM IST

কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী, ২৬ মাৰ্চ: অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰাৰ মন্তব্যক লৈ মঙলবাৰে যোৰহাটত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছিল । এই সংবাদমেলত সভাপতি ভূপেন বৰাই কিহৰ বাবে তেওঁ বিজেপিত যোগদান কৰিব তাৰ তিনিটা কাৰণ বিচাৰিছিল । ইয়াৰ পিচতেই সৰৱ হৈ পৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পিচতে আজি বশিষ্ঠস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ সভাপতিগৰাকীক উভতি ধৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । মন্ত্ৰী গৰাকীয়ে কয়," ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ ঠেং দাঙি আছে । ভূপেন বৰাই আজি সংবাদমেলত সংবাদ মাধ্যমক সুধিছে তেওঁ কিয় বিজেপিলৈ যাব লাগে ? কিন্তু বিজেপিলৈ নাহো বুলি কোৱা নাই । " অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ তেওঁ ২০২৬ত ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ সমৰ্থক হিচাপে থাকিব পাৰে বুলিও কটাক্ষ কৰে ।

আনহাতে, আজি ভূপেন বৰাই ইংৰাজী কব নোৱৰা ব্যক্তিক বিজেপিয়ে সাংসদ হিচেপে বিচাৰিছে বুলি উল্লেখ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে অসমৰ মাটি,বায়ু,পানীৰ কথা নজনা, অসমীয়া কব নজনা মানুহক ৰাইজে কেনেকৈ সাংসদ বনাব ! লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে লণ্ডন, আমেৰিকাত থকা ৰান্ধনী, ড্ৰাইভাৰে ভাল ইংৰাজী কয় । সেইবুলি তেওঁলোক জ্ঞানী নেকি ?

ইপিনে, কেবিনেট মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ বংশবাদৰ বিৰুদ্ধে সৰৱ হৈ কয়," কংগ্ৰেছৰ বংশবাদৰ বাবে আজি দলটোৰ এই অৱস্থা । এই বংশবাদটো আগতে অসমত নাছিল যদিও তৰুণ গগৈয়ে গৌৰৱ গগৈক পেৰাচুটেৰে নমাই বংশবাদৰ ৰাজনীতি আৰম্ভ কৰিছিল । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে নীলা তেজৰ প্ৰভাৱৰ বাবে কংগ্ৰেছৰ এই অৱস্থা হৈছে । নীলা তেজ থকাসকল কংগ্ৰেছত থাকিব । তাৰ বাহিৰে এটা সময়ত সকলো আমাৰ দললৈয়ে আহিব ।

ইফালে, ভৰত নৰহৰ বিজেপিত যোগদান সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়,"ভৰত নৰহৰ লগত এতিয়ালৈ আমাৰ যোগাযোগ হোৱা নাই । আমাৰ দললৈ আহিলে দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব ।"

লগতে পঢ়ক:ভূপেন বৰাৰ বাবে সাজু কৰি থোৱা আছে দুটাকৈ সমষ্টি : মুখ্যমন্ত্ৰী - Lok Sabha Elections

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.