ETV Bharat / politics

শৰীৰত তেজ থকালৈকে জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম : মুখ্যমন্ত্রী - CM ON USTM ISSUE

author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 9:31 PM IST

Himanta Biswa Sarma on USTM : বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে ইউ এছ টি এমক লৈ লৈ নিজৰ স্থিতিত অটল আছে মুখ্যমন্ত্ৰী ৷ যেতিয়ালৈকে শৰীৰত তেজ আছে তেতিয়ালৈকে এনে জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম আৰুনো কি কৰিব পাৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ অহা বছৰ আছুৱে যেতিয়া শ্বহীদ দিৱস পালন কৰিব তেতিয়া সেইদিনা আমি প্ৰৱঞ্চনা দিৱস পালন কৰিম বুলিও কয় তেওঁ ৷

HIMANTA BISWA ON USTM
আছুক সমালোচনা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ (ETV Bharat Assam)

গুৱাহাটী, 14 আগষ্ট : বিগত কেইদিনমান ধৰি ৰাজ্যৰ ৰাজনীতিৰ লগতে সামাজিক প্ৰেক্ষাপটতো এটা বিষয় বিশেষভাৱে চৰ্চিত হৈ আছে ৷ সেইটো হৈছে ইউ এছ টি এম আৰু গুৱাহাটীৰ কৃত্ৰিম বান ৷ মেঘালয়ৰ যোৰাবাটত থকা ইউ এছ টি এম গুৱাহাটীৰ কৃত্ৰিম বানৰ এটা কাৰণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পাছতে চৰ্চালৈ আহিছে বিষয়টো ৷ বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে বিষয়টোক লৈ নিজৰ স্থিতিত অটল আছে মুখ্যমন্ত্ৰী ৷ বিৰোধীৰ বিভিন্ন যুক্তি আৰু সমালোচনাৰ পাছতো বিগত কেইদিনমান ধৰি প্ৰায় প্ৰতিদিনেই ইউ এছ টি এমক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে মুখ্যমন্ত্ৰীয়ে ৷ আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে ইউ এছ টি এমক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

ইউ এছ টি এমক লৈ লৈ নিজৰ স্থিতিত অটল আছে মুখ্যমন্ত্ৰী (ETV Bharat Assam)

চেটেলাইটেও মিছা কয় নেকি :

গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় - "আপোনালোকে গৈ চাই নাহে কিয় ? তেওঁলোকক আপোনালোকে কওক যে আপোনালোকক গোটেইখিনি চাবলৈ অনুমতি দিয়ক ৷ আপোনালোকে গোটেইখিনি চাই আহিলেই হ'ল ৷ আকাশৰ পৰা চেটেলাইটেও মিছা কয় নেকি ? নে চেটেলাইটোৰো মালিক হিমন্ত বিশ্ব শৰ্মা ৷ এজন মানুহে মিছা কথা কৈ থাকিম বুলি ক'লে কিমান কৈ থাকিব পাৰে ৷ সকলোৰে এটা সীমা আছে ৷ চেটেলাইটো মোৰ নিয়ন্ত্ৰণl আছে নে ৰিণিকি ভূঞাৰ নিয়ন্ত্ৰণত আছে ? নিজকে কিয় ইমান হাঁহিয়াতৰ পাত্ৰ কৰে ৷"

ইউ এছ টি এমলৈ পৰামৰ্শ :

মুখ্যমন্ত্ৰীয়ে লগতে কয় - "ব্যৱস্থাটো মই ল'ব নোৱাৰো ৷ কাৰণ তেওঁলোক মেঘালয়ত আছে ৷ গতিকে এনেকে গালি পাৰি থাকিব লাগিব দিনে-ৰাতিয়ে ৷ যেতিয়ালৈকে শৰীৰত তেজ আছে তেতিয়ালৈকে এনে জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম আৰু কি কৰিব পাৰিম ৷ মোৰ পৰামৰ্শ হ'ল- পাহাৰ কাটিঙটো মেঘালয়ৰ ফালে কৰি দিয়ক ৷ যোৰাবাটৰ ফালে মুখখন নিদি মেঘালয়ৰ ফালে কৰি দিয়ক ৷ তাত কোনো জনবসতি নাই ৷ সমস্যাটো সমাধান হৈ গ'ল ৷ বিল্ডিংখিনিৰ মুখটো ওলোটাফালে কৰি দিয়ক ৷"

লগতে পঢ়ক : ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM

আছুৰ শ্বহীদ দিৱসৰ দিনা পালন কৰা হ'ব প্ৰৱঞ্চনা দিৱস :

'কা'ৰ যোগেদি এজন লোকে নাগৰিকত্ব পোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় - "20 লাখৰ ঠাইত এজনে পাইছে ৷ ইয়াত কি কমেণ্ট দিম ৷ আমি 20 লাখলৈকে ৰৈ আছো ৷ আছুৱে এতিয়া লাজতে এইবিলাক কৰি আছে ৷ তেওঁলোকে 20 লাখৰ কথা কৈছিলনে নাই ৷ লাখ লাখ মানুহ ট্ৰাক লৈ ৰৈ আছিল বুলি কৈছিলনে নাই ৷ এওঁলোকে এতিয়াও লাজ পোৱা নাই ৷ পাঁচজন শ্বহীদৰ কেঁচা তেজৰ পাছতো তেওঁলোকে লাজ পোৱা নাই ৷ অসমত 20 লাখ মানুহ আহিব বুলি প্ৰচাৰ কৰিছিল ৷ এতিয়া এজনৰ কথা কৈ আছে ৷ এজন ক'ত আৰু 20 লাখ ক'ত ৷ অহা বছৰ আছুৱে যেতিয়া শ্বহীদ দিৱস পালন কৰিব তেতিয়া সেইদিনা আমি প্ৰৱঞ্চনা দিৱস পালন কৰিম ৷ অসমৰ মানুহক কেনেকৈ আন্দোলনমুখৰ কৰি চলি থকা ভাল চৰকাৰ এখনক তেওঁলোকে অস্থিৰ কৰি তুলিছিল ৷ সেই সময়ত 'কা' নোহোৱা হ'লে আমি যিটো গতিত আগুৱাই গৈছিলো বহুত কাম অসমত হৈ গ'লহেতেন ৷ আজি অন্ততঃ এজনে পাওঁতে তেওঁলোকে ক্ষমা খুজিব লাগে যে এইটো শ, দুশ, হাজাৰৰ কথা আছিল ইয়াত লাখৰ কথা নাছিল ৷"

লগতে পঢ়ক : সম্পত্তিৰ উইল জনোৱাৰ পৰিৱৰ্তে বিৰোধীৰ সম্পত্তিৰ হিচাপ বিচাৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই - Property Controversy of CM Wife

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.