ETV Bharat / politics

একাষৰীয়া উৰুকাৰ বজাৰ : যোৰহাটত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 8:04 PM IST

Updated : Apr 12, 2024, 9:10 PM IST

Himanta Biswa Sarma Road Show: উৰুকাৰ বজাৰ এৰি হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’ত ৷ শুকুৰবাৰে সন্ধিয়া যোৰহাট চহৰৰ য’লৈকে চোৱা যায়, তালৈকে দেখা গ’ল কেৱল বিজেপি কৰ্মী আৰু দলীয় পতাকা ৷

HIMANTA BISWA SARMA ROAD SHOW
যোৰহাটত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’লৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

যোৰহাট, 12 এপ্ৰিল: শুকুৰবাৰে যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্ব’ ৷ সন্ধিয়াৰ ভাগত যোৰহাটৰ বৰুৱা চাৰিআলিৰ পৰা আৰম্ভ কৰা হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৰোড শ্ব’টো ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এখন বাহনত উঠি মুখ্যমন্ত্ৰী আৰু হাজাৰ হাজাৰ বিজেপি সমৰ্থকে পদব্ৰজে ৰোড শ্ব’টো বাহিৰ কৰে ৷ ডেকা-গাভৰুৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ লোক ওলাই আহে পদযাত্ৰাটোলৈ ।

উৰুকাৰ বজাৰ একাষৰীয়া কৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোক ওলাই আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত পদযাত্ৰাত অংশগ্ৰহণ কৰে । ফলত যোৰহাট নগৰৰ মাজমজিয়া বিজেপিৰ পতাকা, বিজেপি কৰ্মীৰে ভৰি পৰে । দূৰ দূৰণিলৈকে কেৱল বিজেপি কৰ্মী আৰু অগপ-বিজেপিৰ পতাকা দেখা গ’ল চহৰখনত ।

শুকুৰবাৰে সন্ধিয়া বৰুৱা চাৰিআলিৰ পৰা মুখ্যমন্ত্ৰীৰ উপস্থিতিত বাহিৰ কৰা বিশাল ৰোড শ্ব’টোত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰীকা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আদিয়ে । বিজেপিৰ বিশাল ৰোড শ্ব’টোৰ জৰিয়তে যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ জৰিয়তে বিজেপিয়ে যেন পতিয়ন নিয়াব খুজিছে যে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সন্মুখত বিজেপিৰ ভেটি কোনো কাৰণত দুৰ্বল নহয় । উল্লেখ্য যে যে যোৰহাটত ৰোড শ্ব’ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৷ সৰ্বানন্দ সোণোৱালৰ হৈ চলোৱা প্ৰচাৰ সভাখনত মুখ্যমন্ত্ৰীয়ে কয় যে গৌৰৱ গগৈয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা প্ৰতিবাদ কৰি মহাপাপ কৰিছিল ৷

উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় ৷

লগতে পঢ়ক: কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে দেশক দীর্ঘসময় ধৰি ক্ষতি কৰিলে : সৰ্বানন্দ সোণোৱাল

Last Updated : Apr 12, 2024, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.