গুৱাহাটী, 10 এপ্ৰিল : বৰ্তমান সময়ত ৰাজনীতি ধনবল আৰু বাহুবল সৰ্বস্ব হৈ পৰিছে ৷ বিশেষকৈ লোকসভা নিৰ্বাচন বুলি ক'লে ধনবল আৰু বাহুবলৰ ৰাজনীতিৰ কথাটো বিশেষভাৱে চৰ্চালৈ আহে ৷ কাৰণ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'লে কিবা নহয় কিবা এটা 'বল' থাকিব লাগিব ৷ অন্যথা তিষ্ঠি থকাটো সম্ভৱ নহয় ৷ সেই কথা আজিৰ তাৰিখত অপ্ৰিয় হ'লেও সত্য ৷
- " class="align-text-top noRightClick twitterSection" data="">
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মানেই কোটি কোটি টকাৰ খেলা ৷ নিৰ্বাচনী প্ৰচাৰৰ নামত ৰাজনৈতিক দল সমূহে আৰু প্ৰাৰ্থীসকলে কোটি কোটি টকা ব্যয় কৰে আৰু সেই কথা সকলোৰে জ্ঞাত ৷ কিন্তু এনে এক পৰিৱেশ-পৰিস্থিতিৰ মাজতো কিছু লোক থাকে যি এই প্ৰেক্ষাপটত দুৰ্বল হ'লেও ভোটৰ ৰাজনীতিত অৱতীৰ্ণ হয় ৷ আৰ্থিকভাৱে দুৰ্বল হ'লেও মনৰ জোৰত নিৰ্বাচন খেলাৰ বাবে আগুৱাই আহে ৷ এইবাৰো তেনে কিছু লোক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ কোটি কোটি টকাৰ বিশাল সম্পত্তিৰ গৰাকীৰ বিয়াগোম প্ৰাৰ্থীৰ বিপৰীতে লাখ টকাৰ কম সম্পত্তি লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে কেইবাগৰাকী প্ৰাৰ্থী ৷
উল্লেখ্য অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন ৷ 19 এপ্ৰিলত পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পাঁচটা সমষ্টিত মুঠ 35 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰে শোণিতপুৰ সমষ্টিত 8 গৰাকী, লখিমপুৰ সমষ্টিত 9 গৰাকী, কাজিৰঙা সমষ্টিত 11 গৰাকী, যোৰহাট সমষ্টিত 4 গৰাকী আৰু আৰু ডিব্ৰুগড় সমষ্টিত 3 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
প্ৰথম পৰ্যায়ত অৱতীৰ্ণ হোৱা মুঠ 35 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 15 গৰাকী প্ৰাৰ্থীয়েই হৈছে কোটিপতি ৷ শতাংশ হিচাপত 43 শতাংশ প্ৰাৰ্থী কোটিপতি ৷ এছ'চিয়েশ্বন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ আৰু আছাম ইলেকশ্বন ৱাটচৰ সমীক্ষাত প্ৰকাশ পোৱা মতে শাসক বা বিৰোধী ৰাজনৈতিক দলৰ বিপৰীতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কোটিপতি প্ৰাৰ্থীৰ শীৰ্ষত আছে নির্দলীয় প্ৰার্থী ৷
কাজিৰঙা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধুৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 17.58 কোটি টকা ৷ অট'ৰিক্সাৰ প্ৰতীক চিহ্নত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নির্দলীয় প্ৰার্থীগৰাকীৰ অস্থাৱৰ সম্পত্তি 4.65 কোটি টকা আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ 12.92 কোটি টকা ৷ আনহাতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৰাজ্যৰ দ্বিতীয়জন ধনী প্ৰার্থী হৈছে ডিব্ৰুগড় সমষ্টিৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মনোজ ধানোৱাৰ ৷ মনোজ ধানোৱাৰৰ স্থাৱৰ-অস্থাৱৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 9.32 কোটি টকা ৷ ইয়াৰ পাচতেই তালিকাত আছে বিজেপি প্ৰার্থী ৰঞ্জিত দত্ত ৷ প্ৰাক্তন মন্ত্ৰী তথা শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰার্থী ৰঞ্জিত দত্তৰ সম্পত্তিৰ পৰিমাণ 8.9 কোটি টকা ৷
সেইদৰে তালিকাত থকা আন কোটিপতি প্ৰাৰ্থীৰ ভিতৰত আছে ক্ৰমে লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ 6.82 কোটি টকা, যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ 4.90 কোটি টকা, ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ 4.75 কোটি টকা, যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন গগৈৰ 3.22 কোটি টকা, শোণিতপুৰৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কোণ্ডিন্যৰ 2.91 কোটি টকা, লখিমপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ 2.42 কোটি টকা, শোণিতপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰীৰ 2.08 কোটি টকা, কাজিৰঙাৰ নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হকৰ 2 কোটি টকা, কাজিৰঙাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ 2 কোটি টকা, লখিমপুৰৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ 1.91 কোটি টকা, কাজিৰঙাৰ ভাৰতীয় গণ পৰিষদৰ প্ৰাৰ্থী শৈলেন চন্দ্ৰ মালাকাৰৰ 1.67 কোটি টকা আৰু শোণিতপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ 1.10 কোটি টকা ৷
ইফালে দল অনুসৰি বিজেপিৰ পাঁচোগৰাকী প্ৰাৰ্থীয়েই কোটিপতি হোৱাৰ বিপৰীতে কংগ্ৰেছৰ তিনিগৰাকী, নিৰ্দলীয় তিনিগৰাকী, আম আদমি পাৰ্টিৰ দুগৰাকী, ভাৰতীয় গণ পৰিষদৰ এগৰাকী আৰু এ আই টি চিৰ এগৰাকী প্ৰাৰ্থী কোটিপতি ৷ এনেদৰে কোটি কোটি টকাৰ সম্পত্তি লৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা 15 গৰাকী কোটিপতি প্ৰাৰ্থীৰ বিপৰীতে আৰ্থিক দিশত দুৰ্বল কেইবাগৰাকী প্ৰাৰ্থীও ভোটৰ যুদ্ধত অৱতীৰ্ণ হৈছে ৷ এইক্ষেত্ৰত সবাতকৈ দুখীয়া প্ৰাৰ্থীজন হৈছে লখিমপুৰ সমষ্টিৰ এছ ইউ চি আই (চি)ৰ প্ৰাৰ্থী পল্লৱ পেগু ৷ প্ৰাৰ্থীজনৰ মুঠ সম্পত্তি হৈছে মাত্ৰ 38,169 টকা ৷ উল্লেখ্য যে এই বিয়াগোম লোকসভা নিৰ্বাচনত এক লাখ টকাৰ কম সম্পত্তি লৈ প্ৰথম পৰ্যায়ত তিনিগৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰে এগৰাকী পল্লৱ পেগু ৷
আৰ্থিক দিশত দুৰ্বল আন দুগৰাকী প্ৰাৰ্থী হৈছে ক্ৰমে চালেহ আহমেদ মজুমদাৰ আৰু চেলিম আহমেদ ৷ ছালেহ আহমেদ মজুমদাৰ ৰিপাব্লিকান পাৰ্টি অব ইণ্ডিয়াৰ (আঠাৱালে) প্ৰাৰ্থী আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ 50 হাজাৰ টকা ৷ আনহাতে অসম জন মৰ্চাৰ প্ৰাৰ্থী চেলিম আহমেদৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 85 হাজাৰ ৷ তিনিওগৰাকী প্ৰাৰ্থীৰে স্থাৱৰ সম্পত্তি নাই ৷ ইফালে প্ৰাৰ্থীসকলৰ ভিতৰত সকলোতকৈ ধৰুৱা প্ৰাৰ্থীগৰাকী হৈছে লখিমপুৰৰ বিজেপিৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা ৷ তেওঁৰ ঋণৰ পৰিমাণ হৈছে 3 কোটি 53 লাখ 47 হাজাৰ 475 টকা ৷ প্ৰথম পৰ্যায়ৰ 35 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 19 গৰাকী প্ৰাৰ্থীয়েই হৈছে ঋণগ্ৰস্ত ৷ আনহাতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ ভিতৰত 25-30 বছৰ বয়সৰ প্ৰাৰ্থীৰ সংখ্যা দুগৰাকী হোৱাৰ বিপৰীতে 61-70 বছৰ বয়সৰ প্ৰাৰ্থীৰ সংখ্যা হৈছে সাতগৰাকী ৷ অৱশ্যে সৰ্বাধিক 41-50 বছৰৰ তেৰগৰাকী প্ৰাৰ্থীয়ে প্ৰতিন্দ্বন্দ্বিতা আগবঢ়াইছে ৷
লগতে পঢ়ক : ৰাজ্যত সক্ৰিয় ফ্লায়িং স্কোৱাড; এই পৰ্যন্ত জব্দ 102 কোটি টকা - Lok Sabha Election 2024