ETV Bharat / politics

কেইঘন্টামানৰ ভিতৰতে কংগ্ৰেছ এৰি বিজেপি পালেগৈ গৌৰৱ - Gaurav Vallabh joins BJP - GAURAV VALLABH JOINS BJP

Gourav Vallabh: লোকসভা নিৰ্বাচনৰ কুচকাৱাজৰ মাজতে কংগ্ৰেছৰ প্ৰবীণ তথা শক্তিশালী নেতা গৌৰৱ বল্লভে দলটোক বিদায় দিলে । যোৱা বিধানসভাত উদয়পুৰ আসনৰ পৰা গৌৰভে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল য’ত তেওঁ পৰাজয়ৰ সন্মুখীন হৈছিল । কংগ্ৰেছ ত্যাগ কৰিয়েই বিজেপিত যোগ দিলে গৌৰৱে ।

LOK SABHA ELECTION 2024
GAURAV VALLABH JOINS BJP
author img

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 7:36 PM IST

নিউজ ডেস্ক, ৪ এপ্ৰিল: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ তাওড়েৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছ নেতা গৌৰৱ বল্লভে । বৃহস্পতিবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিচতে তেওঁ বিজেপিত যোগদান কৰে ।

কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ সময়ত গৌৰৱ বল্লভে দলটো দিশাহীন হৈ পৰাৰ অভিযোগ উত্থাপন কৰে । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক লৈ তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে । গৌৰৱ বল্লভে কয়, "মই সনাতন বিৰোধী শ্লোগান উত্থাপন কৰিব নোৱাৰো, পুৱা-গধূলি দেশৰ ‘সম্পত্তি সৃষ্টিকৰ্তা'ক গালি-গালাজ কৰিব নোৱাৰো । গতিকে কংগ্ৰেছ দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছোঁ ।"

তেওঁ নিজৰ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক উদ্দেশ্যি এখন পত্ৰত লিখিছে, "আৱেগিক হৈছোঁ, মন বিচলিত । মই ক'ব বিচাৰো, লিখিব খুজিছো বহুত কথা । কিন্তু, মোৰ মূল্যবোধে মোক আনক আঘাত দিব পৰা কথা ক'বলৈ বাধা দিছে । তথাপিও মই আজি আপোনালোকৰ সন্মুখত মোৰ মতামত আগবঢ়াইছো, কাৰণ মই অনুভৱ কৰোঁ যে সত্য লুকুৱাই ৰখাটোও অপৰাধ, আৰু মই অপৰাধৰ অংশ হ'ব নিবিচাৰো ।

ছাৰ, মই বিত্ত বিভাগৰ অধ্যাপক । কংগ্ৰেছ দলৰ সদস্যপদ লাভ কৰাৰ পিচত দলটোৱে মোক ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে গঢ়ি তুলিছিল । বহু বিষয়ত দলৰ স্থিতি দেশৰ মহান জনসাধাৰণৰ সন্মুখত শক্তিশালীভাৱে দাখিল কৰা হয় । কিন্তু যোৱা কেইদিনমানৰ পৰা দলৰ স্থিতিত অস্বস্তি অনুভৱ কৰি আহিছো ।

কংগ্ৰেছ দলত যোগদান কৰাৰ সময়ত মোৰ বিশ্বাস আছিল যে কংগ্ৰেছ দেশৰ আটাইতকৈ পুৰণি দল । য'ত যুৱক-যুৱতী, বুদ্ধিজীৱী মানুহ আৰু তেওঁলোকৰ ধাৰণাক মূল্য দিয়া হয় । কিন্তু যোৱা কেইবছৰমানৰ পৰা মই উপলব্ধি কৰিলো যে দলৰ বৰ্তমানৰ ৰূপটোৱে নতুন ধাৰণাৰে যুৱক-যুৱতীসকলৰ লগত নিজকে খাপ খুৱাব পৰা নাই । দলটোৰ তৃণমূলৰ সৈতে সম্পৰ্ক সম্পূৰ্ণৰূপে ভাঙি গৈছে, যিটোৱে নতুন ভাৰতৰ আকাংক্ষা একেবাৰেই বুজিব পৰা নাই ।

যাৰ বাবে দলটো ক্ষমতালৈ আহিব পৰা নাই আৰু শক্তিশালী বিৰোধীৰ ভূমিকাও ল'ব পৰা নাই । এইটোৱে মোৰ দৰে কৰ্মী এজনক নিৰুৎসাহিত কৰে । বৃহৎ নেতা আৰু তৃণমূল কৰ্মীৰ মাজৰ ব্যৱধান দূৰ কৰাটো অতি কঠিন, যিটো ৰাজনৈতিকভাৱে প্ৰয়োজনীয় । যেতিয়ালৈকে কোনো কৰ্মীয়ে নিজৰ নেতাক প্ৰত্যক্ষ পৰামৰ্শ দিব নোৱাৰে তেতিয়ালৈকে কোনো ইতিবাচক পৰিৱৰ্তন সম্ভৱ নহয় ।"

গৌৰৱৰ মতে, অৰ্থনৈতিক বিষয়ত কংগ্ৰেছৰ বৰ্তমানৰ মনোভাৱ সদায় দেশৰ 'সম্পত্তি সৃষ্টিকৰ্তা'ক অপমান কৰা আৰু দুৰ্ব্যৱহাৰ কৰা । দেশত সংঘটিত হোৱা প্ৰতিটো বিনিয়োগক লৈ দলৰ মতামত সদায় নেতিবাচক আছিল । আমাৰ দেশত ব্যৱসায় কৰি টকা উপাৰ্জন কৰাটো ভুল নেকি ? তেওঁ দলৰ সভাপতিক কয় যে আজি দলটো যি দিশাহীনভাৱে আগবাঢ়িছে, তাত তেওঁ আৰাম অনুভৱ কৰা নাই । সেয়েহে কংগ্ৰেছ দলৰ সকলো পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰাও পদত্যাগ কৰিছে ।

লগতে পঢ়ক: কংগ্ৰেছত অব্যাহত খহনীয়া : পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে - Romen Borthakur Resigns Congress

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.