ETV Bharat / politics

গৌৰৱ গগৈ হ’ব নেকি ২০২৬ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধান মুখ ! - MP GAURAV GOGOI

Behali Assembly constituency : বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনত দলৰ হাইকামাণ্ডৰ ওচৰত কিয় গুৰুত্ব বাঢ়িল গৌৰৱ গগৈৰ ?

MP GAURAV GOGOI
কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 7:15 AM IST

গুৱাহাটী : অসমৰ প্ৰেক্ষাপটত দিল্লীৰ হাইকামাণ্ডৰ ওচৰত গুৰুত্ব বাঢ়িছে গৌৰৱ গগৈৰ ! অসমৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনে কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈক অসমৰ ৰাজনীতিত অধিক প্ৰাসংগিক কৰি তুলিছে ৷

অসমৰ ৰাজনৈতিক মহলত চৰ্চা হৈছে- ২০২৬ত অসমত হ’বলগীয়া বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক মুখ হিচাবে লৈয়েই নিৰ্বাচন খেলিব কংগ্ৰেছে । কাৰণ উপ-নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনেই দিলে ইয়াৰ স্পষ্ট ইংগিত ৷

কিয় অধিক প্ৰাসংগিক হৈছে গৌৰৱ গগৈ ?

লোকসভা নিৰ্বাচনৰ পিচতেই অসমত আগন্তুক দুবছৰ মনোনিৱেশ কৰিব বিচাৰো বুলি ঘোষণা কৰিছিল গৌৰৱ গগৈয়ে । সেই অনুসৰিয়েই গৌৰৱ গগৈক এইবাৰ উপ-নিৰ্বাচনত সক্ৰিয় ৰূপত দেখা গ’ল ৷ বিহালীৰ দায়িত্ব দলীয়ভাৱে দিয়া হ’ল গৌৰৱ গগৈক।

উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ টা সমষ্টিৰ ভিতৰত বিহালী বিধানসভা সমষ্টিত কংগ্ৰেছৰ নেতৃত্বত গঠিত বিজেপি বিৰোধী উমৈহতীয়া মঞ্চ-অসম সন্মিলিত মৰ্চাৰ পৰা প্ৰাৰ্থী দিয়াৰ কথা আছিল ৷ কিন্তু শেষত গৌৰৱ গগৈৰ ইচ্ছানুসৰিয়েই কংগ্ৰেছ হাইকামাণ্ডে নিজা প্ৰাৰ্থীৰূপে টিকট নাপাই দলত্যাগ কৰা প্ৰাক্তন বিজেপি নেতা জয়ন্ত বৰাক সমষ্টিটোত প্ৰাৰ্থিত্ব দিয়ে ৷

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছিল বিৰোধীৰ ঐক্যমঞ্চৰ পৰা এজন প্ৰাৰ্থী দিয়াৰ পক্ষে ৷ দেখা গ’ল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই নিজৰ মিত্ৰজোঁটৰ সকলোকে অসন্তুষ্ট কৰি হ’লেও ৰক্ষা কৰিলে গৌৰৱ গগৈৰ কথা । সেয়ে এতিয়া চৰ্চা আৰু সমালোচনাৰ মধ্যবিন্দু হৈ পৰিছে গৌৰৱ গগৈ ।

কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী:

শুকুৰবাৰে বিহালীত বিহালী উপ-নিৰ্বাচনত অসম সন্মিলিত মঞ্চই নিজাববীয়া প্ৰাৰ্থী ৰূপে চিপিআই (এম এল)ৰ লক্ষীকান্ত কুৰ্মীৰ মনোনয়ন পত্ৰ দাখিল কৰে । কংগ্ৰেছৰ মিত্ৰজোঁট 'অসম’ৰ প্ৰাৰ্থী নিৰ্ধাৰিত হোৱাৰ পাছতো কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অসম সন্মিলিত মৰ্চাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে ৷ আনহাতে, অসম সন্মিলিত মৰ্চাৰ আন নেতাসকল গৌৰৱ গগৈ আৰু কংগ্ৰেছ নেতৃত্বৰ ওপৰত খৰ্গহস্ত হৈ পৰে ।

গৌৰৱ গগৈৰ বাবেই বিৰোধীৰ মিত্ৰতাত ফাট মেলাৰ অভিযোগ উঠিছে ৷ “বিৰোধীৰ একতাত ভাঙোন অহাৰ কাৰণ গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ ক্ষমতাৰ যুঁজহে”- বুলি বিৰোধী দল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে মুকলি মন্তব্য কৰে । অসমত বিৰোধীৰ ঐক্যমঞ্চ ভাঙি যোৱাৰ উপক্ৰম হোৱাৰ সময়তে ঐক্যমঞ্চ অব্যাহত ৰখাৰ কথা ঘোষণা কৰে অসম সন্মিলিত মঞ্চৰ নেতৃত্বই ৷

কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে

কংগ্ৰেছ অবিহনেই বিজেপি বিৰোধীৰ অসম সন্মিলিত মৰ্চাই নিৰ্বাচন কৰিলে নতুন সভাপতি । আনহাতে,অসম সন্মিলিত মৰ্চাৰ নতুন সভাপতি অজিত কুমাৰ ভূঞাই শুকুৰবাৰে কয়, “কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছে ৷ অহংকাৰ হৈছে কংগ্ৰেছ দলৰ ৷ যাৰ ফলত আমি অসম সন্মিলিত মঞ্চৰ ফালৰ পৰা চি পি আই এম এল দলৰ প্ৰাৰ্থী দিছো । সম্পূৰ্ণভাৱে আমি সহযোগিতা কৰিম ৷”

২০২৬ৰ বাবে মিত্ৰ দলৰে পুনৰ কথা পাতিব কংগ্ৰেছে :

বিহালীক লৈ অসম সন্মিলিত মৰ্চাৰে কংগ্ৰেছৰ তিক্ততাপূৰ্ণ পৰিৱেশৰ মাজতে শুকুৰবাৰে সাংসদ গৌৰৱ গগৈয়ে বিহালীত আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বঙাইগাঁৱত ২০২৬ত বিৰোধী দলৰ সৈতে মিত্ৰতা ৰক্ষাৰ কথা দোহাৰে ৷ বিহালীত দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ মনোনয়ন দাখিল কৰাৰ লগতে প্ৰচাৰ চলাই পৰৱৰ্তী সময়ত কংগ্ৰেছ মিত্ৰ দলৰ সৈতে আলোচনাত বহাৰ ইংগিত দিয়ে গৌৰৱ গগৈয়ে ৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ মিত্ৰ দলৰ সৈতে কথা পতাৰ বাবে বাট খোলা ৰাখিলে গৌৰৱ গগৈয়ে ।

শুকুৰবাৰে সাংসদ গগৈয়ে বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাই কয়, “আমি সদায় মিত্ৰতা ৰাখিবলৈ বিচাৰো ৷ সকলোৰে লগত আমি সন্মান সহকাৰে কথা পাতিব বিচাৰো । ভৱিষ্যত অসম সন্মিলিত মৰ্চাৰ সৈতে আলোচনা হ'ব ৷ আমি তেওঁলোকৰ কথা শুনিম । যদিও ক’ৰবাত আমাৰ মন অমিল হৈছে মিলাবলৈ চেষ্টা কৰিম ।”

আনহাতে ভূপেন বৰাই কয়, “আমি পুনৰ মিত্ৰতা কৰিম ২০২৬ত ৷ মই চিপিআই(এমএল)ৰ বিবেক দাসৰ সৈতে কথা পাতিম ৷ ২০২৬ত বিহালী সমষ্টিত বিবেক দাস আমাৰ প্ৰাৰ্থী হ’ব ৷” বিৰোধী মিত্ৰদলৰে যে ২০২৬ৰ বিধানসভাৰ বাবে কংগ্ৰেছে পুনৰ কথা পাতিব সেয়া গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ ভাষ্যতেই প্ৰায় স্পষ্ট হৈছে ।

কিন্তু বিহালীৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ ৰাজনীতিৰ পিচত এতিয়া অসমৰ ৰাজনীতিত প্ৰশ্ন উঠিছে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছ কাষ চাপিব নেকি বিৰোধীৰ বিজেপি বিৰোধী মৰ্চাৰ ? ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈক প্ৰধান মুখ হিচাবে লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি কংগ্ৰেছ ?

লগতে পঢ়ক:গজদন্ত মিনাৰ চুইছেগৈ গৌৰৱৰ অহংকাৰে: হিয়া উজাৰি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অখিল গগৈয়ে

প্ৰাৰ্থী ঘোষণা হোৱাই নাই; বিহালীত সদলবলে প্ৰচাৰত নামিল গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.