ETV Bharat / politics

লোকসভা নিৰ্বাচন: গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কি বিচাৰে? - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

চলিত নিৰ্বাচনত কি বিচাৰে নৱ প্ৰজন্মৰ ভোটাৰসকলে ? নিৰ্বাচন সন্দৰ্ভত গুৱাহাটী কমাৰ্চ মহাবিদ্যালয়ত অধ্যয়নৰত নৱ-প্ৰজন্মৰ ভোটাৰৰ মনৰ কথাৰে এক প্ৰতিবেদন ৷

GAUHATI COMMERCE COLLEGE
গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কি বিচাৰে?
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 4:40 PM IST

গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কি বিচাৰে?

গুৱাহাটী, 25 এপ্ৰিল: দেশৰ সমান্তৰালকৈ ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনৰ গৰম বতাহ । ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । শুকুৰবাৰে ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । আনহাতে ৭ মে’ অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ।

এখন গণতান্ত্ৰিক দেশত ৰাইজেই ৰজা বুলি কোৱা হয় । তেনে পৰিপ্ৰেক্ষিতত চলিত এই লোকসভা নিৰ্বাচনত যুৱ প্ৰজন্ম তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰা ছাত্ৰ সমাজৰ দেশৰ ৰাজনীতিত ভূমিকা অতি গুৰুত্বপূৰ্ণ । যুৱ প্ৰজন্ম তথা নতুনকৈ ভোটাধিকাৰ লাভ কৰাসকলৰ মনৰ বতৰা জানিবলৈ ই টিভি ভাৰতৰ সাংবাদিক উপস্থিত হৈছিল গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান কমাৰ্চ মহাবিদ্যালয়ত ।

চলিত লোকসভা নিৰ্বাচন সম্পৰ্কে নিজৰ মতামত দাঙি ধৰি কমাৰ্চ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কয় যে ৰাস্তা-ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষা আদি সমস্যাৰ সমাধান হোৱাটো বিচাৰে তেওঁলোকে । দেশত এখন কল্যাণকামী আৰু সংবিধান ৰক্ষা কৰাৰ চৰকাৰ আশা কৰিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে । ছাত্ৰ-ছাত্ৰী হিচাপে শিক্ষাৰ ক্ষেত্ৰত অধিক আগবঢ়াই নিয়াটো বিচাৰে ছাত্ৰ-ছাত্ৰীসকলে । তদুপৰি নিবনুৱা সমস্যাক দেশৰ এক প্ৰধান সমস্যা হিচাপে গণ্য কৰি সেই সমস্যা সমাধান কৰি মানৱ সম্পদসমূহ সঠিকভাৱে ব্যৱহাৰ কৰাটো ছাত্ৰ-ছাত্ৰীসকলে বিচাৰে ।

মুঠৰ ওপৰত ৰাইজৰ হৈ মাত মতা, ৰাইজৰ সমস্যা সমাধান কৰা এগৰাকী উপযুক্ত প্ৰাৰ্থী বিচাৰে গুৱাহাটী কমাৰ্চ মহাবিদ্যালয়ত অধ্যয়নৰত নৱ-প্ৰজন্মৰ ভোটাৰসকলে । তদুপৰি সকলো লোক ওলাই আহি বহুমূলীয়া ভোটদান কৰি এখন সুস্থ সমাজ গঢ়ি তোলাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সকলোকে আহ্বান জনায় ৷

লগতে পঢ়ক: যুৱ কণ্ঠ : লোকসভা নিৰ্বাচন সন্দৰ্ভত বেলতলা মহাবিদ্যালয়ৰ ন-ভোটাৰৰ মনৰ বতৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.