ETV Bharat / politics

বিজেপি ত্যাগৰ এদিন পিচতে কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 7:32 PM IST

Aminul Haque Laskar: বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰৰ লগতে কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়ক গোপীনাথ দাস, এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা ৰাজীৱ আহমেদ আৰু তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক শান্তি কুমাৰ সিঙৰ ।

Aminul Haque Laskar
কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে

গুৱাহাটী, ২০ মাৰ্চ: বিজেপি ত্যাগ কৰাৰ এদিন পিচতেই কংগ্ৰেছত যোগ দিলে বিজেপিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে । লক্ষ্যণীয় বিষয় যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দল বাগৰাৰ ৰাজনীতি অধিক তীব্ৰতৰ হৈ পৰিছে । মঙলবাৰে বিজেপি দল ত্যাগ কৰা সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে আজি কংগ্ৰেছ দলত যোগদান কৰে ।

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি ভালেসংখ্যক নেতাৰ উপস্থিতিত আমিনুল হক লস্কৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত চামিল হয় ।

আনহাতে একেটা অনুষ্ঠানতে প্ৰাক্তন বিধায়ক গোপীনাথ দাস, এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা ৰাজীৱ আহমেদ আৰু তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক শান্তি কুমাৰ সিঙে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে । চাৰিওজন নেতাই ভালসংখ্যক কৰ্মী আৰু সমৰ্থক লৈ কংগ্ৰেছত যোগদান কৰে ।

দলত সকলোকে আদৰণি জনাই কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে কয় যে কোনোধৰণৰ চৰ্ত অবিহনে কংগ্ৰেছ দলত সকলোৱে যোগদান কৰিছে । বিজেপি দলত ভয়-ভাবুকি নাইবা প্ৰলোভন দি যোগদান কৰোৱা হয় । বিজেপিৰ অপশাসনৰ পৰা দেশক মুক্ত কৰি ন্যায় দিয়াৰ বাবে কংগ্ৰেছ শাসনলৈ আহিব বুলি তেওঁ কয় ।

আনহাতে অগপ দল বিজেপিৰ ৰিমৰ্ট কন্ট্ৰলত চলে বুলি সদৰী কৰি তেওঁ কয় যে সাম্প্ৰদায়িক এ আই ইউ ডি এফ দলটো বিজেপিৰ 'বি' টীম । তেওঁ লগতে ভৱিষ্যদ্বাণী কৰি কয় যে ধুবুৰী সমষ্টিত লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন জয়ী হ'ব ।

কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাসকলক লালসাৰ বাবে যোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে তাত তেওঁলোকৰ কোনো স্থান নাই । বিজেপিৰ ব্যৱহাৰ কৰি পেলাই দিয়াটো ভালদৰে জানে । তেওঁ কয় যে কংগ্ৰেছত সকলো পৰিয়ালৰ দৰে আৰু সকলোৱে সমমৰ্যাদা লাভ কৰে ।

যোগদান সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ১৩ টা লোকসভা সমষ্টিত কংগ্ৰেছ দলে দিয়া প্ৰাৰ্থীসকলক সকলোৱে উপযুক্ত প্ৰাৰ্থী বুলি মতামত দিছে । যিটো গৌৰৱৰ বিষয় । কংগ্ৰেছ দলটোক শক্তিশালী কৰাৰ বাবে আজি বিভিন্ন দলৰ অভিজ্ঞ নেতাই কংগ্ৰেছত যোগদান কৰা বুলি সদৰী কৰি তেওঁ কয় যে অসমৰ ৰাইজ আমাৰ ভাগ্যবিধাতা ।

বিজেপি দলে ৰাইজক প্ৰৰোচনা কৰাৰ বিভিন্ন প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এইবাৰ ৰাইজে বেলেটত প্ৰতিশোধ ল'ব । তেওঁ লগতে কয় যে কংগ্ৰেছ দলৰ বিজেপিৰ দৰে ছিণ্ডিকেটৰ টকা নাই । চাকৰিৰ নামত বাজপেয়ী ভৱনৰ দৰে কংগ্ৰেছে বজাৰ বহুওৱা নাই ।

ভাষণ প্ৰসংগত তেওঁ বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বিজেপিক সম্পূৰ্ণৰূপে উৎখাত নকৰাপৰ্যন্ত কংগ্ৰেছ দল ক্ষান্ত নাথাকে । ধুবুৰী সমষ্টিত ব্যক্তিগত স্বাৰ্থৰ বাবে ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিয়া হোৱা নাই বুলি সদৰী ভূপেন বৰাই কয় যে এই যুঁজ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ।

সভাত কংগ্ৰেছ দলত যোগদান কৰা বিজেপি দলৰ সোণাই সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে কয় যে মঙলবাৰে দুপৰীয়া বিজেপিৰে থকা ১৩ বছৰীয়া সম্পৰ্ক তেওঁ ত্যাগ কৰে আৰু আজি কংগ্ৰেছ দলৰ সদস্য হয় । পৰিৱৰ্তনৰ কথা কোৱা বিজেপিৰ চৰিত্ৰ আৰু মানসিকতাৰ পৰিৱৰ্তন হোৱা বুলি সদৰী কৰি তেওঁ কয় যে বৰ্তমান সময়ত সাম্প্ৰদায়িক এ আই ইউ ডি এফ দলক বাদ দি বিজেপি চলিব নোৱাৰে ।

জাতি-ধৰ্মৰ ৰাজনীতি কৰা বিজেপি দলত থাকিব নোৱাৰি বাবেই ওলাই আহি মানুহৰ ৰাজনীতি কৰা কংগ্ৰেছ দলত যোগদান কৰা বুলি আমিনুল হক লস্কৰে মন্তব্য কৰে । আনহাতে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক গোপীনাথ দাসে কয় যে পুনৰ নিজৰ ঘৰলৈ তেওঁ উভতি আহিল । ২০১১ চনৰ পৰা বৰ্তমানলৈ আন দলত থাকি মানসিক অশান্তিত আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে আজি পুনৰ কংগ্ৰেছ দললৈ আহি তেওঁ শান্তি লাভ কৰিছে ।

সভাত কংগ্ৰেছত যোগদান কৰা এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা ৰাজীৱ আহমেদ আৰু তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক শান্তি কুমাৰ সিঙেও নিজৰ মনৰ ভাৱ ব্যক্ত কৰে । সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা নন্দিতা দাস, বিধায়ক জাকিৰ হুছেইন সিকাদাৰকে ধৰি ভালেসংখ্যক নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: অজাপ ত্যাগ দুলু আহমেদৰ: চাটুকাৰিতাৰ ৰাজনীতি কৰাৰ অভিযোগ লুৰীণৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.