গুৱাহাটী, 18 জুলাই : পুনৰ ঘৰলৈ ঘূৰিল দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভা ৷ টিকটবঞ্চিত হৈ বিজেপি ত্যাগ কৰা দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দীপক কুমাৰ ৰাভাই বৃহস্পতিবাৰে পুনৰ দললৈ প্ৰত্যাৱৰ্তন কৰে ৷ দল এৰি যোৱা প্ৰাক্তন বিধায়কজনে আজি পুনৰ বিজেপিত যোগদান কৰে ৷ ৰাভা জনগোষ্ঠীৰ এজন প্ৰভাৱশালী নেতা হিচাপে পৰিচিত দীপক কুমাৰ ৰাভাৰ বিজেপিত যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷
উল্লেখ্য যে আজি বাজপেয়ী ভৱনত দীপক কুমাৰ ৰাভাসহ শতাধিক লোকে বিজেপিত যোগদান কৰে ৷ এই কাৰ্যসূচীত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে যোগদান কৰাসকলক আদৰণি জনায় ৷ দীপক কুমাৰ ৰাভাই বকো, দুধনৈ আৰু পশ্চিম গোৱালপাৰাৰ 50 তকৈ অধিক সমৰ্থকৰ সৈতে বিজেপিত যোগদান কৰে ৷ আনহাতে এই অনুষ্ঠানতে ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কেবাগৰাকী জনগোষ্ঠীয় নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷
অনুষ্ঠানত ভাষণ দি বিজেপিৰ ৰাজ্যিক ভৱেশ কলিতাই কয় যে লোকসভা নিৰ্বাচনৰ পিচত আকৌ দলত যোগদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ আজি শতাধিক লোকে যোগদান কৰিছে ৷ দীপক ৰাভাই যোৱা বিধানসভা নিৰ্বাচনত দল ত্যাগ কৰিছিল ৷ ৰাভাৰ পুনৰ যোগদানে বকো, দুধনৈ,পশ্চিম গোৱালপাৰাত সংগঠন শক্তিশালী হ'ব ৷ তেওঁ কয় যে ডিমা হাচাওত এতিয়া বিৰোধী শূণ্য, সকলো বিজেপিলৈ আহিছে ৷ তেওঁ দুধনৈতো যোগদান সভা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে ৷ এই অনুষ্ঠানত বকো, দুধনৈ,পশ্চিম গোৱালপাৰাৰ বহু লোকে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে ৷
ভৱেশ কলিতাই কয় যে, দীপক ৰাভা তিনি বছৰ দলৰ পৰা আতৰি আছিল ৷ দীপকৰ যোগদানে দুধনৈ, বকো আৰু পশ্চিম গোৱালপাৰা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দল নিশ্চিতভাৱে জয়ী হোৱাত সহায় হ’ব ৷ বিজেপিত যোগদান কৰি দীপক কুমাৰ ৰাভাই সাংবাদিকক কয় যে বিগত বিধানসভা নিৰ্বাচনত টিকট নোপোৱাৰ বাবে দল ত্যাগ কৰিছিল ৷ কিন্তু দলৰ লগত সম্পৰ্ক ছিন্ন কৰা নাছিল ৷ তেওঁ কয়- 'দললৈ আকৌ উভতি আহিছো ৷ অলপ ভুল বুজাবুজি হৈছিল ৷ কিন্তু এতিয়া নাই ৷'
লগতে পঢ়ক : প্ৰতিযোগিতা বাঢ়িছে, কংগ্ৰেছে সলাব ৰণকৌশল : প্ৰদেশ কংগ্ৰেছ কমিটিৰ মতে নহ’ব সকলো সিদ্ধান্ত - Assam Congress