ETV Bharat / politics

আপ নতুন পুলি আৰু নতুন চোলা : ঋষিৰাজ কৌণ্ডিন্য - Lok Sabha Election 2024

বিজেপিয়ে এতিয়া প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে- এই অভিযোগ শোণিতপুৰ সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ ৷ ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে ঋষিৰাজ কৌণ্ডিন্যৰ এক আছুতীয়া সাক্ষাৎকাৰ-

author img

By ETV Bharat Assamese Team

Published : Apr 12, 2024, 10:21 PM IST

LOK SABHA ELECTION 2024
শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ সাক্ষাৎকাৰ
ঋষিৰাজ কৌণ্ডিন্যৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

তেজপুৰ, 12 এপ্ৰিল : "আপ কেতিয়াবা বাপো হয় ৷ আপ নতুন পুলি আৰু নতুন চোলা ৷ বিহুত পুৰণা কাপোৰ পেলাই দিয়াৰ দৰে বিজপিকো পেলাই দিব ৷ পুৰণা ফটা কাপোৰৰে উলংগ দেহা দেখা পায় ৷" এই মন্তব্য শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে প্ৰচাৰ ৷ আক্ৰমণ-প্ৰত্যক্ৰমণেৰে এতিয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আকৰ্ষণীয় হৈ পৰিছে ৷ 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয় যে বিজেপিৰ লগত মূল যুঁজ হ’ব শোণিতপুৰত ৷ অসমত বিজেপি চৰকাৰে মহিলাসকলক 10 হাজাৰ টকা দিয়াৰ নামত বিজেপি দলৰ হৈ কাম কৰিবলৈ শপত গ্ৰহণ কৰাইছে বুলি অভিযোগ উত্থাপন কৰি এই কাৰ্যক গৰিহণা দিয়ে তেওঁ ৷ ই গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি বুলি কয় ঋষিৰাজ কৌণ্ডিন্যই ৷

তেওঁ কয় যে, ফটা চোলাৰ মাজেৰে যিদৰে দেহা দেখা যায় তেনেদৰে বিজেপিয়ে এতিয়া প্ৰকৃত স্বৰূপ উদঙাই দেখুৱাইছে ৷ লগতে চাহ বাগিচাৰ লোকে এতিয়া আপক সমৰ্থন কৰিছে বুলিও দাবী কৰে প্ৰাৰ্থীজনে ৷ তেওঁ কয় যে তেজপুৰত চৰকাৰে নটসূৰ্য ফণী শৰ্মাৰ সমাধি আজিও নিৰ্মাণ নকৰিলে ৷ আনকি ফণী শৰ্মাৰ অসুস্থ জ্যেষ্ঠ পুত্ৰৰ খবৰ লবলৈয়ো কাৰো আহৰি নাই বুলি ক্ষোভ প্ৰকাশ কৰে তেওঁ ৷

উল্লেখ্য যে, গৰু বিহুৰ দিনা অৰ্থাৎ শনিবাৰে তেজপুৰত উপস্থিত থাকিব আপৰ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷ বিশ্বনাথ চাৰিআলিত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ হৈ ৰোড শ্ব’ কৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : মাকুমত বিশাল নিৰ্বাচনী প্ৰচাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ - LOK Sabha ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.